5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

খালী পেটেৰে দৌৰিলে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পৰিব? বিশেষজ্ঞৰ পৰা জানক

Running Benefits: স্বাস্থ্যৱান হৈ থাকিবলৈ দৈনিক কমেও ৫-১০ মিনিট দৌৰাটো উপযোগী বুলি গণ্য কৰা হয়। স্বাস্থ্য বিশেষজ্ঞসকলে বিশ্বাস কৰে যে দৌৰাটোৱে আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। কিন্তু যদি আপুনি খালী পেটেৰে দৌৰে, স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰিব? বিশেষজ্ঞৰ পৰা জানক...

খালী পেটেৰে দৌৰিলে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পৰিব? বিশেষজ্ঞৰ পৰা জানক
দৌৰাৰ লাভালাভ
Follow Us
trishna-kalita
Trishna Kalita | Published: 04 Sep 2024 16:43 PM

Running in Empty Stomach: যদি আপুনি শৰীৰটোক সুস্থ-সবল কৰি ৰাখিব বিচাৰে তেন্তে দৌৰাৰ অভ্যাস কৰক। দৌৰিলে শৰীৰত মনোবল বৃদ্ধি হয়। পেছাদাৰী খেলুৱৈসকলে বেছিভাগ খালী পেটেৰে দৌৰে। প্ৰকৃততে দৌৰাটোৱে শৰীৰৰ শক্তি বৃদ্ধি কৰে আৰু চৰ্বিও দ্ৰুতগতিত হ্ৰাস কৰে। বিশেষজ্ঞসকলে কয় যে যদি আপুনি ৰাতিপুৱা খালী পেটেৰে দৌৰে ই স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী।

এপ’লো স্পেক্ট্ৰা চিকিৎসালয়ৰ এমডি চিকিৎসক ডাঃ ৰবি কেশৰীয়ে কয় যে দৌৰাটোৱে আমাৰ শৰীৰত ৰক্ত সঞ্চালন ভাল কৰি ৰাখে। যদি ৰক্ত সঞ্চালন ভাল হয় তেন্তে আমাৰ শৰীৰ বহুতো ৰোগৰ পৰা সুৰক্ষিত থাকিব। ই আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীকো শক্তিশালী কৰে। খালী পেটেৰে দৌৰাৰ লাভালাভবোৰ কি কি সেয়া বিশেষজ্ঞৰ পৰা জানক..

চৰ্বি দ্ৰুতগতিত হ্ৰাস হ’ব

যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকে খালী পেটেৰে দৌৰিব লাগে। বিশেষজ্ঞসকলৰ মতে নোখোৱাকৈ দৌৰিলে দ্ৰুতগতিত চৰ্বি হ্ৰাস। এই বিষয়ে বহুতো গৱেষণাও প্ৰকাশ পাইছে। শৰীৰৰ পৰা অতিৰিক্ত চৰ্বি আঁতৰাবলৈ আপুনি দৈনিক কেইমিনিটমান দৌৰিব পাৰে।

ডায়েবেটিচ নিয়ন্ত্ৰণ কৰে

দৌৰাই ইনচুলিন সংবেদনশীলতা বৃদ্ধি কৰে। যিয়ে Type 2 ডায়বেটিচৰ আশংকা হ্ৰাস কৰে। ইয়াৰ বাহিৰেও খালী পেটেৰে দৌৰিলে বিপাক সঠিক হৈ থাকে । দৌৰিলে শৰীৰত চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। এনে পৰিস্থিতিত ৰাতিপুৱা দৌৰিলে বহু উপকাৰ হ’ব পাৰে।

হৃদৰোগৰ বাবে লাভদায়ক। যদি আপুনি হৃদৰোগৰ আশংকা হ্ৰাস কৰিব বিচাৰে, তেন্তে প্ৰতিদিনে ১০-১৫ মিনিট দৌৰিব। হৃদযন্ত্ৰক সঠিকভাৱে পাম্প কৰাত আৰু ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে।

ভাল টোপনি
ভালদৰে দৌৰা লোকসকলে ভালদৰে টোপনি যায়। বিশেষকৈ যিসকলে গোটেই ৰাতি বিচনাত ঘূৰি থাকে আৰু তেওঁলোকৰ বাবে দৌৰা অধিক লাভজনক। ৰাতিপুৱা দৌৰিলে নিশা তেওঁলোকৰ ভালদৰে টোপনি আহিব। সামগ্ৰিকভাৱে খালী পেটেৰে দৌৰিলে বিভিন্ন ধৰণে স্বাস্থ্যক লাভালাভ প্ৰদান কৰে।

Latest News