শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পানীও হ’ব পাৰে ‘জীৱনৰ বিহ’! জানেনে ‘ৱাটাৰ ইনটক্সিকেচন’ মানে কি? চাওক বিশেষজ্ঞৰ মত

শৰীৰৰ প্ৰতিটো অংশই সুচাৰুৰূপে কাম কৰিবলৈ পানী খোৱাৰ প্ৰয়োজন। পানীয়ে আপোনাক সক্ৰিয় কৰি ৰাখে, কিন্তু পানীৰো কেতিয়াবা বিষক্ৰিয়া হ’ব পাৰে। বিশেষজ্ঞসকলে কেতিয়া পানীয়ে আমাৰ শৰীৰত বিষৰ দৰে প্ৰভাৱ পেলাব পাৰে, সেই বাখ্যা আগবঢ়াইছে।

পানীও হ’ব পাৰে ‘জীৱনৰ বিহ’! জানেনে ‘ৱাটাৰ ইনটক্সিকেচন’ মানে কি? চাওক বিশেষজ্ঞৰ মত
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 16 Sep 2025 09:16 AM

পানীয়েই প্ৰাণীৰ প্ৰাণ- আমি সৰুৰ পৰাই এই কথাষাৰ শুনি আহিছো। এই কথাষাৰৰ আঁৰত আছে বিজ্ঞানসন্মত কাৰণ। আমি নিজকে সুস্থ কৰি ৰাখিবলৈ, সহজ ভাষাত ক’বলৈ গ’লে জীয়াই থাকিবলৈ পানী অত্যন্ত প্ৰয়োজনীয়। প্ৰতিজন ব্যক্তিয়ে দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা উচিত। শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি হজম প্ৰক্ৰিয়া, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিষ্কাষণ, ছালৰ আৰ্দ্ৰতা বজাই ৰখা ইত্যাদি সকলো দিশতে দেহত পৰ্যাপ্ত পানীৰ প্ৰয়োজন। দৈনিক সঠিক পৰিমাণৰ পানী নাখালে ডিহাইড্ৰেছনৰ সমস্যা হ’ব পাৰে।

ইয়াৰ মূৰৰ বিষ, ভাগৰুৱা, দুৰ্বলতা, মূৰ ঘূৰোৱা আদি সমস্যা হ’বলৈ আৰম্ভ কৰে। শৰীৰৰ প্ৰতিটো অংশই সুচাৰুৰূপে কাম কৰিবলৈ পানী খোৱাৰ প্ৰয়োজন। পানীয়ে আপোনাক সক্ৰিয় কৰি ৰাখে, কিন্তু পানীৰো কেতিয়াবা বিষক্ৰিয়া হ’ব পাৰে। এনে অৱস্থাই হৈছে ৱাটাৰ ইনটক্সিকেচন। বিশেষজ্ঞসকলে কেতিয়া পানীয়ে আমাৰ শৰীৰত বিষৰ দৰে প্ৰভাৱ পেলাব পাৰে, সেই বাখ্যা আগবঢ়াইছে।

নাৰায়ণা হাস্পতালৰ চিকিৎসক ডাঃ সুকৃত সিং ছেঠীয়ে কয় যে যেতিয়াই কোনো ব্যক্তিয়ে অতি কম সময়ৰ ভিতৰতে অত্যধিক পৰিমাণৰ পানী খায়, তেতিয়াই ৱাটাৰ ইনটক্সিকেচন হ’ব পাৰে। ইয়াৰ বাবে বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। ইয়াৰ লক্ষণ আৰু কেতিয়া ই বিপদজনক হ’ব পাৰে জানো আহক।

বিশেষজ্ঞসকলে কয় যে যেতিয়া এজন ব্যক্তিয়ে কেইঘণ্টামানৰ ভিতৰতে ৪-৫ লিটাৰ বা তাতকৈ অধিক পানী খায়, তেতিয়া এনে সমস্যা হয়। ডাঃ সুকৃতে উল্লেখ কৰা মতে অত্যধিক পৰিমাণৰ পানী খালে তেজত ছডিয়ামৰ মাত্ৰা কমি যায় আৰু এই অৱস্থাক হাইপ’নাট্ৰেমিয়া বুলি কোৱা হয়, এনে অৱস্থাত তেজ পাতল হ’বলৈ আৰম্ভ কৰে আৰু মগজুৰ ওপৰতো চাপ বাঢ়িব পাৰে।

শৰীৰত অতিৰিক্ত পানী জমা হ’লে হাইপ’নাট্ৰেমিয়া হয়। ইয়াৰ ফলত বমি, চিন্তা ক্ষমতা হ্ৰাস, অচেতনতা আদি সমস্যাৰ সৃষ্টি হয়। কেতিয়াবা ই মাৰাত্মকো হৈ উঠিব পাৰে। তেওঁ লগতে কয় যে এজন সুস্থ ব্যক্তিয়ে দিনটোত কিমান পানী খায় সেয়া শৰীৰৰ প্ৰয়োজন আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে পানী খাওক, কিন্তু আপোনাৰ পিয়াহ আৰু শৰীৰৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখক।

কোনো অনজ্ঞ লোকৰ পৰামৰ্শ মতে পানীৰ পৰিমাণ বৃদ্ধি কৰিলে হিতে বিপৰীতহে হ’ব। বৃক্কৰ সমস্যা থকা লোকসকলে এইক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে। তদুপতি ৰ’দত খেলি থকা বা কাম কৰি থকা লোক এনে সমস্যাত আক্ৰান্ত হোৱাৰ সমভাৱনা অধিক। কিয়নো শাৰীৰিক ক্ৰিয়াৰ সময়ত বা ৰ’দত থকাৰ সময়ত প্ৰয়োজনতকৈ অধিক পানী খোৱাৰ প্ৰৱণতা থাকে।