ঔষধ খোৱা বন্ধ কৰিলে ওজন বৃদ্ধিৰ আশংকা থাকে, ই কিমান বিপদজনক…
আচলতে ঔষধৰ দ্বাৰা ওজন হ্ৰাস কৰাটো স্থায়ী সমাধান নহয়। সঠিক খাদ্য আৰু সুষম ৰুটিন অবিহনে কেৱল ঔষধৰ ওপৰত নিৰ্ভৰ কৰাটো বিপদজনক হ’ব পাৰে আৰু ইয়াৰ ফলত অসংখ্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
বৰ্তমান মানুহে ওজন কমাবলৈ ঔষধৰ আশ্ৰয় লয়। এই ঔষধসমূহ ছ’চিয়েল মিডিয়া, বিজ্ঞাপন আৰু অনলাইন প্লেটফৰ্মত সহজ সমাধান হিচাপে উপস্থাপন কৰা হয়। কেইসপ্তাহমানৰ ভিতৰত ওজন কমালে প্ৰায়ে তেওঁলোক সন্তুষ্ট হয় আৰু ধৰি লয় যে, ই স্থায়ী। কিন্তু ঔষধ বন্ধ কৰাৰ পিছত যেতিয়া পুনৰ ওজন বৃদ্ধি হ’বলৈ আৰম্ভ কৰে তেতিয়া হতাশা আৰু উদ্বেগ বাঢ়ি যায়।
আচলতে ঔষধৰ দ্বাৰা ওজন হ্ৰাস কৰাটো স্থায়ী সমাধান নহয়। সঠিক খাদ্য আৰু সুষম ৰুটিন অবিহনে কেৱল ঔষধৰ ওপৰত নিৰ্ভৰ কৰাটো বিপদজনক হ’ব পাৰে আৰু ইয়াৰ ফলত অসংখ্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ঔষধ বন্ধ কৰাৰ পিছত ওজন বৃদ্ধি কিয় হয় আৰু কেৱল ঔষধৰ ওপৰত নিৰ্ভৰ কৰাটো কিয় বিপজ্জনক সেই বিষয়ে জানোঁ আহক।
ঔষধ বন্ধ কৰাৰ পিছত কিয় ওজন বৃদ্ধি পায়?
আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ সঞ্চালক অধ্যাপক ডাঃ সুভাষ গিৰীয়ে বুজাইছে য, ওজন কমাব পৰা ঔষধে শৰীৰৰ প্ৰাকৃতিক প্ৰক্ৰিয়াত সাময়িকভাৱে পৰিৱৰ্তন ঘটায়। এই ঔষধবোৰৰ ফলত ভোক কমি যায় বা শৰীৰৰ কেলৰি অধিক খৰচ হয়। ঔষধ বন্ধ কৰিলে শৰীৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। এই সময়ছোৱাত হঠাতে ভোক বাঢ়িব পাৰে আৰু আগতকৈ বেছি খাদ্য খোৱাৰ হেঁপাহ হ’ব পাৰে।
শৰীৰে বুজিবলৈ আৰম্ভ কৰে যে, আগতে কম শক্তি লাভ কৰিছিল, গতিকে এতিয়া ই অধিক চৰ্বি জমা কৰিবলৈ চেষ্টা কৰে। এই কাৰণেই ওজন বৃদ্ধি দ্ৰুতগতিত হয়। ঔষধ খাওঁতে যদি খাদ্য আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ প্ৰতি লক্ষ্য ৰাখিব নোৱাৰে তেন্তে শৰীৰে নিজৰ ওজন নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা হেৰুৱাই পেলায়। গতিকে ঔষধ বন্ধ কৰিলেই পুৰণি অভ্যাসবোৰ ঘূৰি আহে আৰু ওজন বৃদ্ধি আৰম্ভ হয়।
ওজন কমাবলৈ কেৱল ঔষধৰ ওপৰত নিৰ্ভৰ কৰাটো কিয় বিপজ্জনক হ’ব পাৰে?
কেৱল ঔষধৰ ওপৰত ভিত্তি কৰি ওজন কমালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। এই ঔষধে শৰীৰৰ স্বাভাৱিক ভোক আৰু পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়, যাৰ ফলত দুৰ্বল আৰু ভাগৰুৱা হয়। দীৰ্ঘদিন ব্যৱহাৰ কৰিলে হৰম’নৰ ভাৰসাম্যহীনতা হ’ব পাৰে। কেতিয়াবা ওজন কমি যাব পাৰে যদিও শক্তি আৰু পেশীৰ ভৰ দুৰ্বল হৈ পৰে। গতিকে সঠিক খাদ্য, নিয়মীয়া ব্যায়াম আৰু সুষম ৰুটিন অবিহনে ঔষধৰ দ্বাৰা ওজন হ্ৰাস কৰাটো নিৰাপদ বুলি গণ্য কৰা নহয়।