ৰাসায়নিক পদাৰ্থ মিহলি বিলাহী এইদৰে কৰিব পাৰিব চিনাক্ত

19 MAY 2025

TV9 ASSAM

বিলাহী পকিবলৈ ইথেফন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। ই গছত ইথিলিন বৃদ্ধি কৰে, যাৰ ফলত বিলাহী সোনকালে পকিবলৈ সহায় কৰে।

বিলাহীত ইথেফন

সাধাৰণতে পকা বিলাহীৰ ৰং গাঢ় ৰঙা হয়। কিন্তু বজাৰৰ পৰা অনা বিলাহী যদি উজ্জ্বল ৰঙা হয়, তেতিয়া বুজিব যে এই বিলাহীত ৰাসায়নিক পদাৰ্থ মিশ্ৰিত।

বিলাহীৰ ৰং

বিলাহীৰ প্ৰাকৃতিক গোন্ধ মৃদু হয়, আনহাতে ৰাসায়নিকভাৱে পকোৱা বিলাহীৰ গোন্ধ প্ৰবল হয়, যাৰ সহায়ত ৰাসায়নিক দ্ৰব্য মিহলি বিলাহী চিনাক্ত কৰিব পাৰিব।

বিলাহীৰ সোৱাদ

বিলাহীৰ ছাললৈ লক্ষ্য কৰিও আপুনি চিনাক্ত কৰিব পাৰি। যদি বিলাহীৰ ছালখন ডাঠ বা কঠিন হয়, তেতিয়া এয়া ৰাসায়নিক দ্ৰব্য মিহলি।

বিলাহীৰ ছাল

বিলাহীখিনি পানীত ৩০ৰ পৰা ৪০ মিনিট তিয়াই থ’ব। যদি বিলাহীৰ পৰা কৃত্ৰিম ৰং ওলাবলৈ আৰম্ভ কৰে, তেতিয়া বুজিব যে এই বিলাহীত ৰাসায়নিক দ্ৰব্য মিহলি হৈ আছে।

এইদৰে চাওক

ৰাসায়নিক দ্ৰব্য মিহলি বিলাহী খালে মুখত ফোহা বা খজুৱতিৰ দৰে ছালৰ সমস্যা হ’ব পাৰে। গতিকে বজাৰৰ বিলাহী ভালদৰে চিনাক্ত কৰাৰ পিছতহে খাব লাগে।

ক্ষতিকাৰক

ৰাসায়নিক পদাৰ্থ মিহলি বিলাহী খালে পেটৰ সমস্যা যেনে কোষ্ঠকাঠিন্য, এচিডিটি আৰু বদহজমৰ সৃষ্টি হয়, যাৰ ফলত পাচনতন্ত্ৰ দুৰ্বল হৈ পৰে।

পাচনতন্ত্ৰ দুৰ্বল

পঢ়িবলৈ ক্লিক কৰক 

গৰম দিনত কিয় কাজিনেমুৰ ৰস খাব লাগে