World Hypertension Day 2025: হাই ক’লেষ্টৰেলৰ ফলত হ’ব পাৰে উচ্চ ৰক্তচাপৰ সমস্যা, এইদৰে কৰিব পাৰিব নিয়ন্ত্ৰণ
আজি ১৭ মে’। এই দিনটোত World Hypertension Day, অৰ্থাৎ বিশ্ব ৰক্তচাপ দিৱস পালন কৰা হয়। ৰক্তচাপৰ বিপদৰ বিষয়ে মানুহক সজাগ কৰি তোলাৰ উদ্দেশ্যে প্ৰতি বছৰে ১৭ মে’ত এই দিৱসটি পালন কৰা হয়। লক্ষণীয়ভাৱে হাই কলেষ্টেৰল আৰু হাই বি পিৰ মাজত গভীৰ সম্পৰ্ক আছে। এই সমস্যা কিদৰে উপশম কৰিব পাৰি, চাওঁ আহক।

আজি ১৭ মে’। এই দিনটোত World Hypertension Day, অৰ্থাৎ বিশ্ব ৰক্তচাপ দিৱস পালন কৰা হয়। ৰক্তচাপৰ বিপদৰ বিষয়ে মানুহক সজাগ কৰি তোলাৰ উদ্দেশ্যে প্ৰতি বছৰে ১৭ মে’ত এই দিৱসটি পালন কৰা হয়। উচ্চ ৰক্তচাপ হৈছে এনে এক ৰোগ যি আৰম্ভণিতে কোনো লক্ষণ দেখা নিদিয়াকৈ লাহে লাহে শৰীৰৰ ক্ষতি কৰে। সেয়ে ভৱিষ্যতৰ বিপদৰ পৰা ৰক্ষা পাবলৈ প্ৰতিজন লোকে সময়মতে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি ৰক্তচাপ পৰীক্ষা কৰাব লাগে। সাম্প্ৰতিক সময়ত বিশ্বৰ অলেখ লোক উচ্চ ৰক্তচাপৰ সমস্যাত ভুগি থকা দেখা যায়।
এই ৰোগত ভুগি থকাৰ পিছতো কিন্তু অধিকাংশ লোক নিজৰ এই সমস্যাৰ বিষয়ে জ্ঞাত নহয়। উচ্চ ৰক্তচাপৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোক, কিডনী বিকল হোৱা আদি গুৰুতৰ ৰোগ হ’ব পাৰে। সেয়ে এই ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তোলাৰ বাবে আজিৰ দিনটোত স্বাস্থ্য শিবিৰ, বিনামূলীয়া বি পি পৰীক্ষা, আলোচনা চক্ৰ আৰু সজাগতা অভিযানৰ আয়োজন কৰি বিশ্ব ৰক্তচাপ দিৱস পালন কৰা হয়।
ৰক্তচাপ দিৱসে আমাক সোঁৱৰাই দিয়ে যে কেৱল ঔষধেই নহয়, স্বাস্থ্যসন্মত জীৱনশৈলীও ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এই দিনটোৱে মানুহক নিজৰ স্বাস্থ্যক গুৰুত্বসহকাৰে ল’বলৈ প্ৰেৰণা দিয়ে। সাধাৰণতে হৃদযন্ত্ৰই শৰীৰৰ মাজেৰে তেজ পাম্প কৰি থকাৰ সময়ত ৰক্তবাহী নলীত অত্যধিক চাপ পৰিলে উচ্চ ৰক্তচাপৰ সমস্যা হয়। এই চাপ দীৰ্ঘদিন ধৰি থাকিলে হৃদযন্ত্ৰ, বৃক্ক, মগজু আৰু চকুত প্ৰভাৱ পেলাব পাৰে।
উচ্চ ৰক্তচাপ দুবিধ: প্ৰাইমেৰী (যিটোৰ কোনো স্পষ্ট কাৰণ নাই) আৰু চেকেণ্ডাৰী (যিটো কোনো ৰোগ বা ঔষধৰ ফলত হয়)। অত্যধিক নিমখ খোৱা, মেদবহুলতা, মানসিক চাপ, ধূমপান, মদ্যপান আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ এই সমস্যাৰ কাৰণ হ’ব পাৰে। ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ সুস্থ জীৱনশৈলী অতি প্ৰয়োজনীয়, যেনে-নিমখ কমকৈ খোৱা, ব্যায়াম কৰা, প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰা।
