শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আপোনাৰ ছালে দিয়ে ব্লাড চুগাৰৰ সংকেত! এনে সমস্যাই দেখা দিলেই হওক সাৱধান

বহুসময়ত দেহত ব্লাড চুগাৰৰ দৰে ৰোগে গা কৰি উঠাৰ কথা অধিকাংশ লোকেই জানিব নোৱাৰে আৰু এই ৰোগ ধৰা পৰাৰ সময়লৈকে সমস্যা তিনিগুণ বৃদ্ধি পাইছে। পিছে আপুনি জানেনে, আপোনাৰ ছালেও আপুনি ব্লাড চুগাৰত আক্ৰান্ত হোৱাৰ সংকেত প্ৰদান কৰে। জানো আহক এই বিষয়ে।

আপোনাৰ ছালে দিয়ে ব্লাড চুগাৰৰ সংকেত! এনে সমস্যাই দেখা দিলেই হওক সাৱধান
ছালত দেখা দিয়ে ব্লাড চুগাৰৰ সংকেতImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 07 Dec 2025 14:23 PM

সাধাৰণতে বয়স বৃদ্ধিৰ লগে লগে ব্লাড চুগাৰৰ সমস্যাই দেখা দিয়ে বুলি বিশ্বাস কৰা হয়। কিন্তু বৰ্তমান সময়ত বহু কম বয়সীয়া লোকৰ মাজতো ব্লাড চুগাৰৰ সমস্যা দেখিবলৈ পোৱা গৈছে। অস্বাস্থ্যকৰ জীৱনশৈলী আৰু ফাষ্টফুডৰ দৰে খাদ্যৰ প্ৰতি লোভৰ বাবে নতুন প্ৰজন্ম এই সমস্যাৰ সন্মুখীন হোৱা বুলি চিকিৎসকসকলে মত পোষণ কৰে। কিন্তু বহুসময়ত দেহত ব্লাড চুগাৰৰ দৰে ৰোগে গা কৰি উঠাৰ কথা অধিকাংশ লোকেই জানিব নোৱাৰে আৰু এই ৰোগ ধৰা পৰাৰ সময়লৈকে সমস্যা তিনিগুণ বৃদ্ধি পাইছে।

পিছে আপুনি জানেনে, আপোনাৰ ছালেও আপুনি ব্লাড চুগাৰত আক্ৰান্ত হোৱাৰ সংকেত প্ৰদান কৰে। জানো আহক এই বিষয়ে-

চিকিৎসকে কয় যে যদি আপোনাৰ ছালখন হঠাতে শুকান হৈ পৰে, তেতিয়া শৰীৰত কোনো সমস্যাৰ ইঙ্গিত পোৱা যায়। বিশেষকৈ হাত, আঁঠু আৰু ভৰিৰ তলুৱা শুকাবলৈ আৰম্ভ কৰিব আৰু খজুৱতিৰ অনুভৱ হ’ব। যদি এই সমস্যাৰ সৃষ্টি হয়, তেতিয়া কিছু সচেতন হওক। প্ৰয়োজন হ’লে চিকিৎসকৰ পৰামৰ্শ লওক।

যদি শৰীৰৰ কোনো অংশত ঘাঁ লাগে আৰু যদি সেই ঘাঁ শুকাবলৈ বহু সময় লাগে, তেতিয়া ব্লাড চুগাৰৰ সম্ভাৱনা থাকিব পাৰে। কাৰণ, তেজত চেনিৰ মাত্ৰা অধিক হ’লে তেজ জমা হোৱাত পলম হয় আৰু ফলত ঘাঁ ভাল হ’বলৈ অধিক সময় লাগে।

ব্লাড চুগাৰৰ সমস্যা থাকিলে সঘনাই ছালৰ সমস্যা হ’ব পাৰে। ছাল শুকান হোৱাৰ লগতে ব্ৰণৰ সমস্যাও যথেষ্ট বৃদ্ধি পাব পাৰে। গতিকে ছালৰ সমস্যা সঘনাই হোৱাটোও ব্লাড চুগাৰৰ সমস্যা হ’ব পাৰে। গতিকে সমস্যা বাঢ়িলে চিকিৎসকৰ পৰামৰ্শ লওক।

যদি কিলাকুটি আৰু ভৰিৰ তলুৱাৰ ক’লা দাগ বহু চেষ্টা কৰিও আঁতৰাব পৰা নাযায় বা অলপ সময় চকীত বহিলেই ভৰি দুখন ফুলি উঠে, এয়া ব্লাড চুগাৰ লক্ষণ হ’ব পাৰে। গতিকে এই লক্ষণবোৰ দেখা পালে লগে লগে চিকিৎসকৰ কাষ চাপক।