World Bicycle Day 2025: প্ৰতিদিনে চাইকেল চলোৱাৰ অভ্যাস গঢ়ক, সহায় কৰিব ওজন হ্ৰাস কৰাত…
শৰীৰক সুস্থ কৰি ৰাখিবলৈ চাইকেল চলোৱাটো অতি প্ৰয়োজনীয় । চাইকেলে ওজন নিয়ন্ত্ৰণত সহায় কৰে আৰু পেশী আৰু হাড় শক্তিশালী কৰে। বৰ্তমান যন্ত্ৰ চালিত বাহনৰ ব্যৱহাৰে ক্ৰমাত যেন চাইকেলৰ ব্যৱহাৰ কমাই আনিছে।

আজি বিশ্ব চাইকেল দিৱস। এই চাইকেলখনৰ সৈতে সকলোৰে আছে অলেখ স্মৃতি। চাইকেল খনৰ মাজতেই লুকাই আছে বহুতৰে ল’ৰালি। ০১৮চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘ সাধাৰণ পৰিষদে ৩ জুন তাৰিখটো আন্তৰাষ্ট্ৰীয় বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছিল। দুই শতিকাৰ ধৰি ব্যৱহাৰ হৈ অহা চাইকেলে মানৱ জাতিক দেখুৱাই দিয়া স্বাস্থ্যৰ বাবে ইতিবাচক দিশ, উপযোগিতা, সৰলতা, স্বচ্ছতাৰ লগতে ইয়াৰ প্ৰদূষণমুক্ত বৈশিষ্ট্য আদিৰ বাবে এই দিৱসটি পালন কৰা হয়।
এটা সময় পৰিবহণৰ মাধ্যম কেৱল ঘোঁৰা নহ’লে নিজৰ ভৰিদুখন আছিল। কিন্তু তাৰ পাছতেই দুটা চকা, এটা ছীট, হেণ্ডেল আৰু মাত্ৰ কেইটামান সামগ্ৰী সংযোগ কৰি আৱিষ্কাৰ কৰা হৈছিল। পৰিবহণৰ বাবে চাইকেল সকলোৱে ব্যৱহাৰ কৰা আৰম্ভ কৰিলে। বিনা ইন্ধন, বিনা প্ৰদূষণৰ মাজেৰে আৱিষ্কাৰ হৈছিল এই চাইকেলখন। আমাৰ শৰীৰক সুস্থ কৰি ৰখাত চাইকেলৰ ভূমিকা যথেষ্ঠ আছে। চাইকেল চলোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী ।
আজি জানো আহক চাইকেল চলোৱাৰ উপকাৰিতা
চাইকেল চলালে কেলৰি বাৰ্ন হয়
আপুনি কিমান সময় আৰু কিমান জোৰেৰে চলাব তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। চাইকেল চলালে কেলৰি বাৰ্ন সহায় কৰিব পাৰে। ৩০ মিনিটৰ মধ্যমীয়া চক্ৰই প্ৰায় ৩০০ কেলৰি বাৰ্ন কৰাত সহায় কৰিব পাৰে। যিমানেই চলাব সিমানেই আপোনাৰ বাবে ভাল।
বিপাকীয় ক্ৰিয়া বৃদ্ধি
নিয়মিতভাৱে যিমানেই চাইকেল চলাব সিমানেই আপোনাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পাব। ইয়াৰ ফলত ওজন কমোৱাত সহজ হয়।
পেশীবোৰ মজবুত কৰক
চাইকেল চলোৱাটো প্ৰধানকৈ ভৰি, উৰু আৰু গাঁথিৰ ব্যায়াম। কিন্তু চাইকেল চলোৱাৰ ভংগীমাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি পেট আৰু হাত দুখন সহজেই মজবুত কৰিব পাৰে।
মানসিক স্বাস্থ্যৰ বাবে সহায় আগবঢ়োৱা
ওজন হ্ৰাস কেৱল শাৰীৰিক যাত্ৰায়ে নহয় মানসিক যাত্ৰাও। যদিও চাইকেল চলোৱাটো এটা ডাঙৰ ব্যায়াম, তথাপিও ই মানসিক চাপ, চিন্তা আৰু উদ্বেগ দূৰ কৰিব পাৰে।
দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত
ঘৰৰ পৰা কৰ্মস্থলীলৈ, বজাৰলৈ, বা আপোনাৰ ওচৰ-চুবুৰীয়াৰ ওচৰলৈ গ’লে চাইকেল চলাই যাব। এইদৰে আপোনাৰ দৈনন্দিন জীৱনত ব্যায়ামক অন্তৰ্ভুক্ত কৰাৰ এটা সহজ উপায়।