শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Today’s horoscope: আজি শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক ৰাশিফল…

Today's horoscope: হিন্দু ধৰ্মত ৰাশিফল ১২ টা। আজিৰ দিনটোত কিছু ৰাশিৰ লোকৰ চাকৰি লাভৰ যোগ আছে। ইয়াৰোপৰি কিছুমানে বাহন চলাওতে সাৱধান হোৱা প্ৰয়োজন।

Today’s horoscope: আজি শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক ৰাশিফল…
ৰাশিফলImage Credit source: GettyImage
barasha-sarma
Barasha Sarma | Published: 03 Oct 2025 06:00 AM

আজি ৩ অক্টোবৰ শুকুৰবাৰ। আজিৰ দিনটো আপোনাৰ কেনে যাব? আজিৰ ৰাশিফল চাওক-

মেঘ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ ঘৰলৈ সুখৰ আগমন ঘটিব। আৰ্থিক স্থিতি ভাল হ’ব। সন্তানৰ কোনো মনৰ ইচ্ছা পূৰণ হ’ব। সৰু সৰু কথাৰ বাবে সংগীৰ সৈতে কাজিয়া লাগিব পাৰে। বাহন চলাওতে সাৱধান হ’ব। ধন বিনিয়োগ কৰিলে ভাল ফল লাভ কৰিব। পৰিশ্ৰমৰ ফল লাভ কৰিব। স্বাস্থ্য ভাল।

বৃষ ৰাশিঃ আজিৰ দিনটো সামাজিক আৰু ধাৰ্মিক দিশৰ পৰা আপোনাৰ বাবে ভাল। সুযোগ পালে আনক সহায় কৰিব। পৈত্ৰিক সম্পত্তি লাভ কৰাৰ সম্ভাৱনা আছে। কিবা বস্তু দান কৰিব পাৰে। আনে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। সাৱধান থাকিব। অচিনাকী মানুহক বিশ্বাস নকৰিব। পাবলগীয়া ধন ঘূৰাই পাব। স্বাস্থ্য ভাল।

মিথুন ৰাশিঃ আজি ঘৰৰ লগতে আপুনি বাহিৰৰ কামতো গুৰুত্ব দিব। খৰচ বৃদ্ধি হ’ব পাৰে। মানসিকস্থিতি ভাল হ’ব। সন্তানৰ সৈতে কোনো কথাক লৈ কাজিয়া লাগিব পাৰে। উন্নতিত অহা বাধা দূৰ হ’ব পাৰে। মাতৃৰ সৈতে কোনো কথাত মতানৈক্য হ’ব পাৰে। শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া প্ৰয়োজন।

কৰ্কট ৰাশিঃ আজি আপোনাৰ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। ব্যৱসায়ত গুৰুত্ব দিয়া প্ৰয়োজন। পূৰণি কোনো বন্ধুক লগ পাব পাৰে। কামত নতুন সুযোগ লাভ কৰিব পাৰে। সুখ আহিব পাৰে। শাৰীৰিক সমস্যাই দেখা দিব পাৰে। প্ৰেমত শুভ। সংগীৰ সৈতে ভাল সময় কটাব পাৰে।

সিংহ ৰাশিঃ আজি আপোনাক কোনো বিশিষ্ট লোকে পদ প্ৰদৰ্শন কৰিব। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। কাৰোবাৰ সৈতে কাজিয়া লাগিব পাৰে। পাৰিবাৰিক সমস্যা আলোচনাৰ মাজেৰে সমাধান কৰাৰ চেষ্টা কৰিব। সামাজিক ক্ষেত্ৰত নতুন পৰিচয় লাভ কৰিব। দায়িত্ব বৃদ্ধি পাব পাৰে। স্বাস্থ্য ভাল।

কন্যা ৰাশিঃ শত্ৰুই আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। কামত সাৱধান হওক। আনক কথা কওতে সাৱধান হ’ব। বৈবাহিক জীৱনত সমস্যা আহিব পাৰে। সংগীক শ্ৰদ্ধা কৰিব। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। বহু দিনৰ পুৰণি বন্ধুক লগ পাব পাৰে।

তুলা ৰাশিঃ কেৰিয়াৰৰ ক্ষেত্ৰখনত আজি আপোনাৰ দিনটো ভাল। পৰিয়ালৰ কোনো সদস্যই বিয়াৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। কামক লৈ যদি কোনো সমস্যা চলি আছিল সেয়া দূৰ হ’ব। ক্ষোভ ত্যাগ কৰক। এলাহ ত্যাগ কৰক। ভ্ৰমণৰ সময়ত কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। স্বাস্থ্য ভাল।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে বিশেষ হ’ব। আনন্দৰে পাৰ হ’ব। সাহস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত কোনো সমস্যা আহিব পাৰে। ভাই-ভগ্নীৰ মাজত কিবা গুৰুত্বপূৰ্ণ আলোচনা হ’ব পাৰে। নতুন বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। চাকৰি বিচাৰি থকাসকলে কোনো ভাল খবৰ লাভ কৰিব পাৰে। স্বাস্থ্য ভাল।

ধনু ৰাশিঃ আজি আপুনি প্ৰত্যাহ্বানমূলক কামৰ পৰা নিজক আঁতৰত ৰাখিব। সংগীৰ সমৰ্থন লাভ কৰিব। কোনো ধৰ্মীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰে। খাদ্যত গুৰুত্ব দিব। পেটৰ কোনো সমস্যা হ’ব পাৰে। খৰচৰ ওপৰত গুৰুত্ব দিব। ধনৰ লগত জড়িত কোনো সমস্যা হ’ব পাৰে। ঘৰলৈ আলহী আহিব পাৰে।

মকৰ ৰাশিঃ আজি আপোনাৰ দিনটো ভাল হ’ব। আয় আৰু ব্যয়ৰ ওপৰত গুৰুত্ব দিব। ধৰ্মীয় কামত জড়িত হ’ব পাৰে। সন্তানৰ কামত গুৰুত্ব দিয়ক। সুখ বৃদ্ধি হোৱাৰ সম্ভাৱনা। নতুন কাম কৰাৰ ইচ্ছা জাগ্ৰত হব পাৰে। পিতৃ-মাতৃৰ আশীৰ্বাদত দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব পাৰে।

কুম্ভ ৰাশিঃ আজি আপুনি খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখা অতি আৱশ্যক। ৰাজনীতি আৰু সামাজিক কামত জড়িতসকলে সন্মান লাভ কৰিব। বন্ধুই সহায় কৰিব। চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। হাতলৈ ধন আহিব পাৰে। পৰিয়ালত কোনো সমস্যা হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যত গুৰুত্ব দিব।

মীন ৰাশিঃ আজি শত্ৰুই আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে। শিক্ষাৰ্থীসকলে পঢ়া-লিখাত গুৰুত্ব দিয়ক। সন্তানৰ পৰা কোনো ভাল খবৰ লাভ কৰিব। ধনৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে। আজি আপোনাৰ কোনো স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। প্ৰেমত শুভ। সংগীৰ পৰা কোনো ভাল খবৰ পাব পাৰে।