TV9 ASSAM
মুখত শালমন ওলালে স্বাভাৱিকতেই প্ৰতিজন লোক চিন্তিত হয়। কিন্তু এই শালমনৰ দাগ যদি মুখত ৰৈ যায়, তেতিয়া হতাশাই আগুৰি ধৰিব পাৰে।
শালমনৰ দাগ আঁতৰাবলৈ বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায় যদিও প্ৰায়সময়তে বিফল হয়। পিছে ঘৰুৱা ঔষধ ব্যৱহাৰ কৰিয়েই শালমনৰ দাগ আঁতৰাব পাৰে।
শালমনৰ দাগ আঁতৰাবলৈ নাৰিকল তেলৰ লগত ফিটকিৰি মিহলাই লগাব পাৰে। এই মিশ্ৰণটো গোটেই মুখমণ্ডলত বা দাগ থকা ঠাইত লগাব পাৰে।
বেকিং ছ’ডা প্ৰায় সকলোৰে ঘৰতে পোৱা যায়। ই শালমনৰ দাগ কমোৱাত সহায় কৰে। বেকিং ছ’ডাই ছালৰ মৃত কোষবোৰো আঁতৰাই পেলোৱাত সহায় কৰে।
শালমনৰ দাগ কমোৱা আৰু ছাল সতেজ কৰাত এলোভেৰা জেল ফলপ্ৰসূ। নেমুৰ ৰস আৰু মৌৰ মিশ্ৰণেও এই দুই দিশত আপোনাক সহায় কৰিব।
চন্দনৰ গুড়িও শালমনৰ দাগ দূৰ কৰাত যথেষ্ট উপযোগী। মুখমণ্ডলত বা শালমন হোৱা ঠাইত মুলতানি মাটি আৰু চন্দনৰ গুড়িৰ মিশ্ৰণ লগাব পাৰে।
তিয়ঁহে কেৱল শৰীৰক সতেজ কৰাই নহয় ছালো সতেজ কৰি তোলে। তিয়ঁহৰ ৰসে শালমনৰ দাগ কমোৱাত সহায় কৰে। ছালখন ঠাণ্ডা কৰাতো ই ফলপ্ৰসূ।
অৱশ্যে যিসকল লোকৰ ছাল সংবেদনশীল, তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে এনে ঘৰুৱা ঔষধ ব্যৱহাৰ কৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
শুই উঠাৰ পাছত চকুৰ পৰা পানী কিয় ওলায়