ক’ভিডত আক্ৰান্ত হৈ ২৪ ঘন্টাত ৭ জনৰ মৃত্যু, অসমত কি পৰিস্থিতি?
ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিডত সক্ৰিয় ৰোগীৰ সংখ্যা। বুধবাৰে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৪,৩০২ জন। যি সংখ্যা বৃহস্পতিবাৰে ৪৮৬৬ লৈ বৃদ্ধি পাইছে। ইফালে সুস্থ হৈ ঘৰলৈ উভতি যোৱা ৰোগীৰ সংখ্যা ৩৯৫৫ লৈ বৃদ্ধি পাই
পুনৰবাৰ দেশৰ বাবে ভাবুকি স্বৰূপ হৈ থিয় দিছে ক’ভিড-১৯-এ। ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিডত সক্ৰিয় ৰোগীৰ সংখ্যা। বুধবাৰে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৪,৩০২ জন। যি সংখ্যা বৃহস্পতিবাৰে ৪৮৬৬ লৈ বৃদ্ধি পাইছে। ইফালে সুস্থ হৈ ঘৰলৈ উভতি যোৱা ৰোগীৰ সংখ্যা ৩৯৫৫ লৈ বৃদ্ধি পাইছে।
বিগত ২৪ ঘন্টাত দিল্লীত ১০৫ জন লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আজিৰ দিনটোত অন্ধ্ৰ প্ৰদেশত ৫০ জন, অসমত ৮ জন, বিহাৰত ৩১ জন, চণ্ডীগড়ত ২ জন, ছত্তীশগড়ত ১৯ জন, দিল্লীত ৫৬২ জন, গোৱাত ৮ জন, গুজৰাটত ৫০৮ জন, হাৰিয়ানাত ৬৩ জন, হিমাচল প্ৰদেশত এগৰাকী, জম্মু-কাশ্মীৰত ৫ জন, ঝাৰখণ্ডত ৮ জন, কৰ্ণাটকত ৪৩৬ জন, কেৰেলাত ১৪৮৭ জন, উত্তৰ প্ৰদেশত ১৯৮ গৰাকী আৰু পশ্চিমবংগত ৫৩৮ জন সক্ৰিয় ৰোগী আছে।