কেতিয়াবা ভুলতে ম্যাদ উকলা ঔষধ খাইছে নেকি! শৰীৰৰ ভিতৰত কেনে প্ৰভাৱ পৰে জানেনে?
ঘৰত মজুত থকা ঔষধেই হওক বা ফাৰ্মাচীৰ পৰা ক্ৰয় কৰা ঔষধেই হওক, সদায় তাৰিখ পৰীক্ষা কৰিহে গ্ৰহণ কৰিব লাগে। কেতিয়াবা যদি ভুলৱশতঃ হ’লেও এইদৰে ম্যাদ উকলি যোৱা ঔষধ সেৱন কৰে তেতিয়া আপোনাৰ দেহত ইয়াৰ কি প্ৰভাৱ পৰিব পাৰে জানেনে? জানো আহক এই বিষয়ে।

সাধাৰণতে প্ৰতিজন লোকেই কোনো নহয় কোনো সময়ত যিকোনো ধৰণৰ ৰোগত আক্ৰান্ত হয়। সেয়া ঋতুজনিত কোনো সাধাৰণ ৰোগো হ’ব পাৰে বা আন কোনো চিন্তনীয় ৰোগো হ’ব পাৰে। আমাৰ দেহত হঠাতে দেখা দিয়া কিছুমান ৰোগ তথা সমস্যা যেনে গেছ, জ্বৰ, চৰ্দি, হাত-ভৰি বিষ বা মূৰৰ বিষ আদিৰ ঔষধ প্ৰায় প্ৰতিটো ঘৰতে মজুত থকা দেখা যায়। এনে সমস্যা হ’লেই লগে লগে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ নিজেই ঔষধ সেৱন কৰাও পৰিলক্ষিত হয়।
কিন্তু এই অভ্যাস একেবাৰে সঠিক নহয়। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে আমি যিকোনো ঔষধ গ্ৰহণ কৰিব লাগে। কেতিয়াবা ঘৰতে থোৱা এনে ঔষধৰ ম্যাদ উকলি যোৱাৰ পিছতো পৰীক্ষা নকৰাকৈ সেৱন কৰাৰ আশংকা নথকা নহয়। সাধাৰণতে ফাৰ্মাচীৰ পৰা ম্যাদ উকলি যোৱা ঔষধ ক্ৰয়ৰ সম্ভাৱনা কিছু কম যদিও কেতিয়াবা ভুলতে এয়াও হ’ব পাৰে।
ঘৰত মজুত থকা ঔষধেই হওক বা ফাৰ্মাচীৰ পৰা ক্ৰয় কৰা ঔষধেই হওক, সদায় তাৰিখ পৰীক্ষা কৰিহে গ্ৰহণ কৰিব লাগে। ম্যাদ উকলি যোৱা ঔষধ কেতিয়াও গ্ৰহণ কৰিব নালাগে। কেতিয়াবা যদি ভুলৱশতঃ হ’লেও এইদৰে ম্যাদ উকলি যোৱা ঔষধ সেৱন কৰে তেতিয়া আপোনাৰ দেহত ইয়াৰ কি প্ৰভাৱ পৰিব পাৰে জানেনে? জানো আহক এই বিষয়ে-
লক্ষ্ণৌৰ ডাঃ ৰাম মনোহৰ লোহিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইঞ্চৰ অধ্যাপক ডাঃ সঞ্জিত কুমাৰ সিঙৰ মতে, ম্যাদ উকলি যোৱা ঔষধ খোৱাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা, বমি, এলাৰ্জী, মূৰৰ বিষ, আৰু এচিডিটীৰ দৰে বিভিন্ন স্বাস্থ্য সমস্যাৰ সৃষ্টি হ’ব পাৰে। এইবোৰে কেতিয়াবা গম্ভীৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।
ম্যাদ উকলি যোৱা ঔষধ কেতিয়াও সেৱন কৰা উচিত নহয়। চিকিৎসাৰ আগতে বা দোকানৰ পৰা ঔষধ ক্ৰয় কৰোঁতে কিছুমান বিষয় সদায় মনত ৰাখিব লাগে—
সদায় ঔষধৰ ‘Expiry Date’ পৰীক্ষা কৰক। ম্যাদ শেষ হ’বলৈ গৈ থকা ঔষধ ক্ৰয়ৰ পৰা বিৰত থাকক।
ভুলতে ম্য়াদ উকলি যোৱা ঔষধ খালে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক।
ঘৰতে থকা প্ৰাথমিক চিকিৎসাৰ বাকচটো সময়ে সময়ে পৰীক্ষা কৰি ম্যাদ উকলি যোৱা ঔষধবোৰ আঁতৰাই পেলাওক।
সুস্থতাৰ বাবে সতৰ্কতা অত্যন্ত প্ৰয়োজনীয়। সেইবাবে চিকিৎসাৰ ক্ষেত্ৰত সচেতনতা অতি প্ৰয়োজনীয়। ঔষধ খোৱাৰ আগতে সদায় তাৰিখ পৰীক্ষা কৰক। এইদৰে নিজৰ লগতে আপোনাৰ পৰিয়ালক সুৰক্ষিত কৰি ৰাখক।