Janmashtami 2025 Date: অসমত কেতিয়া শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰিব? পূজাৰ তাৰিখ আৰু শুভ সময় জানি লওক
প্ৰতি বছৰে ভাদৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী উৎসৱ পালন কৰা হয়। সমগ্ৰ দেশতে এই দিনটো শ্ৰীকৃষ্ণৰ জন্মদিন হিচাপে অতি ধুমধামেৰে পালন কৰাৰ পৰম্পৰা আছে। কিন্তু অসমত পালন কৰাৰ নিয়মত কিছু অমিল আছে। ২০২৫ চনত জন্মাষ্টমী কেতিয়া আৰু পূজাৰ শুভ সময় কি হ'ব জানক।

Janmashtami date 2025: সমগ্ৰ দেশতে অতি আড়ম্বৰেৰে পালন কৰা হিন্দু ধৰ্মৰ অন্যতম প্ৰধান উৎসৱ কৃষ্ণ জন্মাষ্টমী। প্ৰতি বছৰে এই উৎসৱ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তাৰিখত পৰে। এই দিনটো ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মদিন হিচাপে পালন কৰা হয়। ভিন্ন প্ৰান্তত দুদিন ধৰি জন্মাষ্টমী উৎসৱ পালনৰ পৰম্পৰা আছে।
জন্মাষ্টমী ২০২৫ কেতিয়া?
পঞ্চাঙৰ তথ্য অনুসৰি ভদ্ৰপদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি অহা ১৫ আগষ্টৰ নিশা ১১:৪৯ বজাৰ পৰা আৰম্ভ হ’ব। আনহাতে, এই তিথি ১৬ আগষ্টৰ নিশা ৯:৩৪ বজাত শেষ হ’ব। এনে ক্ষেত্ৰত যদি উদয় তিথিৰ আধাৰত দেখা যায় তেন্তে জন্মাষ্টমী ১৬ আগষ্ট। জন্মাষ্টমীৰ পূজাৰ শুভ সময় ১৬ আগষ্টৰ পুৱা ১২:০৪ বজাৰ পৰা আৰম্ভ হ’ব আৰু পুৱা ১২:৪৭ বজালৈকে চলিব। এনে ক্ষেত্ৰত পূজাৰ বাবে মুঠ ৪৩ মিনিট সময় পাব।
ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল ৰোহিনী নক্ষত্ৰত
পৌৰাণিক বিশ্বাস অনুসৰি, ৰোহিনী নক্ষত্ৰত অষ্টমী তিথিৰ দিনা মাজনিশা ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। সেইবাবেই মাজনিশা অষ্টমী তিথি পৰে সেইদিনা উপবাস পালন আৰু জন্মাষ্টমী পূজা কৰাটো শুভ। অৱশ্যে আপোনাৰ পৰম্পৰা আৰু বিশ্বাস অনুসৰি ১৫ বা ১৬ আগষ্টত জন্মাষ্টমী পালন কৰিব পাৰি।
অসমত কেতিয়া?
অসমত ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিহে জন্মাষ্টমী পালন কৰাৰ নিয়ম আছে। শাওণ মাহত অসমত জন্মাষ্টমী পালন নকৰে। সেয়ে ১৬ আগষ্টত অসমত জন্মাষ্টমী পালন কৰা নহয়। কালচক্ৰ পুৰ্ণাংগ পঞ্জিকা অনুসৰি অসমত ২৮ ভাদত পালন কৰা হ’ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। ইংৰাজীৰ তাৰিখ অনুসৰি ১৪ ছেপ্তেম্বৰ, এই দিনটোত ৰাজ্য চৰকাৰেও চৰকাৰী বন্ধ ঘোষণা কৰিছে। ১৬ আগষ্ট শনিবাৰে বৃন্দাবনকে ধৰি ব্ৰজধামত কৃষ্ণ জন্মাষ্টমী উৎসৱ অতি আনন্দৰে পালন কৰা হ’ব।
শ্ৰীকৃষ্ণক কেনেকৈ পূজা কৰিব?
জন্মাষ্টমীৰ দিনা ৰাতি ভগৱান শ্ৰীকৃষ্ণক পূজা কৰাৰ পদ্ধতি তলত দিয়া হৈছে-
- স্নান:- ৰাতি ১২ বজাত ভগৱান শ্ৰীকৃষ্ণ বা লাড্ডু গোপালৰ মূৰ্তি পঞ্চমৃতেৰে গা ধোৱাব।
- শৃংগাৰ:- গা ধোৱাৰ পিছত শ্ৰীকৃষ্ণক নতুন কাপোৰ পিন্ধাই, চন্দনৰ তিলক, সুগন্ধি, ময়ুৰৰ পাখি, বাঁহী আৰু তুলসী পাত ইত্যাদিৰে শৃংগাৰ কৰিব লাগে।
- ঝুলনা:- ভগৱানক ঝুলনা বহাই ঝুলাব লাগে।
- ভোগ:- জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণক ঘিউ-চেনি, মিশ্ৰি, ফল-মূল, মিঠাই আৰু তুলসী পাত অৰ্পণ কৰিব।
- আৰতি:- তাৰ পিছত ঈশ্বৰৰ আৰতি কৰি “হৰে কৃষ্ণ হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে, হৰে ৰাম হৰে ৰাম, ৰাম ৰাম হৰে হৰে” মন্ত্ৰ জপ কৰিব।
- ব্ৰত ভংগ : – যদি আপুনি ব্ৰত ৰাখিছে তেন্তে পূজাৰ পিছত প্ৰসাদ গ্ৰহণ কৰি ৰোজা ভাঙিব।
(অস্বীকাৰ: এই বাতৰিত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। টিভি৯ অসমীয়া নিশ্চিত নকৰে।)