ভাৰতৰ কঠোৰ সিদ্ধান্তই বিপদত পেলাইছে বাংলাদেশক! লোকচান হাজাৰ কোটি টকা
ভাৰতৰ এক সিদ্ধান্তৰ পাছতে বিপদত বাংলাদেশ। বাংলাদেশৰ ৰেডিমেড গাৰ্মেণ্ট ,প্ৰচেছড ফুড আদিকে ধৰি বিভিন্ন সামগ্ৰী দেশৰ স্থল বন্দৰত প্ৰৱেশ কৰিব নোৱাৰে।
বিপদত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। শনিবাৰে ভাৰত চৰকাৰে লোৱা এক সিদ্ধান্তৰ পাছতে সমস্যাৰ সৃষ্টি হৈছে বাংলাদেশৰ বাণিজ্যিক ক্ষেত্ৰখনত। চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে, বাংলাদেশৰ ৰেডিমেড গাৰ্মেণ্ট ,প্ৰচেছড ফুড আদিকে ধৰি বিভিন্ন সামগ্ৰী দেশৰ স্থল বন্দৰত প্ৰৱেশ কৰিব নোৱাৰে। অৱশ্যে ইচ্ছা কৰিলে কলকাতা আৰু মুম্বাইৰ সাগৰীয় বন্দৰেৰে প্ৰৱেশ কৰিব পাৰিব। কিন্তু এই সিদ্ধান্তৰ বাবে এতিয়া দেশখনে সমস্যাত পৰিছে। জানিব পৰা মতে, ইয়াৰ বাবে দেশখনে হাজাৰ হাজাৰ কোটি টকাৰ লোকচান ভৰিব লাগিব।
জানিব পৰা মতে, বাংলাদেশে প্ৰতি বছৰে বিভিন্ন বন্দৰৰ জৰিয়তে কেৱল ভাৰতলৈ ৫ হাজাৰ কোটি টকাৰ কাপোৰ আৰু বস্ত্ৰজাত সামগ্ৰী প্ৰেৰণ কৰে। উল্লেখ্য কৰা প্ৰয়োজন যে, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ বৈদেশিক বাণিজ্য সঞ্চালকাল (DGFT)-য়ে এই ঘোষণা কৰিছিল।