শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: মঙলবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Today's horoscope: হিন্দু ধৰ্মত ৰাশিফলৰ বিশেষ মহত্ব আছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব পাৰে।

Today’s horoscope: মঙলবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImage
barasha-sarma
Barasha Sarma | Updated On: 20 May 2025 06:35 AM

আজি ২০ মে’  মঙলবাৰ। আজিৰ দিনটোৰ ৰাশিফল তলত উল্লেখ কৰা হ’ল-

 

মেঘ ৰাশিঃ আজিৰ দিনটোক আপোনাৰ দায়িত্ব বাঢ়িব। আপুনি আপোনাৰ খৰচৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। আপুনি আয়ৰ ক্ষেত্ৰত গুৰুত্ব দিব। কিন্তু বেয়া পথেৰে ধন উপাৰ্জন কৰাৰ চেষ্টা নকৰিব। আপোনাৰ পুৰণি কোনো ভুল পৰিয়ালে গম পাব পাৰে। পাৰিবাৰিক সমস্যা সমাধান কৰাৰ চেষ্টা কৰিব। স্বাস্থ্যত গুৰুত্ব দিব।

বৃষ ৰাশিঃ আজিৰ দিনটোৱে আপোনাৰ বাবে লাভ লৈ আহিব। ব্যৱসায়ত গুৰুত্ব দিয়া ভাল। সঠিক পদ্ধতি গ্ৰহণ কৰিলেহে উন্নতি হ’ব। পুৰণি কোনো বন্ধুক দীৰ্ঘদিনৰ পাছত লগ পাব। ইয়াক লৈ আপুনি সুখী হ’ব। আইনী কোনো কামৰ ক্ষেত্ৰত আওকান নকৰিব। অন্যথা সমস্যা হ’ব পাৰে। প্ৰেমত শুভ। স্বাস্থ্য ভাল।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক হ’ব। কথা কওতে সাৱধান হ’ব। প্ৰেমত শুভ। সংগীৰ সৈতে ভ্ৰমণৰ যোগ আছে। সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব। কোনো কাম কৰিলে আজি সফলতা লাভ কৰিব। শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া ভাল। ঘৰলৈ আলহী আহিব পাৰে। স্বাস্থ্য ভাল।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে কিছু প্ৰত্যাহ্বানমূলক হ’ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো কাম সম্পূৰ্ণ হোৱাত সমস্যা আহিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। ভগৱানৰ প্ৰতি ভক্তি বাঢ়িব। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা আছে। চাকৰি কৰা সকলে কোনো ভাল খবৰ লাভ কৰিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

সিংহ ৰাশিঃ আজিৰ দিনটো কিছুমান সৃষ্টিশীল কামত জড়িত হ’ব পাৰে। জীৱনশৈলীত পৰিবৰ্তন অনাৰ চেষ্টা কৰিব। কোনো নতুন মানুহ লগ পাব,কিন্তু অচিনাকীৰ পৰা আঁতৰত থকাৰ প্ৰয়োজন। কথা কওতে সাৱধান হ’ব। কোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ বাবে আপুনি চেষ্টা কৰিব। মিত্ৰৰ ৰূপত শত্ৰুৰ পৰা সাৱধান হ’ব। স্বাস্থ্য ভাল।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আপোনাৰ কোনো মনৰ ইচ্ছা পূৰণ হ’ব। কোনো জৰুৰী কামৰ বাবে ভ্ৰমণ কৰিব লাগিব পাৰে। প্ৰেমত শুভ। যিকোনো কামতে সংগীৰ সমৰ্থন লাভ কৰিব। শিক্ষাৰ্থীসকলৰ শুভ। চিন্তাৰ পৰা মুক্তি লাভ কৰিব। স্বাস্থ্য ভাল। চাকৰি আৰু ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল।

তুলা ৰাশিঃ আজি আপোনাৰ কোনো মনৰ ইচ্ছা পূৰণ হ’ব। আনৰ কথাত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকক। চৰকাৰী আঁচনিৰ লাভ পাব। ঘৰত পূজা-পাঠৰ আয়োজন কৰিব পাৰে। প্ৰেমত শুভ। ছিংগল থকাসকলে আজি সংগী পাব পাৰে। আনক প্ৰতিশ্ৰুতি কৰাৰ আগতে চিন্তা কৰিব। কৰ্মক্ষেত্ৰত ভাল। সুখী থাকিব। স্বাস্থ্য ভাল।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপুনি ভালদৰে থকা দৰকাৰ। কোনো ব্যৱসায়িক কামত বিশ্বাসঘাটকতা লাভ কৰিব পাৰে। যদি কোনো আইনী কাম দীৰ্ঘদিন ধৰি ৰৈ আছে তেন্তে সেয়া সম্পূৰ্ণ হোৱাত বাধা আহিব পাৰে। আনৰ কথাত হস্তক্ষেপ নকৰিব। স্বাস্থ্যত গুৰুত্ব দিয়া আৱশ্যক। পুৰণি কোনো সমস্যাই চিন্তিত কৰিব পাৰে।

ধনু ৰাশিঃ আজিৰ দিনটো আপুনি ভাবি-চিন্তি কৰা আৱশ্যক। আপুনি কোনো লোকৰ সমৰ্থন লাভ কৰিব। চৰকাৰী চাকৰিৰ চেষ্টা কৰি থকাসকলে সুখবৰ লাভ কৰিব। আপোনাৰ চাৰিওফালৰ পৰিৱেশটো সুখকৰ হ’ব। কোনো কথা কোৱাৰ আগত সাৱধান হ’ব। পুৰণি বন্ধুত লগ পাব পাৰে। শিক্ষাৰ্থীসকলৰ শুভ। স্বাস্থ্যত ভাল।

মকৰ ৰাশিঃ চাকৰিয়ালসকলে আজি কোনো সিদ্ধান্ত লওতে সাৱধানে হ’ব। কোনো কামত অতিৰিক্ত ধন ব্যয় হ’ব পাৰে। নতুন সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা। কোনো সম্পদ বা গাড়ী-বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। খৰচত গুৰুত্ব দিব। অন্যথা সমস্যাৰ সৃষ্টি হ’ব পাৰে। সন্তানৰ ক্ষেত্ৰত গুৰুত্ব দিব। স্বাস্থ্যত গুৰুত্ব দিব।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সুখকৰ হ’ব। চাকৰি কৰাসকলো পদোন্নতি লাভ কৰিব পাৰে। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় যাত্ৰাত যাব পাৰে। বিবাহৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা দূৰ হ’ব পাৰে। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ কথাই মনত আঘাত দিব পাৰে। ব্যৱসায়ত নতুন কিবা কৰিব বিচৰাসকলে সফলতা লাভ কৰিব। স্বাস্থ্য ভাল।

মীন ৰাশিঃ আজিৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। অন্যথা ইয়াৰ ফল ভোগ কৰিব লাগিব পাৰে। যদি দীৰ্ঘদিন ধৰি কোনো কাম ৰৈ আছে তেন্তে সম্পূৰ্ণ হ’ব পাৰে। আৰ্থিক দিশত ভাবি-চিন্তি সিদ্ধান্ত গ্ৰহণ নকৰিব। মনৰ ইচ্ছা পূৰণ হোৱাৰ ফলত সুখী হ’ব। কৰ্মক্ষেত্ৰত ব্যৱস্থা বাঢ়িব। স্বাস্থ্য ভাল।