শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: কাৰ ভাল, কাৰ বেয়া? শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ, চাওক আজিৰ ৰাশিফল…

Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটো কাৰোবাৰ বাবে ভাল আৰু কিছুমানৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব পাৰে। কিছুমানৰ আজি সম্পদ ক্ৰয়ৰ সম্ভাৱনা আছে।

Today’s horoscope: কাৰ ভাল, কাৰ বেয়া? শুকুৰবাৰৰ দিনটো কেনে যাব আপোনাৰ, চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImage
barasha-sarma
Barasha Sarma | Published: 06 Jun 2025 06:00 AM

আজি ৬ জুন, ২০২৫। জ্যোতিষ শাস্ত্ৰ মতে আজিৰ দিনটো কেনে যাব আপোনাৰ? আজিৰ ৰাশিফল তলত উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ সুখ-শান্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঘৰৰ কামত টকা খৰচ হ’ব পাৰে। বন্ধু আৰু পৰিয়ালে সহযোগ কৰিব। সম্পত্তি বৃদ্ধিৰ যোগ আছে। বিবাদৰ পৰা আঁতৰি থাকক। সন্তানে কোনো প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিলে ভাল ফল লাভ কৰিব। সিদ্ধান্ত লোৱাত সাৱধান হ’ব। স্বাস্থ্য ভাল।

বৃষ ৰাশিঃ আজিৰ দিনটো আপুনি ঋণৰ পৰা মুক্তি লাভ কৰিব। কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব। টকা ভাবি-চিন্তি খৰচ কৰিব। অত্যাধিক ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। কোনো কথাৰ বাবে মন অশান্ত হৈ থাকিব পাৰে। প্ৰেমত শুভ। পৰিয়ালৰ সৈতে ভাল সময় কটাব। ব্যৱসায়ত গুৰুত্ব দিব। স্বাস্থ্য ভাল।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সাধাৰণ হ’ব। কাম সন্দৰ্ভত সিদ্ধান্ত লওতে সাৱধান হ’ব। আত্মবিশ্বাস বৃদ্ধি হ’ব। আপোনাৰ কোনো মনৰ ইচ্ছা পূৰণ হ’ব। যাৰ বাবে সুখী হ’ব। পুৰণি ভুলৰ পৰা শিকিব। ৰাজনীতিত জড়িতসকলে ভাল খবৰ লাভ কৰিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। আৰ্থিক দিশত সাৱধান হোৱা দৰকাৰ। বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত পাবলগীয়া ধন ঘূৰাই পাব। সুখী হ’ব। পাৰিবাৰিক সমস্যা দূৰ হ’ব। ব্যৱসায়ত লাভ হ’ব। পৰিয়ালৰ সদস্যই কামত সহায় কৰিব। পুৰণি বন্ধুক লগ পাব। স্বাস্থ্য ভাল।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে বিশেষ হ’ব। চাকৰিয়ালসকলৰ ওপৰত কামৰ হেঁচা বৃদ্ধি পাব। মন কিছু কথাক লৈ অশান্তি হ’ব পাৰে। ধন সম্পৰ্কীয় কথাত আনৰ ওপৰত বিশ্বাস নকৰিব। কোনো বন্ধুৰ পৰা সহায় লাভ কৰিব। ঘৰলৈ আলহী অহাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে সুখী হ’ব। স্বাস্থ্য ভাল।

কন্যা ৰাশিঃ আজিৰ দিনটোত আপোনাৰ আধ্যাত্মিক দিশত মনযোগ বাঢ়িব। পৰিয়ালৰ সদস্য সৈতে ভাল। শিক্ষাৰ্থীসকলে ভাল ফল লাভ কৰিব। পুৰণি বন্ধুক দীৰ্ঘদিনৰ পাছত লগ পোৱা বাবে সুখী হ’ব। কোনো ক্ষেত্ৰত সফলতা লাভ কৰিব। কোনো প্ৰয়োজনীয় বস্তু ক্ৰয় কৰিব পাৰে। ধনৰ খৰচ হ’ব। স্বাস্থ্যত গুৰুত্ব দিব।

তুলা ৰাশিঃ আজিৰ দিনটোই আপোনাৰ বাবে সফলতা কঢ়িয়াই আনিব। ৰাজনীতিত জড়িত থকাসকলে সাৱধান থকা ভাল। পৰিয়ালৰ সমৰ্থন লাভ কৰিব। প্ৰেমত শুভ। সন্তানক গুৰুত্ব দিয়া প্ৰয়োজন। বাহন চলাওতে সাৱধান হ’ব। মনৰ কোনো ইচ্ছা পূৰণ হোৱাৰ বাবে সুখী হ’ব। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়া ভাল। ব্যৱসায়ত সফলতা লাভ কৰাৰ বাবে সুখী হ’ব। চাকৰিত মান-সন্মান বৃদ্ধি পাব। প্ৰেমত শুভ। ব্যৱসায়ত পৰিকল্পনা মতে আগবঢ়া ভাল। সম্পদ ক্ৰয়ৰ সম্ভাৱনা আছে। সম্পৰ্কীয়ৰ পৰা বেয়া খবৰ পাব পাৰে।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। নেতৃত্বৰ ক্ষমতা বাঢ়িব। আৰ্থিক দিশত কিছু সাৱধান হোৱা ভাল। আয়ৰ বাট মুকলি কৰাৰ বাবে চেষ্টা কৰিব। পুৰণি সমস্যাই দেখা দিব পাৰে। বৈবাহিক জীৱন ভাল হ’ব। ধৰ্মীয় বা সামাজিক কামত জড়িত হ’ব পাৰে। খৰচ বৃদ্ধিৰ যোগ আছে। স্বাস্থ্যত গুৰুত্ব দিব।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। পৰিয়ালক কোনো ধৰ্মীয় কামৰ আয়োজন হ’ব পাৰে। চিন্তা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। বিপৰীত স্থিতিত ধৈৰ্য ধৰি থাকিব। বৈবাহিক জীৱন সুখকৰ হ’ব। বাহনৰ ক্ষেত্ৰত কোনো সমস্যাই দেখা দিব পাৰে। কোনো কামত বন্ধুয়ে সহায় কৰিব পাৰে। স্বাস্থ্য ভাল।

কুম্ভ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ সুখ বৃদ্ধিৰ সম্ভাৱনা আছে। পৰিয়ালত কাৰোবাৰ ৰোগ হ’ব পাৰে। মানসিক দিশৰ পৰা আপুনি অশান্তিত থাকিব পাৰে। সুখ-সুবিধা বৃদ্ধি পাব পাৰে। নতুন সম্পদ ক্ৰয় কৰাৰ সম্ভাৱনা আছে। ধন অত্যাধিক খৰচ হ’ব পাৰে। পৰিয়ালৰ সৈতে মতানৈক্য হ’ব পাৰে। স্বাস্থ্যা ভাল।

মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। কামৰ ক্ষেত্ৰত আনক বিশ্বাস নকৰিব। ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব। অন্যথা সমস্যা হ’ব পাৰে। ব্যৱসায়ত অত্যাধিক পৰিশ্ৰম কৰা প্ৰয়োজন। কোনো কথাকলৈ চিন্তা বৃদ্ধিৰ যোগ আছে। প্ৰেমত শুভ। পৰিয়াল আৰু সংগীৰ পৰা সমৰ্থন লাভ কৰিব। স্বাস্থ্য ভাল।