জ্বৰ হ’লেই খাই দিয়ে নেকি পেৰাচিটামল? জানেনে ইয়াৰ পৰিণাম কি হ’ব পাৰে?
বহুলোকে সাধাৰণ জ্বৰ উঠা লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈয়ে লগে লগে সকাহ লাভ কৰাৰ মানসেৰে পেৰাচিটামল ঔষধ সেৱন কৰা দেখা যায়। পিছে এইদৰে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ পেৰাচিটামল খোৱা উচিত নে?

ৰাজ্যত এতিয়া বতৰে ঘনে প্ৰতি সলাইছে ৰূপ। কেতিয়াবা যদি প্ৰখৰ ৰ’দে দহিছে, তাৰ পিছতে আকৌ পাতলীয়া বৰষুণ এজাকে দিছে সকাহ। পিছে বতৰৰ এই সঘন পৰিৱৰ্তনৰ ফলত বহুলোকে জ্বৰ, চৰ্দি আদি অসুস্থতাত ভুগিবলগা হয়। সাধাৰণতে আমাৰ অধিকাংশ লোকৰ ঘৰতে তাৎক্ষণিক প্ৰয়োজনীয়তাৰ বাবে ফাৰ্ষ্ট এইড বক্স অৰ্থাৎ প্ৰাথমিক চিকিৎসাৰ কিছু ঔষধ বা সামগ্ৰী থাকে। এই ফাৰ্ষ্ট এইড বক্সত সততে উপলব্ধ এক ঔষধ হৈছে পেৰাচিটামল। বহুলোকে সাধাৰণ জ্বৰ উঠা লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈয়ে লগে লগে সকাহ লাভ কৰাৰ মানসেৰে পেৰাচিটামল ঔষধ সেৱন কৰা দেখা যায়।
ইয়াৰ ফলত স্বাভাৱিকতেই কিছু সকাহ লাভ কৰিব পাৰি। পিছে এইদৰে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ পেৰাচিটামল খোৱা উচিত নে? ইয়াৰ ফলত আমাৰ দেহত কেনে প্ৰভাৱ পৰিব পাৰে, বহুলোকেই সেয়া ভাবি নাচায়। অৱশ্যে এইদৰে ঔষধ গ্ৰহণৰ ফলত সমস্যা হ’ব পাৰে বুলি বহুলোকে কয়। চাওঁ আহক এই সন্দৰ্ভত বিশেষজ্ঞসকলে কি কয়।
পেৰাচিটামল হৈছে এবিধ এনেলজেছিক আৰু এণ্টিপাইৰেটিক ঔষধ। অৰ্থাৎ এই ঔষধে বিষ আৰু জ্বৰ দুয়োটা হ্ৰাস কৰাত সহায় কৰে। ই মগজুৰ উষ্ণতা নিয়ন্ত্ৰণ কেন্দ্ৰত প্ৰভাৱ পেলায় আৰু শৰীৰৰ উষ্ণতা হ্ৰাস কৰে। সকলো জ্বৰৰ বাবে পেৰাচিটামল খাব নালাগে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে। যদি জ্বৰ ১০১° ফাৰেনহাইট (৩৮.৩ ডিগ্ৰী চেলছিয়াছ)ৰ তলত থাকে আৰু শৰীৰত বিশেষ অসুবিধা নাথাকে, তেতিয়া ঔষধ নোখোৱাকৈ গ্ৰহণ নকৰাই উচিত।
চিকিৎসকসকলৰ মতে, যদি শৰীৰ বেছি গৰম হয়, তেতিয়া শৰীৰটো ঠাণ্ডা পানীৰে মচি বা গা ধুলেও সকাহ লাভ কৰিব পাৰে।
যদি জ্বৰৰ লগতে মূৰৰ বিষ, শৰীৰৰ বিষ, দুৰ্বলতা, বা জ্বৰ ১০২ ডিগ্ৰী ফাৰেনহাইটতকৈ অধিক হয়, তেতিয়া পেৰাচিটামল গ্ৰহণ কৰিব পাৰি। সেইক্ষেত্ৰতো বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।
পেৰাচিটামলে জ্বৰ আৰু বিষ অতি সোনকালে হ্ৰাস কৰে। কিন্তু শিশু, বৃদ্ধ আৰু গৰ্ভৱতী মহিলাই এক নিৰ্দিষ্ট মাত্ৰাতহে গ্ৰহণ কৰিব লাগে। সঠিক মাত্ৰাত গ্ৰহণ কৰিলে যকৃত আৰু বৃক্কত কম প্ৰভাৱ পৰে।
দৈনিক ৩-৪ গ্ৰামতকৈ অধিক সেৱন কৰিলে যকৃতৰ ক্ষতি হ’ব পাৰে। বমি, পেটৰ বিষ, দুৰ্বলতা আদি সমস্যা হ’ব পাৰে। আনকি বেছিকৈ সেৱন কৰিলে হেপাটিক ফেইলাৰ (লিভাৰ ফেইলাৰ) হ’ব পাৰে, যি অত্যন্ত মাৰাত্মক হৈ উঠিব পাৰে। দীৰ্ঘদিন ধৰি অনিয়ন্ত্ৰিতভাৱে পেৰাচিটামল সেৱন কৰিলে বৃক্কতো চাপ পৰে। গতিকে ঔষধ খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।