শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কোনসকল পুৰুষ সহজে প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত হয়? প্ৰতিৰোধৰ উপায় জানক…

প্ৰষ্টেট কেন্সাৰ হৈছে পুৰুষৰ এক ভয়াৱহ ৰোগ। ইয়াৰ লক্ষণসমূহ প্ৰাৰম্ভিক অৱস্থাত মৃদু হয়, গতিকে ই প্ৰায়ে লক্ষ্য নকৰাকৈয়ে থাকে। ডাঃ ৰোহিত কাপুৰৰ পৰা জানো আহক কোন পুৰুষৰ প্ৰষ্টেট কেন্সাৰৰ আশংকা বেছি, ইয়াৰ লক্ষণ, আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি।

কোনসকল পুৰুষ সহজে প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত হয়? প্ৰতিৰোধৰ উপায় জানক…
প্ৰষ্টেট কেন্সাৰImage Credit source: Getty images
trishna-kalita
Trishna Kalita | Published: 28 Oct 2025 19:12 PM

প্ৰষ্টেট কেন্সাৰ হৈছে পুৰুষৰ প্ৰজনন তন্ত্ৰৰ এক ভয়াৱহ ৰোগ। এই কেন্সাৰ মূত্ৰাশয়ৰ তলত আৰু মূত্ৰনলীৰ আশে-পাশে থকা প্ৰষ্টেট গ্ৰন্থিত হয়। এই গ্ৰন্থিয়ে বীৰ্য উৎপন্ন কৰাত সহায় কৰে। এই গ্ৰন্থিৰ কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি হ’লে কৰ্কট ৰোগ হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতি বছৰে বিশ্বৰ লাখ লাখ পুৰুষ প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত হয়, ইয়াৰে অধিকাংশৰে বয়স ৫০ বছৰৰ ওপৰৰ।

প্ৰষ্টেট কেন্সাৰৰ সঠিক কাৰণ সম্পূৰ্ণৰূপে বুজা হোৱা নাই যদিও কেইবাটাও কাৰক ইয়াৰ বাবে দায়ী বুলি ধাৰণা কৰা হৈছে। বয়স বৃদ্ধিৰ লগে লগে পুৰুষৰ হৰম’ন টেষ্টষ্টেৰনৰ পৰিৱৰ্তন ঘটে, যিয়ে কোষৰ অস্বাভাৱিক বৃদ্ধিত সহায় কৰে। পৰিয়ালৰ কোনোবাই যদি প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত হৈছে তেন্তে ইয়াৰ আশংকা বৃদ্ধি পায়। অস্বাস্থ্যকৰ খাদ্য, বিশেষকৈ অধিক চৰ্বি আৰু ৰঙা মাংস গ্ৰহণ, মেদবহুলতা, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আদিয়েও এই সম্ভাৱনা বৃদ্ধি কৰে। তদুপৰি ধূমপান আৰু অত্যধিক মদ্যপানে প্ৰষ্টেট কোষৰ ক্ষতি কৰিব পাৰে।

কোন কোন পুৰুষৰ বিপদ বেছি, আৰু ইয়াৰ লক্ষণ কি?

মেক্স হাস্পতালৰ ডাঃ ৰোহিত কাপুৰে কৈছে যে, ৫০ বছৰৰ ওপৰৰ পুৰুষৰ ক্ষেত্ৰত প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা সৰ্বাধিক।এই ৰোগৰ পাৰিবাৰিক ইতিহাস থকা পুৰুষ বা মেদবহুলতা, ধূমপান, অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ দৰে জীৱনশৈলীৰ বিকাৰগ্ৰস্ত পুৰুষৰ সম্ভাৱনা অধিক। প্ৰাৰম্ভিক অৱস্থাত লক্ষণসমূহ মৃদু হয়, যেনে- সঘনাই প্ৰস্ৰাৱ কৰা, প্ৰস্ৰাৱ কৰাত অসুবিধা হোৱা, জ্বলা-পোৰা , প্ৰস্ৰাৱত তেজ, গ্ৰাইন বা উৰুৰ বিষ।

লগতে হাড়ৰ বিষ, ওজন কমি যোৱা, ভাগত আদি লক্ষণ দেখা দিব পাৰে। এই লক্ষণসমূহক আওকাণ কৰিলে শৰীৰৰ অন্য অংশলৈ কেন্সাৰ বিয়পিব পাৰে। সেয়েহে সময়মতে চিকিৎসা পৰীক্ষা আৰু চিকিৎসা কৰাটো অতি প্ৰয়োজনীয়।

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

  • ৫০ বছৰ বয়সৰ পিছত নিয়মীয়াকৈ প্ৰষ্টেট পৰীক্ষা কৰক।
  • আঁহ, ফলমূল, সেউজীয়া শাক-পাচলি সমৃদ্ধ খাদ্য গ্ৰহণ কৰক।
  • ৰঙা মাংস, ভজা খাদ্য, চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰক।
  • ধূমপান আৰু মদৰ পৰা আঁতৰি থাকক।
  • দৈনিক লঘু ব্যায়াম কৰক বা খোজ কাঢ়িব।
  • পৰ্যাপ্ত পৰিমাণে টোপনি যাওক আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক।
  • কোনো অস্বাভাৱিক লক্ষণক আওকাণ নকৰিব।

লগতে পঢ়ক:  শীতকালৰ নিশা এইদৰে লওক ছালৰ যত্ন, দিনটো জিলিকি থাকিব মুখ…