শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

High BP: কম বয়সীয়া লোকসকলৰ কিয় হয় উচ্চ ৰক্তচাপ? জানক চিকিৎসকে কি কয়…

High BP cause: বৰ্তমান সময়ত বৃদ্ধি পাইছে উচ্চ ৰক্তচাপৰ সমস্যা। তথ্য অনুসৰি চহৰৰ প্ৰায় ৩৩% আৰু গ্ৰাম্য অঞ্চলৰ ২৫% উচ্চ ৰক্তচাপত আক্ৰান্ত। বিশেষকৈ যুৱ প্ৰজন্ম এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়।

High BP: কম বয়সীয়া লোকসকলৰ কিয় হয় উচ্চ ৰক্তচাপ? জানক চিকিৎসকে কি কয়…
উচ্চ ৰক্তচাপImage Credit source: tv9 hindi
Barasha Sarma
Barasha Sarma | Published: 17 Feb 2025 13:51 PM

নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থৰ তথ্য অনুসৰি চহৰৰ প্ৰায় ৩৩% আৰু গ্ৰাম্য অঞ্চলৰ ২৫% উচ্চ ৰক্তচাপত আক্ৰান্ত। ইয়াৰে ২৫ শতাংশ গ্ৰাম্য আৰু ৪২ শতাংশ চহৰীয়ালোকে নাজানে যে তেওঁলোক এই ৰোগত আক্ৰান্ত। ইয়াৰ কাৰণ এয়াই যে বহু লোকে আজিও উচ্চ ৰক্তচাপৰ লক্ষণসমূহৰ বিষয়ে অৱগত নহয়। এনেবোৰ কাৰণতে উচ্চ ৰক্তচাপ(High bp) ক চাইলেণ্ট কিলাৰ বুলি কোৱা হয়। চিন্তনীয় বিষয়টো এয়াই যে,যুৱসকল এই ৰোগত আক্ৰান্ত হৈছে। ২৫ ৰ পৰা ৪০ বছৰৰ লোকসকল এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়।

উচ্চ ৰক্তচাপ কিয় হয়? কিয় কম বয়সৰলোক এই ৰোগত আক্ৰান্ত হৈছে? এনে বহু প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে নতুন দিল্লীৰ এইমছৰ চিকিৎসা বিভাগৰ অতিৰিক্ত অধ্যাপক ডাঃ নীৰজ নিশ্চলে।

কম বয়সীয়ালোক কিয় আক্ৰান্ত হয়

ডাঃ নীৰজে কয় যে উচ্চ ৰক্তচাপ এটা গুৰুতৰ ৰোগ। এই ৰোগত আক্ৰান্ত হোৱাৰ মূল কাৰণ হ’ব পাৰে-

  • আজিকালি যুৱসকলৰ জীৱনশৈলী ভাল নহয়। নিশা পলমকৈ শুৱাৰ অভ্যাস বহুতৰে। যাৰ বাবে স্বাস্থ্যত বেয়া প্ৰভাৱ পৰে
  • আজিকালি বিভিন্নজনৰ মাজত অস্বাস্থ্যকৰ খাদ্য খোৱাৰ অভ্যাস বৃদ্ধি পাইছে। ফাষ্ট ফুড, তেলজাতীয় খাদ্য আদি অধিক সেৱন কৰাৰ ফলত উচ্চ ৰক্তচাপৰ সমস্যা হ’ব পাৰে।
  • আজিকালি বহু মানুহে ব্যায়াম কৰিব নিবিচাৰে। যি উচ্চ ৰক্তচাপৰ কাৰণ হ’ব পাৰে। শাৰীৰিক কাৰ্য প্ৰয়োজনীয়।
  • কমবয়সৰ লোকসকলে কেৰিয়াৰ বা নিজৰ ব্যক্তিগত কাৰণত চিন্তাত থাকে। মানসিক অৱসাদ তথা চিন্তাৰ ফলত উচ্চ ৰক্তচাপ হ’ব পাৰে।
  • ধুমপান আৰু সুৰা সেৱন কৰাও উচ্চ ৰক্তচাপ বৃদ্ধিৰ অন্য কাৰণ। ইয়াৰোপৰি মেদবহুলতা আৰু জিনেটিক কাৰণতো উচ্চ ৰক্তচাপ হ’ব পাৰে।

লক্ষণ

ডাঃ নীৰজে কয় যে, বহু সময়ত উচ্চ ৰক্তচাপৰ লক্ষণ ধৰা নপৰে। এই ৰোগ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে।পৰীক্ষাৰ জৰিয়তে এই ৰোগ চিনাক্ত কৰিব পাৰি। অৱশ্যে ইয়াৰ কিছুমান লক্ষণ দেখা পোৱা যাব পাৰে। কিছুমানে উচ্চ ৰক্তচাপত ভুগিলে তীব্ৰ মূৰৰ বিষ, বুকুৰ বিষ, মূৰ ঘূৰোৱা আদি লক্ষণে দেখা দিয়ে। ইয়াৰোপৰি কিছুমানৰ এই লক্ষণ নাথাকিবও পাৰে।

ভাগ

ৰক্তচাপৰ পৰিসৰ অনুসৰি ইয়াক স্বাভাৱিক, বৃদ্ধি,ষ্টেজ ১ হাই বি পি আৰু ষ্টেজ ২ হাই বি পি শিতানত ভাগ কৰা হয়।

সাধাৰণ পৰিসৰ: ১২০/৮০তকৈ কম

উচ্চ ৰক্তচাপ: ১২০-১২৯/৮০তকৈ কম

১ম পৰ্যায়: ১৩০-১৩৯ (চিষ্টোলিক) ৮০-৮৯ (ডায়েষ্টোলিক)

২য় পৰ্যায়: ১৪০তকৈ অধিক (চিষ্টোলিক) আৰু ৯০তকৈ অধিক (ডায়েষ্টোলিক)