শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ছাল শুকান আৰু কোঁচ খাবলৈ আৰম্ভ কৰিছে নেকি ? শীতকালত ছালৰ যত্নৰ বাবে কি তেল ব্যৱহাৰ কৰিব ?

আপোনাৰ ছালখন কেনেকুৱা ধৰণৰ হয়, সেই অনুসৰি তেল ব্যৱহাৰ কৰিব লাগে। ছালৰ ধৰণ অনুসৰি এই সময়ত কেনেকুৱা ধৰণৰ তেল ব্যৱহাৰ কৰিব লাগে জানোঁ আহক।

ছাল শুকান আৰু কোঁচ খাবলৈ আৰম্ভ কৰিছে নেকি ? শীতকালত ছালৰ যত্নৰ বাবে কি তেল ব্যৱহাৰ কৰিব ?
manas-borah
Manas Borah | Published: 20 Dec 2025 12:42 PM

শীতকালত প্ৰায় সংখ্যক লোকে ছালৰ সমস্যাৰ সন্মুখীন হয়। যাৰ বাবে ইয়াৰ যত্ন লোৱাটো অতি প্ৰয়োজন। এই সময়ছোৱাত ছাল শুকান হোৱা, বলিৰেখা বা ছাল কোঁচ খোৱা, চেনচিটিভ ছালৰ ক্ষেত্ৰত বিভিন্ন সমস্যা হোৱা দেখা যায়। বহুতে শীতকালৰ ছালৰ সমস্যাৰ পৰা উপশম পাবলৈ বিভিন্ন ধৰণৰ তেল ব্যৱহাৰ কৰে। কিন্তু আপোনাৰ ছালখন কেনেকুৱা ধৰণৰ হয়, সেই অনুসৰি তেল ব্যৱহাৰ কৰিব লাগে। ছালৰ ধৰণ অনুসৰি এই সময়ত কেনেকুৱা ধৰণৰ তেল ব্যৱহাৰ কৰিব লাগে জানোঁ আহক।

বলিৰেখা বা ছাল কোঁচ খোৱা

বলিৰেখা বা ছাল কোঁচ খোৱা সমস্যাৰ ক্ষেত্ৰত প্ৰাইমৰ’জ অইল আৰু অলিভ অইল ব্যৱহাৰ কৰিব পাৰে। যদি দেখে যে, আপোনাৰ ছালত বলিৰেখা বা ছাল কোঁচ খাবলৈ আৰম্ভ কৰিছে, তেন্তে এই তেল ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দ্বাৰা ভাল ফলাফল পাব।

শুকান ছাল

যদি শীতকালত ছাল শুকান হোৱা সমস্যা হয়, তেন্তে নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে। গা ধোৱাৰ আগতে আৰু ৰাতি শোৱাৰ আগতে হাত, ভৰি, মুখত নাৰিকল তেল লগালে ছালখন কোমল হৈ থাকিব।

ব্ৰণৰ সমস্যা

যদি ছালত ব্ৰণ আৰু পিম্পল থাকে, তেন্তে কেমেলিয়া তেল ব্যৱহাৰ কৰিব পাৰে। কেমেলিয়া তেলে ছালৰ ছিদ্ৰত জমা হোৱা মলি আঁতৰাই পেলায়। নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে ছালখন মসৃণ দেখা যায়।

চেনচিটিভ ছাল

আপোনাৰ ছালখন যদি চেনচিটিভ, তেতিয়া এভোকেডো তেল ব্যৱহাৰ কৰিব পাৰে। এই তেলত প্ৰচুৰ পৰিমাণে ভিটামিন ই, লেচিথিন আৰু পটাছিয়াম থাকে, যিয়ে ছালখন আৰ্দ্ৰ কৰি পুষ্টি প্ৰদান কৰে। এনে ছালৰ বাবে আলমণ্ড অইল ভাল। আলমণ্ড অইলত ভিটামিন এ, ই আৰু ডিৰ প্ৰাকৃতিক উৎস।

স্বাভাৱিক ছাল

ব্ৰণ বা ফোঁহাৰ সমস্যা নথকা ছালৰ বাবে আৰ্গন অইল ভাল। যিহেতু ইয়াত ভিটামিন ই থাকে গতিকে ই ছালৰ দাগ আৰু বলিৰেখা আঁতৰোৱাত সহায় কৰিব পাৰে।

স্পষ্টীকৰণ: এই প্ৰতিবেদন কেৱল তথ্যৰ বাবেহে প্ৰস্তুত কৰা হৈছে। ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয়। অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক।