পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! এই ৩ টা প্ৰশ্নৰ উত্তৰ দিয়া নাই জ্যোতি মালহোত্ৰাই, বিপথে পৰিচালিত কৰাৰ চেষ্টা তদন্তকাৰী সংস্থাক…
পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে জ্যোতি মালহোত্ৰা নামৰ ইউটিউবাৰগৰাকী। ৪টাকৈ তদন্তকাৰী সংস্থাই জেৰা চলোৱাৰ পাছতো জ্যোতিয়ে এতিয়ালৈকে কোনো বিশেষ উত্তৰ দিয়া নাই।

পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা হাৰিয়ানাৰ হিছাৰৰ জ্যোতি মালহোত্ৰাক জেৰা অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থাই। আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে চৰকাৰী গোপনীয়তা আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকীয়ে পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে অহৰহ যোগাযোগত আছিল আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিস্বৰূপ অফিচিয়েল গোপনীয়তা আইন উলংঘা কৰিছে। বৰ্তমান সময়ত সামাজিক মাধ্যমত তেওঁৰ কেইবাটাও ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত পাকিস্তানৰ প্ৰতি তেওঁৰ প্ৰেম দেখা পোৱা যায়।
আৰক্ষীয়ে জেৰাৰ সময়ত জ্যোতি মালহোত্ৰাৰ পৰা সকলো গোপন তথ্য উলিয়াবলৈ চেষ্টা কৰিছে। পাকিস্তানক জ্যোতি মালহোত্ৰাই কি কি তথ্য প্ৰদান কৰিছে সেই সম্পৰ্কে জনাৰো চেষ্টা কৰিছে আৰক্ষীয়ে। কিন্তু আচৰিত কথা এয়াই যে ৫ দিনৰ আৰক্ষীৰ জিম্মাত থকাৰ পাছতো জ্যোতিয়ে বেছিভাগ প্ৰশ্নৰ উত্তৰ দিয়া নাই। জ্যোতিয়ে কোনো প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিয়া নাই। কিন্তু কি ৩ টা প্ৰশ্নৰ পৰা আৰক্ষীক বিপথে পৰিচালিত কৰিব বিচাৰিছে জ্যোতিয়ে।
জানিব পৰা মতে, জ্যোতি মালহোত্ৰাক অহৰহ জেৰা চলাই আছে তদন্তকাৰী সংস্থাই। ইয়াৰ ভিতৰত এছ টি এফ, এন আই এ, আই বি আৰু হাৰিয়ানা আৰক্ষীৰ সামৰিক চোৰাংচোৱাৰ দল। জেৰাৰ সময়ত দলসমূহে বিভিন্ন তথ্য প্ৰকাশৰ চেষ্টা কৰিছে। জ্যোতিয়ে পাকিস্তানলৈ যোৱাৰ সময়ত কেনেকৈ ধন লাভ কৰিছিল সেই বিষয়েও কোনো তথ্য প্ৰকাশ কৰা নাই। অৱশ্যে জ্যোতিয়ে কৈছে যে, ভাৰতৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক (ভ্ৰমণৰ ক্ষেত্ৰত) পাকিস্তান দূতাবাসে স্পোনচাৰ কৰে। কিন্তু জ্যোতিৰ এই কথা বিশ্বাস কৰিব পৰা নাই তদন্তকাৰী সংস্থাই।
আৰক্ষীৰ জেৰাত জ্যোতিয়ে কৈছে যে, তেওঁ পাকিস্তান উচ্চায়ুক্তলৈ গৈ ভিছা বনাইছিল। তাতেই তেওঁ পাকিস্তানী বিষয়াসকলক লগ পাইছিল। জানিব পৰা মতে, জ্যোতিয়ে ভালদৰে খাদ্য গ্ৰহণ কৰা নাই আৰু শুৱাও নাই। আৰক্ষীয়ে সকলো সময়তে জ্যোতিৰ ওপৰত নজৰ ৰাখিছে।
কি তিনিটা প্ৰশ্নৰ উত্তৰ দিয়া নাই
- পাকিস্তান দূতাবাসৰ বিষয়া ডেনিছৰ সৈতে সম্পৰ্ক সন্দৰ্ভত কোনো প্ৰশ্নৰ সুনিৰ্দিষ্ট উত্তৰ এতিয়াও দিয়া নাই জ্যোতি মালহোত্ৰাই। উল্লেখ্য যে, ডেনিছৰ সৈতে তেওঁ কেইবাবাৰো অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল।
- জ্যোতি মালহোত্ৰাই পাকিস্তানৰ চোৰাংচোৱাক কি তথ্য প্ৰদান কৰিছে আৰু ISI ৰ পৰা তেওঁ কিমান টকা লাভ কৰিছে, সেই সন্দৰ্ভত প্ৰত্যক্ষ উত্তৰ দিয়া নাই।
- ভাৰতীয় সেনাৰ গোপন তথ্য পাকিস্তানক প্ৰদান কৰা সন্দৰ্ভত কোনো উত্তৰ প্ৰদান কৰা নাই জ্যোতিয়ে। তেওঁ এই ক্ষেত্ৰত হয় বা নহয় একো উত্তৰ প্ৰদান কৰা নাই।
অন্য খবৰ পঢ়কঃ ভিডিঅ’ আছিল অজুহাত! পাকিস্তানৰ খৰচত ভ্ৰমণ কৰিছিল দেশ-বিদেশ, জ্যোতি মালহোত্ৰাই ক’লে এই সত্য…