মানি চলক চাণক্যৰ এইসমূহ বাণী, সফলতাৰে উজলিব আপোনাৰ জীৱন…
আচাৰ্য চাণক্যৰ বাণীয়ে ভাৰতীয় সমাজক দিকদৰ্শন কৰি আহিছে। তেখেতে আগবঢ়াই যোৱা নীতি তথা পৰামৰ্শসমূহে ব্যক্তিক সাফল্যৰ দিশত আগবাঢ়ি যোৱাত সঠিক পথ দেখুৱায়। সেয়ে আজিৰ সময়তো চাণক্যৰ বাণী প্ৰাসঙ্গিক হৈ আছে। তেখেতে আগবঢ়াই যোৱা এনে কিছুমান পৰামৰ্শ মানি চলিলে আপুনিও জীৱনত লাভ কৰিব পাৰিব সফলতা। এনে কিছুমান পৰামৰ্শৰ বিষয়ে চাওঁ আহক।

ভাৰতীয় সমাজ-সংস্কৃতিত সদায়েই এক বিশেষ স্থান দখল কৰি আহিছে আচাৰ্য চাণক্যই। আচাৰ্য চাণক্যৰ বাণীয়ে ভাৰতীয় সমাজক দিকদৰ্শন কৰি আহিছে। তেখেতে আগবঢ়াই যোৱা নীতি তথা পৰামৰ্শসমূহে ব্যক্তিক সাফল্যৰ দিশত আগবাঢ়ি যোৱাত সঠিক পথ দেখুৱায়। সেয়ে আজিৰ সময়তো চাণক্যৰ বাণী প্ৰাসঙ্গিক হৈ আছে। তেখেতে আগবঢ়াই যোৱা এনে কিছুমান পৰামৰ্শ মানি চলিলে আপুনিও জীৱনত লাভ কৰিব পাৰিব সফলতা। এনে কিছুমান পৰামৰ্শৰ বিষয়ে চাওক-
সময়ৰ সদ্ব্যৱহাৰ
জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ হৈছে সময়। এবাৰ পাৰ হৈ যোৱা সময় জীৱনত কেতিয়াও ঘূৰি নাহে। এই কাৰণতে আচাৰ্য চাণক্যই সময় অপচয় কৰিব নালাগে বুলি কৈ গৈছে। জীৱনত হেৰুওৱা ধন আদায় কৰিব পাৰি যদিও পাৰ হৈ যোৱা সময়খিনি ঘূৰাই আনিব নোৱাৰি। গতিকে সময়ৰ ভালদৰে ব্যৱহাৰ কৰিব লাগে। চাণক্য নীতিয়ে কয় যে যদি আপুনি সফল হ’ব বিচাৰে তেন্তে এক সঠিক ৰুটিন বনাব লাগে। লগতে লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকিব লাগে।
আত্মনিয়ন্ত্ৰণ আৰু অনুশাসন
জীৱনত স্ফলতা লাভ কৰিবলৈ আত্মনিয়ন্ত্ৰণ আৰু অনুশাসন আটাইতকৈ গুৰুত্বপূৰ্ণ। আচাৰ্য চাণক্যই কৈছে যে এজন ব্যক্তিয়ে নিজৰ চিন্তা আৰু ইচ্ছাক নিয়ন্ত্ৰণ কৰিব লাগে। এই কাম কৰিব নোৱাৰা ব্যক্তি জীৱনত কেতিয়াও সফল হ’ব নোৱাৰে। গতিকে জীৱনত আত্মনিয়ন্ত্ৰণ আৰু অনুশাসন বজাই ৰাখিব লাগে।
লক্ষ্য নিৰ্ধাৰণ কৰক
জীৱনত সফল হ’বলৈ এজন ব্যক্তিৰ এক নিৰ্দিষ্ট তথা স্পষ্ট লক্ষ্য থকাটো অত্যন্ত প্ৰয়োজনীয়। আচাৰ্য চাণক্যৰ মতে, যি ব্যক্তিয়ে নিজৰ লক্ষ্যৰ বিষয়ে স্পষ্ট কৰে, তেওঁ কঠিন পৰিস্থিতিতো বাট বিচাৰি পায়। গতিকে নিজৰ বাবে এক লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে আৰু এই লক্ষ্য পূৰণৰ বাবে অবিৰতভাৱে কঠোৰ পৰিশ্ৰম কৰা উচিত।
সঠিক সংগী
প্ৰায়ে কোৱা হয় যে ব্যক্তিৰ সংগী যেনে হয়, তেওঁৰ গুণবোৰো সেইদৰেই দেখা যাব। আচাৰ্য চাণক্যয়ো কৈছে যে সংগীয়ে এগৰাকী ব্যক্তিৰ জীৱনত প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত ভাল মানুহৰ লগত বন্ধুত্ব গঢ়িব লাগে। আপোনাৰ বিকাশত সহায় কৰিব পৰা এনেকুৱা বন্ধু গঢ়ি তুলিব লাগে।
জ্ঞান
আচাৰ্য চাণক্যৰ মতে মানুহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হৈছে জ্ঞান। প্ৰতিটো পৰিস্থিতিত জ্ঞান ব্যক্তিগৰাকীৰ লগতে থাকে। জ্ঞানৰ সহায়ত এজন ব্যক্তিয়ে যিকোনো বাধা অতিক্ৰম কৰিব পাৰে। গতিকে প্ৰতিদিনে নতুন কোনো বিষয় অধ্যয়ন কৰি আৰু শিক্ষা লাভ কৰি নিজৰ জ্ঞান বৃদ্ধি কৰিব লাগে। এই অভ্যাসে আপোনাৰ জীৱনৰ সফলতাৰ নিশ্চয়তা প্ৰদান কৰিব।