শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চুলি সৰাৰ সমস্যা হ’ব দূৰ.. মাথোঁ ব্যৱহাৰ কৰক Chia Seeds, আনিব জিলিকনি!

নিয়মিতভাৱে Chia Seeds খোৱাটো যেনেকৈ উপকাৰী, সেইদৰে চুলিত লগালে চুলি মজবুত হোৱাই নহয়, ইয়াৰ জিলিকনিও বৃদ্ধি পায়। Chia Seeds এ আপোনাৰ চুলিৰ বাবে আন কি কি উপকাৰ কৰে জানি লওক।

চুলি সৰাৰ সমস্যা হ’ব দূৰ.. মাথোঁ ব্যৱহাৰ কৰক Chia Seeds, আনিব জিলিকনি!
চুলি সৰাৰ সমস্যা হ'ব দূৰ
barasha-misra
Barasha Misra | Published: 20 Aug 2025 16:01 PM

বৰ্তমান স্বাস্থ্য সচেতন লোকৰ মাজত Chia Seeds অতি জনপ্ৰিয় । ইয়াত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড, প্ৰটিন, এন্টিঅক্সিডেন্ট, জিংক, আইৰণ, মেগনেছিয়াম আৰু বিভিন্ন ভিটামিন থাকে। যিবোৰে শৰীৰৰ লগতে চুলিৰ স্বাস্থ্য বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নিয়মিতভাৱে Chia Seeds খোৱাটো যেনেকৈ উপকাৰী, তেনেকৈ চুলিত লগালে চুলি মজবুত হোৱাই নহয়, ইয়াৰ জিলিকনিও বৃদ্ধি পায়। চুলিৰ বাবে Chia Seedsৰ আন কি কি উপকাৰ আছে জানি লওক।

চুলিৰ বাবে Chia Seedsৰ উপকাৰিতা কি জানি লওক —

  • চুলি সৰা ৰোধ কৰে – Chia Seedsত থকা ওমেগা-৩ ফেটি এচিডে মূৰৰ ছাললৈ ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যাৰ ফলত চুলি সৰা কমি যায়।
  • চুলি ঘন কৰে – প্ৰটিন সমৃদ্ধ চিয়া গুটিয়ে চুলিৰ শিপা শক্তিশালী কৰে আৰু নতুন চুলিৰ বৃদ্ধিত সহায় কৰে।
  • ৰুক্ষতা হ্ৰাস কৰে – ইয়াত থকা এমিনো এচিড আৰু মিউচিলেজে চুলিক আৰ্দ্ৰ কৰি ৰাখে, যাৰ ফলত চুলিৰ ৰুক্ষতা নাইকিয়া হয়।
  • চুলিৰ অকালতে ধূসৰ হোৱা ৰোধ কৰে – Chia Seeds ত থকা এন্টিঅক্সিডেন্টে অক্সিডেটিভ চাপ হ্ৰাস কৰাত সহায় কৰে, যিয়ে পাছলৈ কম বয়সত চুলি ধূসৰ হোৱাৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰে।
  • উফি কমাব পাৰে – Chia Seedsত থকা প্ৰদাহ নিবাৰণকাৰী গুণে মূৰৰ ছাল সুস্থ কৰি ৰাখে আৰু উফি কমায়।

চুলিৰ বাবে Chia Seeds কেনেকৈ ব্যৱহাৰ কৰিব? ইয়াত কিছুমান ঘৰুৱা উপায় আগবঢ়োৱা হ’ল

  1. Chia Seedsৰ চুলিৰ মাস্ক – ২ চামুচ Chia Seeds পানীত ২০ মিনিট তিয়াই জেল বনাব। তাত ২ চামুচ নাৰিকল তেল বা অলিভ অইল মিহলাই লওক। মূৰৰ ছাল আৰু চুলিত লগাই ৩০ মিনিট ৰাখিব। তাৰ পিছত ধুই পেলাওক।
  2. Chia Seeds আৰু এলোভেৰা জেল – চিয়া গুটি তিয়াই তৈয়াৰ কৰা জেলৰ লগত এলোভেৰা জেল সমান পৰিমাণে মিহলাই লওক। এই মিশ্ৰণটো মূৰৰ ছালত ভালদৰে মালিচ কৰক। সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিলে চুলি আৰ্দ্ৰ আৰু চিকচিকিয়া হ’ব।
  3. Chia Seeds আৰু দৈৰ পেক – ২ চামুচ দৈৰ লগত ১ চামুচ গুড়ি Chia Seeds মিহলাই লওক। এই মিশ্ৰণটো চুলিত লগাওক আৰু ধুই পেলোৱাৰ আগতে ২০ মিনিট ৰাখিব। ইয়াৰ ফলত আপোনাৰ চুলি কোমল হৈ পৰিব।
  4. Chia Seeds তিয়াই লোৱা পানী – ১ চামুচ চিয়া গুটি ১ গিলাচ পানীত ৰাতি তিয়াই ৰাখিব। ৰাতিপুৱা চেকি লওক আৰু এই পানী ধুই চুলিত লগাওক। ই আপোনাৰ চুলিৰ বাবে প্ৰাকৃতিক কণ্ডিচনাৰ হিচাপে কাম কৰে।