শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: কাৰ হাতলৈ আহিব ধন, কোনে লাভ কৰিব চাকৰি? চাওক আজিৰ ৰাশিফল…

Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজি কিছুমান ৰাশিৰ লোকে চাকৰিত পদোন্নতি লাভ কৰিব পাৰে। ইয়াৰ লগতে কিছুমানে আৰ্থিক সমস্যাত পৰিব পাৰে।

Today’s horoscope: কাৰ হাতলৈ আহিব ধন, কোনে লাভ কৰিব চাকৰি? চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 03 Jun 2025 06:00 AM

আজি ৩ জুন, ২০২৫। আজিৰ দিনটো আপোনাৰ কেনে যাব? তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। চাকৰিত পদোন্নতিৰ যোগ আছে। কৰ্মক্ষেত্ৰত সংগীয়ে সহযোগ কৰিব। প্ৰেমত শুভ। কিন্তু স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন। আপোনাৰ কোনো মনৰ ইচ্ছা পূৰণ হ’ব পাৰে। ধৰ্মীয় কামত মন বাঢ়িব। ভ্ৰমণৰ পৰিকল্পনা কৰিব। পৰিয়ালৰ কোনো সদস্যৰ বেমাৰ হ’ব পাৰে।

বৃষ ৰাশিঃ আজিৰ দিনটোৱে আপোনাৰ বাবে ভাল পৰিমাণ লৈ আনিব পাৰে। ধনৰ ক্ষেত্ৰত আনৰ ওপৰত বেছি বিশ্বাস নকৰিব। শত্ৰুৰ পৰা সাৱধানে থাকিব। মাতৃয়ে কোনো কথাৰ বাবে আপোনাক বেয়া পাই থাকিব পাৰে। আনৰ কথাত বেছি মাত নামাতিব। কোনো বিষয়ত সমস্যা থাকিলে জ্যেষ্ঠজনৰ পৰামৰ্শ লওক। স্বাস্থ্য ভাল।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। কামত লৈ কোনো নতুন ধাৰণা মনলৈ আহিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন। ধনৰ সমস্যাই দেখা দিব পাৰে। গতিকে খৰচৰ ওপৰত গুৰুত্ব দিব। দূৰ সম্পৰ্কীয় কোনো লোকৰ পৰা বেয়া খবৰ পাব পাৰে। পুৰণি ভুল পোহৰলৈ আহিব। স্বাস্থ্যত গুৰুত্ব দিব।

কৰ্কট ৰাশিঃ আজিৰ দিনটোত আপোনাৰ মান-সন্মান বৃদ্ধিৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত পুৰস্কাৰ লাভ কৰিব পাৰে। সন্তানে যদি কোনো প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে তেন্তে ভাল খবৰ লাভ কৰিব। কামত লৈ পৰিকল্পনা কৰা প্ৰয়োজন। পৰিয়ালৰ সৈতে ভাল সময় কটাব। সংগীৰ কোনো কথাই দুখিত কৰিব পাৰে। স্বাস্থ্য ভাল।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। ধন লাভৰ যোগ আছে। কোনো সম্পদ আপুনি লাভ কৰিব পাৰে। প্ৰেমত শুভ। সংগীৰ পৰা লাভ কৰা পৰামৰ্শই মাগদৰ্শন কৰিব। ঘৰলৈ আলহী আহিব পাৰে। ব্যৱসায়ত পৰিবৰ্তন কৰিব বিচৰাসকলে ভাবি-চিন্তি সিদ্ধান্ত গ্ৰহণ কৰক। কামত খৰখেদা নকৰিব। স্বাস্থ্য ভাল।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে বিশেষ হ’ব। আপোনাৰ চাৰিওফালৰ পৰিবেশ ভাল থাকিব, যাৰ বাবে আপুনি সুখী হ’ব। সন্তানে আপোনাৰ বাবে কোনো চাৰপ্ৰাইজ প্লেন কৰিব পাৰে। নতুন বাহন ক্ৰয় কৰিব পাৰে। পুৰণি ভুলৰ পৰা শিক্ষা লোৱা দৰকাৰ। সংগীৰ সৈতে ভাল। স্বাস্থ্যত গুৰুত্ব দিব।

তুলা ৰাশিঃ আজি আপোনাৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। সম্পদ ক্ৰয় কৰাৰ আগত গুৰুত্ব দিয়া প্ৰয়োজন। সন্তানৰ অধ্যয়নক লৈ চিন্তিত হ’ব পাৰে। কাম কৰাৰ ক্ষেত্ৰত পৰিকল্পনা কৰা দৰকাৰ। আনক কথা কওতে সাৱধান হ’ব। কাৰোবাৰ লগত বিবাদ হয় যদি, নিজৰ ওপৰত ধৈৰ্য ৰাখিব। স্বাস্থ্যত গুৰুত্ব দিয়ক।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে। ৰাজনীতিৰ লগত জড়িতসকলে কোনো ডাঙৰ খবৰ লাভ কৰিব পাৰে। চাকৰি কৰাসকলে পদোন্নতি লাভ কৰিব পাৰে। ব্যৱসায়ত ভাল। পিতৃৰ কোনো স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। প্ৰেমত শুভ।

ধনু ৰাশিঃ আজি আপোনাৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। আপুনি অফিচৰ জ্যেষ্ঠজনৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰাৰ চেষ্টা কৰিব। চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। পৰিয়ালৰ ওপৰত গুৰুত্ব দিব লাগিব। খৰচত গুৰুত্ব দিয়া প্ৰয়োজন। ধনৰ সমস্যাই দেখা দিব পাৰে। কোনো কাম সম্পূৰ্ণ হোৱাত সমস্যা আহিব পাৰে। স্বাস্থ্য ভাল।

মকৰ ৰাশিঃ আজিৰ দিনটোত আপুনি খৰচৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ। পুৰণি কোনো বন্ধুক লগ পাব পাৰে। ব্যৱসায়ীসকলে সাৱধান হোৱা দৰকাৰ। সন্তানৰ ক্ষেত্ৰত কোনো সমস্যাই দেখা দিব পাৰে। আপুনি কোনো সামাজিক কামত অংশ গ্ৰহণ কৰিব পাৰে। ঘৰৰ লগতে বাহিৰৰ কামতো ব্যস্ত হ’ব পাৰে। স্বাস্থ্য ভাল।

কুম্ভ ৰাশিঃ আজিৰ দিনটোত আপুনি বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে। কোনো প্ৰতিশ্ৰুতি কৰিলে চিন্তা কৰিব। কৰ্মক্ষেত্ৰত আপুনি কোনো ভুল কৰিব পাৰে। ভ্ৰমণৰ যোগ আছে। ভ্ৰমণৰ সময়ত কোনো ডাঙৰ খবৰ লাভ কৰিব পাৰে। চাকৰিৰ বাবে বাহিৰলৈ যাব লাগিব পাৰে। পৰিয়ালত কোনো সমস্যা আহিব পাৰে। স্বাস্থ্য ভাল।

মীন ৰাশিঃ আজি দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ঘৰলৈ কোনো আলহী আহিব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটাব। আইনী কামত জ্যেষ্ঠজনৰ সহায় লোৱা দৰকাৰ। আয়ৰ নতুন বাট মুকলি হ’ব। যাৰ বাবে আপুনি সুখী হ’ব। ৰৈ থকা চৰকাৰী কাম সম্পূৰ্ণ হ’ব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ কথা চলিব পাৰে। স্বাস্থ্য ভাল।