শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মহিলাৰ থাইৰয়ড ৰোগ হোৱাৰ আগতে এই তিনিটা লক্ষণে দেখা দিয়ে…

পৰিৱৰ্তিত জীৱনশৈলী, বেয়া খাদ্যাভ্যাস, মানসিক চাপ আদিয়ে থাইৰয়ডৰ সমস্যাৰ প্ৰধান কাৰণ বুলি গণ্য কৰা হয়। আগতীয়াকৈ চিনাক্ত নকৰিলে স্বাস্থ্যজনিত গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

মহিলাৰ থাইৰয়ড ৰোগ হোৱাৰ আগতে এই তিনিটা লক্ষণে দেখা দিয়ে…
Manas Borah
Manas Borah | Published: 09 Jan 2026 22:21 PM

বৰ্তমান সময়ত মহিলাৰ মাজত থাইৰয়ডৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশ্বজুৰি পুৰুষতকৈ মহিলাৰ থাইৰয়ডৰ সমস্যা বেছি। আমেৰিকান থাইৰয়ড এছ’চিয়েশ্যনৰ মতে, প্ৰতি ৮ গৰাকী মহিলাৰ ভিতৰত ১ গৰাকীয়ে জীৱনৰ কোনো এটা সময়ত থাইৰয়ড সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’ব পাৰে। থাইৰয়ড হৈছে ডিঙিত অৱস্থিত সৰু গ্ৰন্থি যিয়ে হৰম’ন উৎপন্ন কৰে। শৰীৰৰ বিপাকীয় ক্ৰিয়া, শক্তি আৰু হৰম’নৰ ভাৰসাম্যৰ বাবে ই অতি প্ৰয়োজনীয়।

পৰিৱৰ্তিত জীৱনশৈলী, বেয়া খাদ্যাভ্যাস, মানসিক চাপ আদিয়ে থাইৰয়ডৰ সমস্যাৰ প্ৰধান কাৰণ বুলি গণ্য কৰা হয়। আগতীয়াকৈ চিনাক্ত নকৰিলে স্বাস্থ্যজনিত গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ চিনাক্ত কৰি তৎকালীনভাৱে পৰীক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ প্ৰাৰম্ভিক লক্ষণবোৰ জানোঁ আহক।

মহিলাৰ থাইৰয়ডৰ প্ৰাৰম্ভিক তিনিটা লক্ষণ কি কি?

হঠাতে ওজন বৃদ্ধি বা কমি যোৱা

গাজিয়াবাদৰ অন্তঃস্ৰাৱ বিশেষজ্ঞ ডাঃ অমিত কুমাৰে বুজাইছে যে, খাদ্য বা ব্যায়াম অবিহনে ওজনৰ অস্বাভাৱিক পৰিৱৰ্তন থাইৰয়ডৰ আগতীয়া সতৰ্কবাণী হ’ব পাৰে। এই লক্ষণটো প্ৰায়ে উপেক্ষা কৰা হয় যদিও ইয়াক আগতীয়াকৈ চিনাক্ত কৰাটো অতি প্ৰয়োজন।

ক্লান্তি আৰু দুৰ্বলতা

স্বাভাৱিক টোপনিৰ পিছতো অহৰহ ভাগৰুৱা হোৱা আৰু শক্তিৰ মাত্ৰা কম হোৱাটো প্ৰাৰম্ভিক লক্ষণ। ইয়াৰ ফলত দৈনন্দিন কাম-কাজত প্ৰভাৱ পৰিব পাৰে আৰু জীৱনৰ মান হ্ৰাস পাব পাৰে।

চুলি আৰু ছালৰ পৰিৱৰ্তন

চুলি সৰা, ছালত বলিৰেখা ওলোৱা বা ছাল শুকান হোৱা ইয়াৰ প্ৰাৰম্ভিক লক্ষণ। ছালৰ ৰং সলনি হোৱা থাইৰয়ডৰ আগতীয়া লক্ষণ হ’ব পাৰে।

এই তিনিটা লক্ষণক সহজভাৱে ল’ব নালাগে। আগতীয়াকৈ চিনাক্তকৰণ আৰু চিকিৎসাৰ পৰামৰ্শই গুৰুতৰ স্বাস্থ্যজনিত সমস্যা ৰোধ কৰিব পাৰে আৰু থাইৰয়ডৰ চিকিৎসা সহজ কৰি তুলিব পাৰে।

থাইৰয়ড হোৱাৰ বিপদজনক কাৰকসমূহ কি কি?

মহিলাৰ থাইৰয়ড হোৱাৰ কেইবাটাও বিপদজনক কাৰক থাকে। আটাইতকৈ সাধাৰণ কেইটা হ’ল- পৰিয়ালত কোনো লোকৰ থাইৰয়ডৰ সমস্যা আৰু আয়’ডিনৰ অভাৱ এই সমস্য়াৰ কাৰণ। বিশেষকৈ গৰ্ভাৱস্থা বা ৰজোনিবৃত্তিৰ সময়ত হৰম’নৰ পৰিৱৰ্তনে থাইৰয়ডৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

মানসিক চাপ, বেয়া জীৱনশৈলী, অটোইম্যুন ৰোগ আদিয়েও থাইৰয়ডৰ কাৰ্যত প্ৰভাৱ পেলায়। পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত থাইৰয়ড বেছি, সেয়ে ইয়াক বিশেষ মনোযোগৰ প্ৰয়োজন। এই বিপদজনক কাৰকসমূহৰ বিষয়ে সচেতন হ’লে আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু চিকিৎসা হ’ব পাৰে, যিয়ে গুৰুতৰ জটিলতা ৰোধ কৰিব পাৰে।