আজিকালি খেতি পথাৰত ৰাসায়নিক দ্ৰব্যৰ প্ৰায়ে ব্যৱহাৰ কৰা হয় । শাক-পাচলি আৰু ফল-মূলক পোক-পৰুৱাৰ পৰা মুক্ত কৰি ৰাখিবলৈ বিভিন্ন কীটনাশক ব্যৱহাৰ কৰা হয়। আকৌ উৎপাদনৰ হাৰ বৃদ্ধিৰ বাবে ৰাসায়নিক বা কীটনাশক ব্যৱহাৰ কৰা হয়।
এই ৰাসায়নিক পদাৰ্থবোৰ শৰীৰৰ বাবে অতি অপকাৰী । গতিকে শাক-পাচলিৰ পৰা সকলো ৰাসায়নিক পদাৰ্থ কেনেকৈ আঁতৰাব?
শাক-পাচলি ৰন্ধাৰ আগতে কুহুমীয়া পানীত ভালদৰে ধুলে বিষাক্ত পদাৰ্থ আঁতৰি যাব। গতিকে শাক-পাচলি ধুবৰ বাবে কুহুমীয়া পানী ব্যৱহাৰ কৰক। ফল-মূল একেদৰেই ধুই খোৱাটো ভাল।
এটা ডাঙৰ বাটিত পানী লৈ আধা চামুচ নিমখ দিব। এতিয়া সেই পানী উতলাই ফলমূল আৰু শাক-পাচলি ভালদৰে ধুব আৰু তাৰ পিছত টেপৰ পানীৰে ধুব।
কীটনাশক আঁতৰাবলৈ পানীৰে ধোৱাৰ পিছত ফলমূল আৰু শাক-পাচলি ভিনেগাৰত কিছু সময় তিয়াই থব পাৰে।
পিঁয়াজ, আলু, আপেল, কমলা, আদা, আম, বিলাহী, মূলা, বুটমাহ আদি ভালধৰে ধুই খাব লাগে ।
১ চামুচ নেমুৰ ৰস আৰু ২ চামুচ বেকিং ছ’ডা ভালদৰে মিহলাই লওক। এই মিশ্ৰণ একাপ পানীত মিহলাই পাতল কৰি লওক। ফল-মূল আৰু শাক-পাচলিত এই মিশ্ৰণ স্প্ৰে কৰি ৰাসায়নিক পদাৰ্থ আঁতৰাব পাৰে ।
পানীৰে ধোৱাৰ পিছত পৰিষ্কাৰ কাপোৰ এখন গৰম পানীত তিয়াই ফল-মূলৰ ভালদৰে মচিব লাগে। পানীৰে ধোৱাৰ পিছতো যদি কিবা লাগি থাকে তেন্তে পৰিষ্কাৰ হ’ব।