শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাৰিষাৰ বতৰত চৰ্দি-কাহৰ পৰা হাত সাৰিবলৈ কি কি কৰিব লাগে? এইদৰে নিজৰ যত্ন লওক…

বাৰিষাই গৰমৰ পৰা সকাহ দিয়াৰ বিপৰীতে ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে। চৰ্দি, কাহ, জ্বৰ আদি সমস্যা সাধাৰণ হৈ পৰে। প্ৰায়ে মানুহে সেইবোৰক সহজভাৱে লয় যদিও ক্ৰমান্বয়ে গুৰুতৰ সমস্যাৰ ৰূপ ল’ব পাৰে। এনে পৰিস্থিতিত সতৰ্কতা আৰু উপযুক্ত যত্ন লোৱাৰ প্ৰয়োজন। এইবোৰক প্ৰতিৰোধ কৰিব পাৰি জানো আহক।

বাৰিষাৰ বতৰত চৰ্দি-কাহৰ পৰা হাত সাৰিবলৈ কি কি কৰিব লাগে? এইদৰে নিজৰ যত্ন লওক…
বাৰিষাৰ বতৰত চৰ্দি-কাহ হ'লে কি কৰিব? Image Credit source: Getty images
trishna-kalita
Trishna Kalita | Published: 04 Aug 2025 11:43 AM

বাৰিষাই যদি এফালে গৰমৰ পৰা সকাহ দিয়ে, আনফালে আকৌ ৰোগৰ আশংকাও বৃদ্ধি কৰে। বৰষুণৰ সময়ত বায়ুমণ্ডলৰ আৰ্দ্ৰতা আৰু উষ্ণতাৰ উঠা-নমাৰ বাবে চৰ্দি, কাহ, জ্বৰ আদি সমস্যা সাধাৰণ হৈ পৰে। বতাহত উপস্থিত থকা ভাইৰাছ আৰু বেক্টেৰিয়া এই ঋতুত অধিক সক্ৰিয় হৈ পৰে, যাৰ ফলত সংক্ৰমণ বিয়পি পৰাৰ সম্ভাৱনা বৃদ্ধি পায়। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোক, যেনে শিশু, বৃদ্ধ আৰু ইতিমধ্যে অসুস্থ লোক অধিক সোনকালে ইয়াৰ চিকাৰ হয়। লগতে বৰষুণত তিতিলে, তিতা কাপোৰ পিন্ধিলে বা অত্যধিক এচি ব্যৱহাৰ কৰিলেও চৰ্দি আৰু জ্বৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এনে পৰিস্থিতিত আমি নিজকে সুৰক্ষিত কৰি ৰখাটো আৰু আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত কৰি ৰখাটো জৰুৰী।

সাধাৰণ চৰ্দি আৰু জ্বৰক সহজভাৱে ল’লে কেতিয়াবা ব্যয়বহুল বুলি প্ৰমাণিত হ’ব পাৰে। বাৰে বাৰে শৰীৰত ভাইৰাছৰ সংক্ৰমণ হ’লে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাবে শৰীৰে ভাগৰুৱা অনুভৱ কৰে, কাম কৰিবলৈ মন নকৰে আৰু টোপনিও প্ৰভাৱিত হয়। শ্বাস-প্ৰশ্বাসত অসুবিধা, ব্ৰংকাইটিছ বা চাইনাছৰ দৰে সমস্যাও হ’ব পাৰে যদিহে চৰ্দি আৰু জ্বৰ দীৰ্ঘদিন ধৰি থাকে। যদি জ্বৰৰ লগতে শৰীৰত বিষ, দুৰ্বলতা, মূৰৰ বিষ বা মূৰ ঘূৰোৱা হয়, তেন্তে ই পানীলগা আৰু ইলেক্ট্ৰলাইটৰ অভাৱৰ দিশটো আঙুলিয়াই দিব পাৰে। সেয়েহে সময়মতে চিকিৎসা আৰু সাৱধানতা অতি প্ৰয়োজনীয়।

চৰ্দি আৰু কাহৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে?

দিল্লীৰ আৰ এম এল হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ সুভাষ গিৰীয়ে কয় যে বাৰিষা চৰ্দি আৰু কাহৰ পৰা নিজকে ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়, কাৰণ ই এক দ্ৰুতগতিত বিয়পি পৰা সংক্ৰমণ। প্ৰথমতে বৰষুণত তিতাৰ পৰা বিৰত থাকক। কিবা কাৰণত বৰষুণত তিতিলে লগে লগে কাপোৰ সলাই গৰম পানীৰে গা ধুব লাগে। শৰীৰটো গৰম কৰি ৰাখিবলৈ পাতল গৰম কাপোৰ পৰিধান কৰিব লাগে। হালধিযুক্ত গাখীৰ, তুলসী-আদা চাহ আদি গৰম পানীয় খোৱাটো উপকাৰী। ইয়াৰ উপৰিও লঘু আৰু গৰম খাদ্য খাব লাগে আৰু ঠাণ্ডা বস্তুৰ পৰা আঁতৰি থাকিব লাগে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ভিটামিন চি সমৃদ্ধ ফল যেনে নেমু, আমলখি আৰু কমলা খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। বিশেষকৈ ডিঙিৰ বিষ হ’লে দিনটোত এবাৰ ভাপ ল’লে সকাহ পোৱা যায়। লক্ষণ বাঢ়িলে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে। ঘৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু সঘনাই হাত ধুই থাকিব যাতে সংক্ৰমণ বিয়পি নাযায়। বতৰ সলনি হ’লে এচি বন্ধ কৰি ৰাখক, হঠাতে তাপমাত্ৰা সলনি নকৰিব।

এইবোৰ যত্ন লওক

  • তিতি যোৱাৰ লগে লগে কাপোৰ সলনি কৰি গৰম গা ধুব লাগে।
  • আইচক্ৰীম, ঠাণ্ডা পানীয় আদি ঠাণ্ডা বস্তু পৰিহাৰ কৰক।
  • তুলসী, আদা, মৌ আৰু হালধি খাব লাগে।
  • ভিৰ হোৱা ঠাইৰ পৰা আঁতৰি থাকক।
  • শৰীৰটো গৰম কৰি ৰাখক, কপাহী আৰু পাতল গৰম কাপোৰ পিন্ধক।
  • উতলোৱা পানী খাব লাগে।
  • লক্ষণ বাঢ়িলে ঘৰুৱা উপায়ৰ পৰিৱৰ্তে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

লগতে পঢ়ক: কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ মূল কাৰণ চিকিৎসকৰ পৰা জানক…