শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দাঁতৰ হালধীয়া ৰঙক লৈ আৰু কৰিব নালাগে চিন্তা, ঘৰতে আছে চিন্তামুক্ত হোৱাৰ উপায়

সাধাৰণতে বহু লোকেই দাঁতত হালধীয়া দাগ পৰাৰ সমস্যাত ভোগে। দাঁতৰ এই হালধীয়া ৰঙৰ বাবে আপোনাৰ হাঁহিৰ সৌন্দৰ্য ম্লান পৰাই নহয়, দাঁতৰ স্বাস্থ্যৰ বাবেও এয়া ভাল লক্ষণ নহয়। জানো আহক এই সমস্যাৰ কাৰণ আৰু তাৰ পৰা উপশমৰ কিছু ঘৰুৱা উপায়ৰ বিষয়ে।

দাঁতৰ হালধীয়া ৰঙক লৈ আৰু কৰিব নালাগে চিন্তা, ঘৰতে আছে চিন্তামুক্ত হোৱাৰ উপায়
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 27 Jul 2025 20:07 PM

হাঁহিলে তুমি মুকুতামণি সৰে’- এয়া আপোনাৰমোৰ প্ৰিয় জুবিন গাৰ্গৰ গীতৰ কথা প্ৰতীকি অৰ্থত এই মুকুতামণি আমাৰ মুখৰ দাঁতকেইটাই বগাকৈ চিকচিকিয়া দাঁতকেইটাতে লুকাই থাকে এটা মিঠা হাঁহিৰ সৌন্দৰ্য স্বাভাৱিকতেই বগা চিকচিকিয়া দাঁতকেইটা কোনেনো ভাল নাপায়! কেতিয়াবা আপোনাৰ এই সৌন্দৰ্যশালী দাঁতকেইটা আন কাৰোবাৰ বাবে ঈৰ্ষাৰো কাৰণ হৈ উঠিব পাৰে বা আপুনিও আন কাৰোবাৰ উজ্জল দাঁতকেইটা দেখি ঈৰ্ষান্বিত পাৰে যদি ভাবি চায়, এনে ঈৰ্ষাৰ মূলতে থাকে দাঁতক লৈ আপোনাৰ মনত উদয় হোৱা হতাশা

সাধাৰণতে বহু লোকেই দাঁতত হালধীয়া দাগ পৰাৰ সমস্যাত ভোগে। দাঁতৰ এই হালধীয়া ৰঙৰ বাবে আপোনাৰ হাঁহিৰ সৌন্দৰ্য ম্লান পৰাই নহয়, দাঁতৰ স্বাস্থ্যৰ বাবেও এয়া ভাল লক্ষণ নহয়। পিছে এই সমস্যাৰ পৰা মুক্তি পোৱাৰ আগতে আমি জানিব লাগিব দাঁতত কিয় হালধীয়া দাগ পৰে? ইয়াৰ আঁৰত কেইবাটাও কাৰণ আছে

১) অস্বাস্থ্যকৰ খাদ্যাভ্যাসঃ নিয়মিতভাৱে চাহ, কফি, শীতল পানীয়, চকলেট, মছলাযুক্ত খাদ্য গ্ৰহণ কৰিলে দাঁতত হালধীয়া ৰঙৰ দাগ পৰিব পাৰে।

২) নিয়মিত ধূমপান বা ধঁপাত সেৱনঃ চিগাৰেট বা গুটখা বা যিকোনো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰিলে দাঁতৰ ইনামেল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে হালধীয়া বা বাদামী ৰঙৰ দাগ পৰিব পাৰে।

৩) সঠিকভাৱে ব্ৰাছ নকৰাঃ নিয়মিতভাৱে দাঁত ভালদৰে পৰিষ্কাৰ নকৰিলে খাদ্যৰ কণা আৰু বেক্টেৰিয়া জমা হৈ দাগ সৃষ্টি কৰিব পাৰে।

৪) বয়স আৰু জিনীয় কাৰকঃ বয়সৰ লগে লগে দাঁতৰ ইনামেল পাতল হৈ পৰে, যাৰ ফলত ভিতৰৰ ডেণ্টিন উন্মুক্ত হৈ পৰে ইয়াৰ ফলত দাঁতৰ ৰং হালধীয়া হৈ পৰে। কিছুমান ক্ষেত্ৰত জিনীয় কাৰণতো এনে পাৰে।

৫) কিছুমান ঔষধঃ এণ্টিবায়টিক বা আইৰণৰ টেবলেট দীৰ্ঘদিন ব্যৱহাৰ কৰিলেও দাঁতত ক’লা বা হালধীয়া ৰঙৰ দাগ পৰিব পাৰে।

এনে কাৰণসমূহৰ বিষয়ে অৱগত হোৱাৰ পিছত আমি নিজাকৈ সাৱধানতা অৱলম্বন কৰিব পাৰোঁ কিন্তু দাঁতত যদি ইতিমধ্যেই এনে দাগ পৰে, তেতিয়া কি কৰিব? জানো আহক দাঁতৰ দাগ দূৰ কৰিব পৰা কিছু সহজ ঘৰুৱা উপায়

১) নিয়মিতভাৱে ব্ৰাছ কৰকঃ দিনটোত কমেও দুবাৰ দাঁত ব্ৰাছ কৰক। ইয়াৰ ফলত দাঁতৰ মাজৰ ফাঁকত জমা হোৱা দাগ আৰু বীজাণু আঁতৰ হয়।

২) বেকিং ছ’ডা আৰু নেমুৰ ৰসঃ সামান্য বেকিং ছ’ডাত নেমুৰ ৰস কেইটোপালমান মিহলাই সপ্তাহত ১-২ বাৰ দাঁতত ঘঁহিলে স্বাভাৱিকতে দাগবোৰ পাতল হয়। অৱশ্যে অত্যধিক ব্যৱহাৰৰ পৰা বিৰত থাকক।

৩) নাৰিকল তেলঃ প্ৰতিদিনে পুৱা ১০ মিনিটৰ বাবে মুখত এচামুচ নাৰিকল তেল লৈ কুলকুলি কৰিলে দাঁতৰ দাগ, মুখৰ দুৰ্গন্ধ, বীজাণু বহু পৰিমাণে হ্ৰাস পায়।

৪) ফলমূল আৰু শাক-পাচলঃ আপেল, গাজৰ, তিয়ঁহ ইত্যাদিয়ে দাঁতৰ বাবে প্ৰাকৃতিক স্ক্ৰাবাৰ হিচাপে কাম কৰে। দাঁতত জমা হোৱা দাগ আঁতৰোৱাত সহায় কৰে।

৫) দন্ত চিকিৎসকৰ পৰামৰ্শঃ যদি দাঁতৰ এই দাগবোৰ স্থায়ী বা ক’লা হয়, তেতিয়া সকাহৰ বাবে দন্ত চিকিৎসকৰ কাষ চপা উচিত।