পুৱা হালধীয়া প্ৰস্ৰাৱ আহে নেকি? হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগৰ লক্ষণ…
প্ৰস্ৰাৱৰ ৰং আমাৰ খাদ্যাভ্যাস, পানীৰ পৰিমাণ আৰু স্বাস্থ্যৰ লগত প্ৰত্যক্ষভাৱে জড়িত। যদি কেতিয়াবা প্ৰস্ৰাৱৰ ৰং গাঢ় হয়, তেন্তে আতংকিত হোৱাৰ প্ৰয়োজন নাই, কিন্তু যদি দৈনিক হৈ আছে তেন্তে ইয়াক আওকাণ কৰা উচিত নহয়। এনে পৰিস্থিতিত ইয়াৰ আঁৰৰ সম্ভাৱ্য কাৰণ, ইয়াৰ লগত জড়িত ৰোগ আৰু ইয়াৰ প্ৰতিৰোধৰ কি কি উপায় আছে জানো আহক।

বহু সময়ত পুৱা সাৰ পোৱাৰ লগে লগে আমি দেখিবলৈ পাওঁ যে প্ৰস্ৰাৱৰ ৰং পাতল হালধীয়াৰ পৰা গাঢ় হালধীয়া হয়। বেছিভাগ মানুহেই ইয়াক স্বাভাৱিক বুলি বিবেচনা কৰি আওকাণ কৰে যদিও ই শৰীৰৰ ভিতৰত চলি থকা কিছুমান প্ৰক্ৰিয়াৰ লক্ষণ হ’ব পাৰে। শৰীৰত থকা পানীৰ পৰিমাণ, খাদ্য, ঔষধ আৰু স্বাস্থ্য সম্পৰ্কীয় অৱস্থাৰ ওপৰত প্ৰস্ৰাৱৰ ৰং নিৰ্ভৰ কৰে। যদি কেতিয়াবা এই পৰিস্থিতি হয়, তেন্তে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই, কিন্তু যদি এনে দৈনিক হৈ আছে আৰু ইয়াৰ লগে লগে জ্বলা-পোৰা, দুৰ্গন্ধ বা আন কোনো লক্ষণো দেখা যায়, তেন্তে ইয়াক আওকাণ কৰা উচিত নহয়। ই আপোনাৰ শৰীৰত ভিটামিনৰ অতিৰিক্ততা বা সংক্ৰমণ, ডিহাড্ৰেচন আদি অৱস্থাৰ ইংগিত দিব পাৰে।
ৰাতিপুৱা প্ৰস্ৰাৱৰ ৰং হালধীয়া হ’ব পাৰে কাৰণ শৰীৰটো গোটেই ৰাতি পানী নোহোৱাকৈ থাকে, যাৰ বাবে প্ৰস্ৰাৱ অধিক ঘনীভূত হয় অৰ্থাৎ ডাঠ হয়। ইয়াৰ বাহিৰেও শৰীৰত পানীৰ অভাৱ হ’লে প্ৰস্ৰাৱৰ ৰং আৰু গাঢ় দেখা যায়। কেতিয়াবা ভিটামিন পৰিপূৰক বিশেষকৈ ভিটামিন বি কমপ্লেক্স সেৱন কৰিলেও প্ৰস্ৰাৱ হালধীয়া হ’ব পাৰে। ডিহাইড্ৰেচনৰ বাহিৰেও শৰীৰত কিছুমান সংক্ৰমণ বা বৃক্ক সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হোৱাৰ লক্ষণ হ’ব পাৰে। যদিও প্ৰতিটো ক্ষেত্ৰতে হালধীয়া প্ৰস্ৰাৱ ৰোগৰ লক্ষণ হোৱাটো প্ৰয়োজনীয় নহয়, কিন্তু যদি দীৰ্ঘদিন ধৰি থাকে তেন্তে নিশ্চিতভাৱে পৰীক্ষা কৰা উচিত।
কোনবোৰ ৰোগৰ লক্ষণ?
সফদাৰজং হাস্পতালৰ চিকিৎসা বিভাগৰ ডাঃ সুভাষ জৈনে কয় যে সদায় হালধীয়া বা গাড় প্ৰস্ৰাৱ বহু স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে। ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল ডিহাইড্ৰেচন। ইয়াৰ উপৰিও ই ইউটিআই অৰ্থাৎ প্ৰস্ৰাৱৰ সংক্ৰমণ, যকৃতৰ লগত জড়িত ৰোগ যেনে জণ্ডিচ বা বৃক্কৰ সমস্যাৰ লক্ষণো হ’ব পাৰে। যদি প্ৰস্ৰাৱত প্ৰচণ্ড গোন্ধ, জ্বলা বা ফেন হয়, তেন্তে এইবোৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে।
কিছুমান ক্ষেত্ৰত ডায়েবেটিছ বা প্ৰষ্টেট গ্ৰন্থিৰ সমস্যাই প্ৰস্ৰাৱৰ ৰং আৰু পৰিমাণতো প্ৰভাৱ পেলাব পাৰে। ইয়াৰ উপৰিও গৰ্ভৱতী মহিলাৰ হৰম’নৰ পৰিৱৰ্তনৰ বাবে প্ৰস্ৰাৱ হালধীয়া দেখাব পাৰে। যদি প্ৰস্ৰাৱৰ ৰং অনবৰতে সলনি হৈ থাকে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।
কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি
- দৈনিক ৭-৮ গিলাচ পানী খাব লাগে।
- বেছিকৈ ভিটামিন পৰিপূৰক গ্ৰহণ নকৰিব, কেৱল চিকিৎসকৰ পৰামৰ্শ মতেহে খাব।
- পুৱা সাৰ পোৱাৰ লগে লগে এগিলাচ কুহুমীয়া পানী খাব।
- অতিৰিক্ত নিমখ আৰু প্ৰচেছড খাদ্য পৰিহাৰ কৰক।
- যদি প্ৰস্ৰাৱত জ্বলা-পোৰা, বিষ বা ৰং সলনি হয়, তেন্তে লগে লগে পৰীক্ষা কৰাব লাগে।
- পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক।
- সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰি থাকিব।