Women’s Day wishes: নাৰী কেৱল এটা শব্দ নহয়… আন্তৰ্জাতিক নাৰী দিৱসত এইদৰে জনাওক প্ৰিয় নাৰীগৰাকীক শুভেচ্ছা
International Women’s Day 2025: আন্তৰ্জাতিক নাৰী দিৱস ২০২৫-ৰ বিষয়বস্তু, 'Accelerate Action', নাৰীৰসমতা আৰু সৱলীকৰণৰ দিশত প্ৰগতি ত্বৰান্বিত কৰাৰ বাবে এক বাৰ্তা প্ৰদান কৰে। মহিলাসকলৰ সংগ্ৰাম আৰু কৃতিত্বক সন্মান জনোৱাৰ বাবে এই দিৱস উদযাপন কৰা হয়।

আন্তৰ্জাতিক নাৰী দিৱসত আপোনাৰ প্ৰিয় নাৰীগৰাকীক জনাওক শুভেচ্ছাImage Credit source: Canva Images Creative
৮ মাৰ্চত বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। এই দিনটো নাৰীৰ সংগ্ৰাম, ত্যাগ আৰু অটল শক্তিক অভিবাদন জনোৱাৰ এক সুযোগ। সমাজত নাৰীক সন্মান, সমতা আৰু অধিকাৰবৃদ্ধিৰ লক্ষ্যৰে ইয়াক পালন কৰা হয়। এই বছৰৰ আন্তৰ্জাতিক নাৰী দিৱসৰ বিষয়বস্তু হৈছে “ত্বৰান্বিত কাৰ্য”, যিয়ে মহিলাসকলৰ জীৱন উন্নত কৰাৰ বাবে দ্ৰুত প্ৰগতিৰ বাবে আহ্বান জনাইছে।
প্ৰতিজন পুৰুষৰ জীৱনত এগৰাকী বিশেষ মহিলা থাকে, যিয়ে আগবঢ়াত সহায় কৰে। আন্তৰ্জাতিক নাৰী দিৱসত আপোনাৰ জীৱনৰ প্ৰিয় নাৰীগৰাকীক বিশেষভাৱে জনাব পাৰে এই দিৱসৰ শুভেচ্ছা।
Women’s Day Wishes & Quotes in Assamese
- বেদনা বুকুত বান্ধি হাঁহিৰে জগত জিনিবলৈ চেষ্টা কৰা মোৰ জীৱনৰ বিশেষ মানুহগৰাকীক আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা।
- নাৰী কেৱল এটা শব্দ নহয়, সমগ্ৰ সৃষ্টিৰ ভেটি। কেতিয়াবা জীৱন দাত্ৰী, কেতিয়াবা প্ৰেমৰ মূৰ্তি, আৰু কেতিয়াবা সৰ্বশক্তিশালী। Happy Women’s Day!
- তোমাৰ কোমলতাত লুকাই আছে শক্তি, তোমাৰ হাঁহিটো বহু সংগ্ৰাম লুকাই থাকে। আপুনিয়েই মোৰ গোটেই পৃথিৱী…আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা।
- কেতিয়াবা যদি মা, কেতিয়াবা ভগ্নী আৰু কেতিয়াবা বান্ধৱীহৈ মোৰ স’তে জীৱনৰ প্ৰতিটো সময়ত বিশেষ নাৰীগৰাকী হৈ থকাৰ বাবে ধন্যবাদ। আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা।
- প্ৰতিদিনে এগৰাকী নাৰীৰ দিন, প্ৰতিটো মুহূৰ্ত এগৰাকী নাৰীৰ পৰিচয়, এই নাৰী দিৱসত সেই নাৰীশক্তিক প্ৰণাম জনাইছোঁ!
- নাৰীয়েই প্ৰেম আৰু নাৰীয়েই শক্তি… নাৰী অবিহনে এই পৃথিৱী অসম্পূৰ্ণ, নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা।
- যদি জীৱনক সফলতাৰ শিখৰত লৈ যাব লাগে, তেন্তে প্ৰতিগৰাকী মহিলাক স্বাধীনতা দিয়াটো অত্যাৱশ্যক! Happy Women’s Day!
- মানুহে কয় তোৰ কি অস্তিত্ব নাৰী, কিন্তু নাৰীয়েই পাৰে দুখ আঁতৰাই সুখ বিলাবলৈ… নাৰী দিৱসৰ শুভেচ্ছা!
- পৃথিৱীয়ে কিয় কয় যে মহিলাসকল দুৰ্বল, আজিও কিন্তু মহিলাসকলেই ঘৰখন ধৰি ৰখাৰ দায়িত্বভাৰ লয় … আন্তৰ্জাতিক মহিলা দিৱসৰ শুভেচ্ছা!
- প্ৰতিটো দিনে হ’ব লাগে নাৰীৰ বাবে উৎসৰ্গিত, কেতিয়াও নৰখকৈ প্ৰতিটো কাম কৰি যায়, কেৱল এদিনে নকৰিব তেওঁলোকৰ বাবে সমৰ্পন, প্ৰতিদিনেই কৰক নাৰীসকলক প্ৰণাম।