শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Raksha Bandhan 2025: ৰাখীবন্ধন কেতিয়া? জানক তাৰিখ, শুভ সময় আদি সকলো…

Raksha Bandhan 2025: প্ৰতিবছৰে ৰাখীবন্ধন পালন কৰা হয়। হিন্দু ধৰ্মত ৰাখীবন্ধনৰ বিশেষ মহত্ব আছে। এই দিনটোত ভগ্নীয়ে ভাতৃক ৰাখী পিন্ধায়। গতিকে প্ৰশ্ন হয়, চলিত বৰ্ষত ৰাখীবন্ধন কেতিয়া পালন কৰা হ'ব?

Raksha Bandhan 2025: ৰাখীবন্ধন কেতিয়া? জানক তাৰিখ, শুভ সময় আদি সকলো…
ৰাখীবন্ধন ২০২৫Image Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 29 Jul 2025 20:30 PM

হিন্দু ধৰ্মত ৰাখীবন্ধনৰ বিশেষ মহত্ব আছে। ৰাখীবন্ধন এক প্ৰাচীন হিন্দু উৎসৱ। ৰাখীবন্ধন ভাই-ভনীৰ পবিত্ৰ সম্পৰ্ক আৰু অবিচ্ছেদ্য বন্ধনৰ প্ৰতীক। এই দিনটোত ভগ্নীসকলে ভাতৃৰ হাতক ৰাখী পিন্ধাই তেওঁৰ উজ্বল আৰু দীৰ্ঘায়ু ভৱিষ্যতৰ কামনা কৰে।ইয়াৰ বিপৰীতে ভাতৃয়ে ভগ্নীক গোটেই জীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই দিনটোত ভাতৃয়ে ভগ্নীক উপহাৰো প্ৰদান কৰে। ঠাই ভেদে ৰাখীবন্ধন পালন কৰাৰ প্ৰক্ৰিয়া বেলেগ বেলেগ হয়। গতিকে প্ৰশ্ন হয়, ২০২৫ চনৰ ৰাখীবন্ধন কেতিয়া?

ৰাখীবন্ধন কেতিয়া

বৈদিক পঞ্জিকা অনুসৰি অহা ৮ আগষ্টৰ পুৱlতি নিশা ২:১২ বজাৰ পৰা শাওন মাহৰ পূৰ্ণিমাৰ তিথি আৰম্ভ হ’ব। ই ৯ আগষ্টৰ পিছদিনা নিশা ১:২৪ বজাত অন্ত পৰিব। উদয় তাৰিখ অনুসৰি অহা ৯ আগষ্টত ৰাখীবন্ধন পালন কৰা হ’ব।

শুভ সময়

হিন্দু পঞ্জিকা অনুসৰি, ৰাখীবন্ধনৰ দিনটোত ভাতৃক ৰাখী পিন্ধাবলৈ শুভ সময় হ’ব পুৱা ৫:৪৭ বজাৰ পৰা দুপৰীয়া ১:২৪ বজালৈ। ইয়াৰ মুঠ সময়সীমা ৭ ঘণ্টা ৩৭ মিনিট।

ৰাখী পিন্ধাৰ পদ্ধতি

ৰাখী বান্ধিবলৈ প্ৰথমে প্লেট এখন লৈ তাত ৰোলি, অক্ষত, ৰাখী, মিঠাই আৰু চাকি ৰাখক। তাৰ পাছত ভাইটী বা দাদাৰ সোঁ হাতত ৰাখী বান্ধি দিয়। ইয়াৰ পিছত ভাতৃৰ আৰতি কৰি তেওঁৰ সুখ আৰু সমৃদ্ধিৰ কামনা কৰক। পাছত মিঠাই খুৱাওক।

 

(অস্বীকাৰঃ ওপৰোক্ত লেখাটো ধৰ্মীয় বিশ্বাস তথা মান্যতাৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সৈতে টিভি অসমৰ কোনো সম্পৰ্ক নাই।)

 

 

অন্য খবৰ পঢ়কঃ Ganesh Chaturthi 2025: গণেশ চতুৰ্থী কেতিয়া? জানক দিন, পূজা কৰাৰ শুভ সময় আদি সকলো…