মোৰ ৰাজনীতি কৰিলে ২৫ বছৰ মন্ত্ৰী-বিধায়ক হৈ থাকিব পাৰিব: মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰীয়ে কয়, 'মোৰ ৰাজনীতি কৰিলেহে ২৫ বছৰ মন্ত্ৰী-বিধায়ক হৈ থাকিব পাৰিব। ৰাজনীতি মানুহে ক্ষমতাৰ বাবে নহয় ৰাজনীতি আদৰ্শ বাবেহে কৰে।'
কিছুদিনৰ পৰা মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ মাজত তীব্ৰ বাকবিতণ্ডা চলি আছে। পূৰ্বে গৌৰৱ গগৈয়ে কৈছিল মুখ্যমন্ত্ৰী আৰু তেওঁৰ মাজত যথেষ্ঠ পাৰ্থক্য আছে। তাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ‘একদম পাৰ্থক্য আছে… গৌৰৱ গগৈ আৰু মোৰ মাজত বহুত বেছিয়েই পাৰ্থক্য আছে, মোৰ ঘৰত এটাও বিদেশী নাই। মই কিমান গালি খাই, সংঘৰ্ষ কৰি আজিৰ এই স্থান পাইছোঁ। মোৰ দেউতা কোনো মুখ্যমন্ত্ৰী নাছিল, মই সোণৰ চামুচ লৈ জন্ম হোৱা নাই। সেইবাবে পাৰ্থক্য আছে।’
ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে কয়, আমাৰ মাজত থকা মূল পাৰ্থক্যটো হ’ল ঘৰত ভাতৰ থালি কেনেকৈ খায়…এজন ভাৰতীয়ৰ ভাগত ৩ টা বৃটিছৰ ভাগত। কেনেকৈ ঘৰখন চলে মোৰ সেইটোহে জানিবলৈ ইচ্ছা হৈছে। তেওঁ কয়, ‘মোৰ ৰাজনীতি কৰিলেহে ২৫ বছৰ মন্ত্ৰী-বিধায়ক হৈ থাকিব পাৰিব। মোৰ ৰাজনীতি নকৰা মানে বিৰোধী পক্ষত থকা। ৰাজনীতি মানুহে ক্ষমতাৰ বাবে নহয় ৰাজনীতি আদৰ্শ বাবেহে কৰে।’