লক্ষণীয়ভাৱে হাই কলেষ্টেৰল আৰু হাই বি পিৰ মাজত গভীৰ সম্পৰ্ক আছে। যেতিয়া শৰীৰত বেয়া কলেষ্টেৰল (LDL) বৃদ্ধি পায় তেতিয়া ই ৰক্তবাহী নলীৰ বেৰত জমা হৈ পৰে, যাৰ ফলত ৰক্তবাহী নলীবোৰ সংকীৰ্ণ আৰু জঠৰ হৈ পৰে। ইয়াৰ বাবে হৃদযন্ত্ৰই তেজ পাম্প কৰিবলৈ অধিক কষ্ট কৰিবলগীয়া হয় আৰু ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি পায়। এই অৱস্থাই ক্ৰমান্বয়ে উচ্চ ৰক্তচাপৰ ৰূপ ল’ব পাৰে।
স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ, শাৰীৰিকভাৱে সক্ৰিয় হৈ থকা আৰু কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিলে উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ সম্ভাৱনা কম কৰিব পাৰে। হাই কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমে জীৱনশৈলীৰ পৰিৱৰ্তন কৰাটো প্ৰয়োজনীয়। আটাইতকৈ ফলপ্ৰসূ উপায় হ’ল স্বাস্থ্যসন্মত খাদ্য। খাদ্যত মাছ, আখৰোটৰ দৰে ওমেগা-৩ ফেটি এচিডযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক। ঘিঁউ, মাখন, অধিক তেলত ভজা আৰু অতি প্ৰচেছড খাদ্যৰ পৰা আঁতৰি থাকক।
গোটা শস্য, সেউজীয়া শাক-পাচলি, ফল-মূল আৰু ফাইবাৰযুক্ত খাদ্যই কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। খাদ্যৰ সমান্তৰালকৈ নিয়মীয়াকৈ ব্যায়াম কৰাটোও অতি গুৰুত্বপূৰ্ণ। প্ৰতিদিনে কমেও ৩০ মিনিটৰ বাবে দ্ৰুত খোজ কঢ়া, চাইকেল চলোৱা, যোগাসন বা সাঁতোৰৰ দৰে কাৰ্যকলাপ কৰক। এইবোৰে শৰীৰত থকা ভাল কলেষ্টেৰল (HDL) বৃদ্ধি আৰু বেয়া কলেষ্টেৰল (LDL) হ্ৰাস কৰাত সহায় কৰে।
ধূমপান এৰি সীমিত পৰিমাণে মদ্যপান কৰাটোও গুৰুত্বপূৰ্ণ, কাৰণ এই দুয়োটা বস্তুৱে কলেষ্টেৰলৰ মাত্ৰা বেয়া কৰিব পাৰে। লগতে ধ্যান, সংগীত বা আপোনাৰ প্ৰিয় কাৰ্যকলাপৰ জৰিয়তে মানসিক চাপ নিয়ন্ত্ৰণ কৰক। জীৱনশৈলীৰ পৰিবৰ্তনৰ পিছতো যদি কলেষ্টেৰল অনিয়ন্ত্ৰিত হৈ থাকে, তেতিয়া চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰাটো প্ৰয়োজনীয় হ’ব পাৰে। কিন্তু মনত ৰাখিব, ঔষধৰ লগতে স্বাস্থ্যসন্মত অভ্যাস বজাই ৰখাটোও সমানেই গুৰুত্বপূৰ্ণ।