Raksha bandhan 2025: কাইলৈ পবিত্ৰ ৰাখীবন্ধন, ভাতৃক কেতিয়া পিন্ধাব ৰাখী? জানক শুভ সময়
Raksha bandhan 2025 : ৰাখীবন্ধন ভাতৃ-ভগ্নীৰ অবিচ্ছেদ্য প্ৰেমৰ উৎসৱ। ভাতৃৰ হাতত ৰাখী বান্ধি দীৰ্ঘায়ু আৰু সুখ-সমৃদ্ধিৰ কামনা কৰে ভনীয়েকে। যদি আপুনিও ৰাখী বান্ধিবলৈ সাজু হৈছে, তেন্তে দিনটোৰ কোনটো সময় ৰাখী পিন্ধোৱাটো আটাইতকৈ শুভ সেই বিষয়ে জনাটো গুৰুত্বপূৰ্ণ।

Raksha bandhan 2025: ভাতৃ-ভগ্নীৰ পবিত্ৰ সম্পৰ্কৰ প্ৰতীক ৰাখীবন্ধন উৎসৱ। কাইলৈ অতি আড়ম্বৰেৰে উদযাপন কৰা হ’ব। এই দিনটোতে ভগ্নীসকলে ভাতৃৰ হাতৰ ৰাখী বান্ধি তেওঁলোকৰ সুখ, সমৃদ্ধি আৰু দীৰ্ঘায়ু কামনা কৰে। আনহাতে ভাতৃয়ে গোটেই জীৱন ভনীয়েকক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এইবাৰ ৰাখীবন্ধনৰ দিনা এক বিশেষ শুভ পৰিঘটনা সংঘটিত হৈছে, য’ত ৰাখী বান্ধিলে দুগুণ শুভ ফল পোৱা যাব। আজি জানক ৰাখী বান্ধিবলৈ শুভ সময়, গুৰুত্ব আৰু শুদ্ধ পদ্ধতিৰ বিষয়ে।
ৰাখীবন্ধনৰ শুভ সময়
জ্যোতিষৰ মতে ভদ্ৰ কালৰ সময়ত ৰাখী বান্ধি দিয়াটো অশুভ বুলি গণ্য কৰা হয়। এইবাৰ ভাল কথাটো হ’ল ভদ্ৰ কাল সূৰ্য্য উদয়ৰ আগতেই শেষ হৈ আছে, গতিকে গোটেই দিনটো ৰাখী বান্ধিব পাৰিব। কিন্তু তথাপিও ৰাখী বান্ধিবলৈ কিছুমান বিশেষ শুভ সময় আছে।
অমৃত কালঃ পুৱা ৬:০০ বজাৰ পৰা ৭:৩০ বজালৈ
শুভ চৌঘাড়িয়াঃ দুপৰীয়া ১২ বজাৰ পৰা ১:৩০ বজালৈ
অভিজিত মূহুৰ্তঃ নিশা ১২:০০ বজাৰ পৰা ১২:৫০ বজালৈ




ৰাখীবন্ধনৰ গুৰুত্ব
ৰাখীবন্ধন কেৱল উৎসৱ নহয়, ভাতৃ-ভগ্নীৰ মৰম, বিশ্বাস আৰু ইজনে সিজনক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতিৰ উদযাপন। প্ৰাচীন কালৰে পৰা এই দিনটোত ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী বান্ধি দীৰ্ঘায়ু, সুখ আৰু সমৃদ্ধিৰ কামনা কৰে। বিনিময়ত ভাতৃয়ে ভনীয়েকক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দি ভনীয়েকক উপহাৰ দিয়ে। এই উৎসৱে দেখুৱাইছে যে এই সম্পৰ্ক কিমান পবিত্ৰ আৰু শক্তিশালী, য’ত আছে ইজনে সিজনৰ প্ৰতি মৰম, সন্মান আৰু সমৰ্পণ।
লগতে পঢ়ক- ৰাখীবন্ধনত এইদৰে ভাতৃ-ভগ্নীক দিয়ক শুভেচ্ছা
অস্বীকাৰ: এই বাতৰিত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে নিশ্চিত নকৰে।