World Cancer Day 2025: কৰ্কট ৰোগৰ বিষয়ে বহু নজনা কথা আৰু গুৰুত্বপূৰ্ণ তথ্য জানক…
World Cancer Day 2025: আজি সমগ্ৰ বিশ্বই পালন কৰিছে বিশ্ব কৰ্কট দিৱস। এই দিনটোত জনতাক কৰ্কট ৰোগৰ বিষয়ে সজাগ কৰা হয়। বিশ্বত কৰ্কট ৰোগত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা হ্ৰাস কৰায়ে এই দিৱসৰ মূল উদ্দেশ্য।

আজি সমগ্ৰ বিশ্বই পালন কৰিছে বিশ্ব কৰ্কট দিৱস (World cancer day)। প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব কৰ্কট দিৱস হিচাপে পালন কৰা হয়। কৰ্কট ৰোগৰ প্ৰতি জনতাক সজাগ কৰা, বিশ্বত কৰ্কট ৰোগীৰ সংখ্যা তথা মৃত্যু হ্ৰাস কৰায়ে এই দিৱসৰ উদ্দেশ্য। নেশ্যনেল কেন্সাৰ ইনষ্টিটিউটৰ প্ৰতিবেদন অনুসৰি ২০২৩ চনত ভাৰতত ১৪,৯৬,৯৭২ জনলোক কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। অনুমান কৰা হৈছে ২০৪৭ চনলৈ ইয়াৰ পৰিমাণ দুগুণ হ’ ব। কৰ্কট ৰোগৰ ক্ষেত্ৰত প্ৰথমে ৰোগীৰ দেহত কিছু লক্ষণে দেখা দিয়ে, কিন্তু এই লক্ষণসমূহ বহুতে আওকান কৰা দেখা যায়।
দেশত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। কিন্তু আজিও এই ৰোগৰ বিষয়ে বহু মানুহে বহু কথা নাজানে। কৰ্কট ৰোগ সন্দৰ্ভত কিছুমান তথ্য তলত আগবঢ়োৱা হ’ল-
কৰ্কট ৰোগ সংক্ৰামক নহয়
কৰ্কট ৰোগ সংক্ৰামক নহয। অৰ্থাৎ ই এজন ৰোগীৰ পৰা আনজনলৈ বিয়পি নাযায়। ইয়াৰ বিকাশ শাৰীৰিক সংস্পৰ্শৰ দ্বাৰা নহয়। জিনেটিক মিউটেচন আৰু অন্যান্য কাৰকৰ বাবে কৰ্কট ৰোগ হয়।
বহু কৰ্কট ৰোগ প্ৰতিৰোধ আৰু চিকিৎসা কৰিব পৰা যায়
স্বাস্থ্যসন্মত খাদ্য, নিয়মীয়া ব্যায়াম, ধঁপাত পৰিহাৰ আদিয়ে কৰ্কট ৰোগৰ সম্ভাৱনা কম কৰে। ইয়াৰোপৰি আৰম্ভণিতে এই ৰোগ ধৰা পৰিলে ইয়াৰ প্ৰতিৰোধ বা চিকিৎসা কৰিব পৰা যায়। ইয়াৰোপৰি কিছুমান কৰ্কট ৰোগৰ প্ৰতিৰোধৰ হাৰ বেছি।
প্ৰকাৰ
আমাৰ দেহত বিভিন্ন কোষ আছে। যেতিয়া এই কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰে তেতিয়াই ই কৰ্কটলৈ ৰূপান্তৰিত হয়। কৰ্কট ৰোগ প্ৰায় ২০০ প্ৰকাৰৰ আছে। অৱশ্যে স্তন, হাঁওফাঁও, কলৰেক্টাৰ আদি কেন্সাৰ বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়। হাওঁফাওঁৰ কৰ্কট ৰোগ আটাইতকৈ মাৰাত্মক। আনহাতে থাইৰয়ড আৰু ছাৰ্ভাইকেল কেন্সাৰৰ আৰোগ্যৰ হাৰ সৰ্বাধিক।
কিছুমান সাধাৰণ লক্ষণ
প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি কৰ্কটৰ লক্ষণে দেখা দিয়ে। কৰ্কট ৰোগৰ কিছুমান সাধাৰণ লক্ষণ- ভাগৰুৱা অনুভৱ, অস্বাভাৱিক ওজন হ্ৰাস, অবিৰত বিষ, অস্বাভাৱিক ৰক্তক্ষৰণ, ছালৰ পৰিবৰ্তন, ঘা আজি হোৱা। এই লক্ষণসমূহ আগতীয়াকৈ চিনাক্ত কৰিলে চিকিৎসাৰ ফলত কৰ্কটৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা থাকে।
কোষ বৃদ্ধি
মানুহৰ শৰীৰত প্ৰায় ৩৭.৭ ট্ৰিলিয়ন কোষ থাকে। যিবোৰ সময়ে সময়ে বৃদ্ধি হৈ থাকে আৰু সময়ে সময়ে ইয়াৰ মৃত্যু হয়। কিন্তু কেতিয়াবা কিছুমান কোষ অস্বাভাৱিক ভাৱে বৃদ্ধি পাই আৰু শৰীৰৰ আন অংশলৈও বিয়পি পৰে। লাহে লাহে টিউমাৰ গঠন হয় আৰু এনেকৈ কৰ্কট ৰোগৰ সৃষ্টি হয়।
মহিলাৰ প্ৰতিৰোধৰ হাৰ বেছি
বিভিন্ন অধ্যয়নত দেখা গৈছে যে, এই ৰোগ প্ৰতিৰোধৰ হাৰ মহিলাৰ ক্ষেত্ৰত বেছি। ইয়াৰোপৰি মহিলাৰ সোঁফালৰ স্তনতকৈ বাওঁফালৰ স্তনত বেছিকৈ কেন্সাৰ হয় আৰু শৰীৰৰ বাওঁফালতো মেলানোমাৰ ১০% বেছি প্ৰৱণতা থাকে। অৱশ্যে ইয়াৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ইয়াৰ বাবে আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে।
অন্য খবৰ পঢ়কঃ World Cancer Day 2025: কিয় পালন কৰা হয় ‘বিশ্ব কৰ্কট দিৱস’? জানক ইয়াৰ ইতিহাস, মহত্ব সকলো…