একালৰ ঔপনিৱেশিক শাসক ইংলেণ্ডতকৈও আগত! ভাৰতৰ হাতত আছে ইমান পৰিমাণৰ সোণ…
সাম্প্ৰতিক সময়ত ভূ-ৰাজনৈতিক উত্তেজনা আৰু অৰ্থনৈতিক পৰিস্থিতিৰ মাজত নিজ দেশৰ অৰ্থনীতি শক্তিশালী কৰি ৰখাৰ বাবে বিশ্বৰ দেশসমূহে সোণৰ আশ্ৰয় লয়। ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতেও নিজৰ কোষাগাৰত বৃহৎ পৰিমাণৰ সোণ মজুত ৰাখিছে। লক্ষণীয়ভাৱে এই ক্ষেত্ৰত ইংলেণ্ডতকৈও আগত আছে ভাৰত।

পূৰ্বৰে পৰা সমাজত সোণক ঐশ্বৰ্য-বিভূতি তথা আঢ্যৱন্তৰ প্ৰতীক হিচাপে গণ্য কৰি অহা হৈছে। সাম্প্ৰতিক সময়ত ভূ-ৰাজনৈতিক উত্তেজনা আৰু অৰ্থনৈতিক পৰিস্থিতিৰ মাজত নিজ দেশৰ অৰ্থনীতি শক্তিশালী কৰি ৰখাৰ বাবে বিশ্বৰ দেশসমূহে সোণৰ ব্যৱহাৰ কৰে। আনকি আমেৰিকান ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈও বহু দেশে সোণৰ আশ্ৰয় লৈছে। দেশৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বিশ্বৰ সকলো দেশেই সোণ মজুত কৰি ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চাওঁ আহক বিশ্বৰ কোন দেশৰ হাতত সৰ্বাধিক সোণ মজুত আছে।
আমেৰিকা
আমেৰিকাৰ ওচৰত আছে বিশ্বৰ সৰ্ব বৃহৎ গ’ল্ড ৰিজাৰ্ভ। দেশখনৰ ওচৰত প্রায় ৮ হাজাৰ ১৩৩.৫ মেট্রিক টন সোণ আছে। ইয়াৰ ভিতৰত অধিকাংশই কেন্টাকিৰ ফ’র্ট নক্সত ৰখা হৈছে বুলি ধাৰণা কৰা হয়।
জার্মানী
জাৰ্মানীৰ ওচৰতো মজুত আছে বিপুল পৰিমাণৰ সোণ। তথ্য অনুসৰি বৰ্তমান জাৰ্মানীৰ ওচৰত ৩,৩৫১.৫ মেট্রিক টন সোণ মজুত আছে। ইয়াৰে অধিকাংশ সোণ আছে ফ্ৰেংক ফ’ৰ্টত। তদুপৰি জাৰ্মানীৰ কিছু পৰিমাণৰ সোণ এতিয়াও আমেৰিকা আৰু ব্ৰিটেইনৰ ওচৰত জমা আছে।
ইটালী
এই তালিকাত তৃতীয় স্থানত আছে ইটালী। এই ইউৰোপীয় দেশখনৰ ওচৰত ২,৪৫১.৮ মেট্রিক টন সোণ জমা আছে। জমা সোণৰ অধিকাংশই আছে বেংক অৱ ইটালীৰ ভল্টেত। ইয়াৰ উপৰিও দেশখনৰ কিছু পৰিমাণৰ সোণ ছুইজাৰলেণ্ড আৰু ব্রিটেইনৰ ওচৰত জমা আছে।
চীন
ভাৰতৰ চুবুৰীয়া চীনে এই তালিকাত চতুৰ্থ স্থান দখল কৰিছে। ইটালীৰ পিছতে স্থান দখল কৰা চীনত ২,২৭৯.৬ মেট্রিক টন সোণ জমা আছে। আমেৰিকান ডলাৰৰ উপৰত নির্ভৰশীলতা কমাবৰ বাবেই চীনে নিজৰ গ’ল্ড ৰিজার্ভ ব্যৱহাৰ কৰে।
চীনৰ পাছত এই তালিকাত আছে ছুইজাৰলেণ্ড। দেশখনৰ ওচৰত ১,০৩৯.৯৪ মেট্রিক টন সোণ আছে। ইফালে ভাৰতে এই তালিকাৰ ৬ নং স্থান দখল কৰিছে। ভাৰতৰ ওচৰত ৮৭৯.৫৯ মেট্রিক টন সোণ জমা হৈ আছে। ইয়াৰ প্রায় অর্ধেক সোণ আছে দেশত। বাকী ৩৪৮.৬২ মেট্রিক টন সোণ আছে বেংক অৱ ইংলেণ্ড আৰু বেংক অৱ ইন্টাৰনেশ্যনেল ছেটেলমেন্টৰ ওচৰত।
ভাৰতৰ পাছত এই তালিকাত আছে যথাক্রমে, জাপান, পোলেণ্ড, ইংলেণ্ড, থাইলেণ্ড, ছিংগাপুৰ, ব্রাজিল, মেক্সিকো, দক্ষিণ কোৰিয়া আৰু চেক গণৰাজ্যৰ দৰে দেশ। অৰ্থাৎ একালত ভাৰতকে ধৰি বিশ্বৰ বহু দেশত উপনিৱেশ পতা ইংলেণ্ডতকৈয়ো অধিক পৰিমাণৰ সোণ এতিয়া ভাৰতৰ হাতত মজুত আছে।