শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

World Food Day 2024: আজি বিশ্ব খাদ্য দিৱস, কিয় এই দিৱস পালন কৰা হয় ?

শৰীৰত পুষ্টি যোগান ধৰাৰ বাবে আহাৰৰ ওপৰত অতি গুৰুত্ব প্ৰদান কৰিব লাগিব । সমগ্ৰ বিশ্বৰ মানুহক খাদ্যৰ গুৰুত্ব, সুৰক্ষা আৰু ক্ষুধাৰ সৈতে জড়িত বিষয়সমূহৰ বিষয়ে সচেতন কৰিবলৈ প্ৰতি বছৰে ১৬ অক্টোবৰত বিশ্ব খাদ্য দিৱস পালন কৰা হয়।

World Food Day 2024: আজি বিশ্ব খাদ্য দিৱস, কিয় এই দিৱস পালন কৰা হয় ?
বিশ্ব খাদ্য দিৱস ২০২৪
manas-borah
Manas Borah | Updated On: 16 Oct 2024 06:38 AM

আজি বিশ্ব খাদ্য দিৱস । শৰীৰত পুষ্টি যোগান ধৰাৰ বাবে আহাৰৰ ওপৰত অতি গুৰুত্ব প্ৰদান কৰিব লাগিব । সমগ্ৰ বিশ্বৰ মানুহক খাদ্যৰ গুৰুত্ব, সুৰক্ষা আৰু ক্ষুধাৰ সৈতে জড়িত বিষয়সমূহৰ বিষয়ে সচেতন কৰিবলৈ প্ৰতি বছৰে ১৬ অক্টোবৰত বিশ্ব খাদ্য দিৱস পালন কৰা হয়। উন্নত আৰু উন্নয়নশীল দেশসমূহে হয়তো এই ক্ষেত্ৰত বহুখিনি অগ্ৰগতি লাভ কৰিছে, কিন্তু বিশ্বৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে ক্ষুধা এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।

মানুহ আৰু বিশেষকৈ শিশু পুষ্টিহীনতাৰ বলি হয়। এই দিৱসৰ জৰিয়তে অনাহাৰ আৰু অপুষ্টিৰ বিষয়ে মানুহক সজাগ কৰাৰ প্ৰয়াস কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে, কোনো ব্যক্তিয়ে ভোকৰ বাবে নিজৰ প্ৰাণ হেৰুৱাব নালাগে। এই দিৱস কিয় পালন কৰা হয়, ইয়াৰ ইতিহাস কি আৰু ২০২৪ চনত ইয়াৰ বিষয়বস্তু কি? জানক

কিয় বিশ্ব খাদ্য দিৱস পালন কৰা হয়?

বিশ্ব খাদ্য দিৱস উদযাপনৰ উদ্দেশ্য হৈছে মানুহক ভোকৰ মহামাৰীৰ বিষয়ে সজাগ কৰা। এফালে যদি বহুতে ভোকত শুই থাকে, আনফালে কিছুমান মানুহে খাদ্য অপচয় কৰে। বিশ্ব খাদ্য দিৱসৰ জৰিয়তে মানুহক বুজাবলৈ প্ৰয়াস কৰা হয় যে, খাদ্যৰ অপচয় হ’ব নালাগে। খাদ্য সঞ্চয় কৰি ৰাইজৰ মাজত বিতৰণ কৰাটো অতি প্ৰয়োজনীয়।

বিশ্ব খাদ্য দিৱসৰ ইতিহাস

খাদ্য আৰু কৃষি সংস্থাই (FAO) ১৯৪৫ চনত প্ৰথমবাৰৰ বাবে বিশ্ব খাদ্য দিৱস পালন কৰিছিল। এই দিৱস ৰাষ্ট্ৰসংঘই ২০১৪ চনত পালন কৰাৰ আৰম্ভ কৰিছিল। ২০১৪ চনৰ এই দিনটোৰ আৰম্ভণিৰে পৰা খাদ্য সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। খাদ্যৰ গুৰুত্ব বুজিবলৈ আৰু অনাহাৰত ভুগি থকাসকলক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ বাবে মানুহক উৎসাহিত কৰিবলৈ এই দিৱস পালন কৰা হয়।

২০২৪ চনৰ বিশ্ব খাদ্য দিৱসৰ বিষয়বস্তু

প্ৰতি বছৰে খাদ্য আৰু কৃষি সংস্থাই (FAO) বিশ্বব্যাপী খাদ্য প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰিবলৈ এটা থিম প্ৰকাশ কৰে। ২০২৪ চনৰ খাদ্য দিৱসৰ থিমটো উন্নত জীৱন আৰু উন্নত ভৱিষ্যতৰ বাবে খাদ্যৰ অধিকাৰ হিচাপে ৰখা হৈছে। এই বিষয়বস্তুৰ উদ্দেশ্য হৈছে- মানুহক খাদ্য আৰু স্বাস্থ্যসন্মত জীৱনৰ বিষয়ে সজাগ কৰা।

Latest News