শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সুৰাৰ ৰাগীত মাতাল পিতৃয়ে তিনিমহীয়া কন্যা সন্তানৰ সৈতে সংঘটিত কৰিলে জঘন্য কাণ্ড

যোৱা নিশা প্ৰায় ১০ বজাত কোনো কথাক লৈ অমৰ আৰু পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে । এই কাজিয়া ইমানেই ভয়ংকৰ হৈ পৰে যে হিতাহিত জ্ঞান হেৰুৱাই পেলায় অমৰে । তাৰ পাছতেই তেওঁ সংঘটিত কৰে এক ভয়ংকৰ কাণ্ড ।

সুৰাৰ ৰাগীত মাতাল পিতৃয়ে তিনিমহীয়া কন্যা সন্তানৰ সৈতে সংঘটিত কৰিলে জঘন্য কাণ্ড
প্ৰতীকী ছবিImage Credit source: Tara Moore/Stone/Getty Images
raj-saikia
Raj Saikia | Published: 06 Jun 2025 16:31 PM

সন্তানৰ সুখ পৰম সুখ বুলি কোৱা হয় । সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ যি মৰম, যি ত্যাগ সেয়া আন ক’তো পোৱা নাযায় । কিন্তু আমাৰ সমাজত কেতিয়াবা এনে কেতবৰো ঘটনা ঘটে, যিয়ে মানৱ সমাজক লজ্জানত কৰে । তেনে এক ঘটনা সংঘটিত হৈছে মৰিয়নীৰ চেলেংহাটত ।

চেলেংহাটৰ ডালিম চাহ বাগিচাৰ টেকলা লাইনৰ বাসিন্দা অমৰ বাৰিক নামৰ লোকজন । পত্নী-সন্তানৰ সৈতে এখন সংসাৰ আছে বাৰিকৰ । সংসাৰত পতি-পত্নীৰ মাজত কোনো কথাক লৈ কাজিয়া-পেচাল লগাতো সাধাৰণ কথা । কিন্তু কেতিয়াবা এনেকুৱা হয় যে এনে কাজিয়াৰ পৰিণাম ভয়ংকৰ বা অভাৱনীয় হৈ পৰে ।

অমৰ বৰাইকৰো মাজে-সময়ে কাজিয়া হয় পত্নীৰ সৈতে । কিন্তু যোৱা নিশা পতি-পত্নীৰ কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে । জানিব পৰা মতে, যোৱা নিশা প্ৰায় ১০ বজাত কোনো কথাক লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটে । এই কাজিয়া ইমানেই ভয়ংকৰ হৈ পৰে যে হিতাহিত জ্ঞান হেৰুৱাই পেলায় অমৰে । তাৰ পাছতেই তেওঁ সংঘটিত কৰে এক ভয়ংকৰ কাণ্ড ।

পত্নীৰ সৈতে কাজিয়াৰ মাজতে খঙত একো নাই হৈ অমৰে পত্নীৰ কোলাৰ পৰা কাঢ়ি লয় তিনিমহীয়া কন্যা সন্তানটি । তাৰ পাচতেই ঘৰৰ সমীপৰ এটা মাটিৰ কুঁৱালৈ দলিয়াই দিয়ে কন্যা শিশুটিক । অমৰৰ এই গৰ্হিত কাৰ্যত হতচকিত হৈ পৰে ওচৰ-চুবুৰীয়াও ।

এই কাণ্ড সংঘটিত কৰাৰ পাচতেই অমৰে স্থানীয় চেলেংহাট থানাত আত্মসমৰ্পন কৰে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কুঁৱাৰ পৰা উদ্ধাৰ কৰে কন্য়া শিশুটিৰ মৃতদেহ । ইতিমধ্যে আৰক্ষীয়ে অমৰক গ্ৰেপ্তাৰ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে ।

জানিব পৰা মতে, ঘটনা সংঘটিত কৰাৰ সময়ত সুৰাৰ ৰাগীত মাতাল হৈ আছিল অমৰ বৰাইক । চাহ বাগিচা এলেকাত অবৈধ সুৰাৰ অধিক প্ৰচলনৰ বাবেই এনে এক নাৰকীয় ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে স্থানীয় একাংশ লোকে ।