শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Periods Discharge: মাহেকীয়াৰ স্ৰাৱৰ ৰঙে বুজাব আপোনাৰ স্বাস্থ্য, পঢ়ক এই খবৰ

Periods Discharge: মাহেকীয়া প্ৰতিগৰাকী মহিলাৰ বাবে অতি স্বাভাৱিক আৰু নিয়মীয়া প্ৰক্ৰিয়া। এই সময়তচোৱাত জৰায়ুৰ আৱৰণ ভাঙি তেজ ওলায়। কিন্তু মাহেকীয়াৰ সময়ত কি ৰঙৰ স্ৰাৱ স্বাভাৱিক? কিহৰ প্ৰতি সাৱধান হ’ব লাগে?

Periods Discharge: মাহেকীয়াৰ স্ৰাৱৰ ৰঙে বুজাব আপোনাৰ স্বাস্থ্য, পঢ়ক এই খবৰ
মাহেকীয়াৰ স্ৰাৱৰ ৰঙে বুজাব আপোনাৰ স্বাস্থ্য
Barasha Misra
Barasha Misra | Published: 27 Aug 2025 17:00 PM

মাহেকীয়া অতি স্বাভাৱিক আৰু নিয়মীয়া প্ৰক্ৰিয়া। এই সময়চোৱাত প্ৰতিগৰাকী মহিলা কিহৰ পৰা সাৱধান হ’ব লাগে জানো আহক।

উজ্জ্বল ৰঙা ৰং – সাধাৰণতে মাহেকীয়াৰ প্ৰথম কেইদিনমানত ৰক্তস্ৰাৱ উজ্জ্বল ৰঙা ৰঙৰ হয়। এইটো সম্পূৰ্ণ স্বাভাৱিক আৰু ইয়াৰ অৰ্থ হ’ল আপোনাৰ শৰীৰৰ পৰা তেজ সোনকালে ওলাই গৈছে।

বাদামী ৰং – কেতিয়াবা মাহেকীয়াৰ মাজভাগ বা শেষৰ ফালে স্ৰাৱ গাঢ় ৰঙা বা বাদামী হৈ পৰে। এইটো পুৰণি তেজ যিটো কিছুদিন আপোনাৰ শৰীৰৰ ভিতৰত থাকে আৰু তাৰ পিছত ওলাই যায়। এইটোও স্বাভাৱিক আৰু চিন্তাৰ কোনো কথা নাই।

পাতল গোলাপী ৰং – কেতিয়াবা প্ৰবাহৰ সময়ত তেজ গোলাপী দেখা যায়। বিশেষকৈ যিসকলৰ স্ৰাৱৰ তেজ আৰু ছাৰ্ভাইকেল শ্লেষ্মাৰ সৈতে মিহলি হয়, তেওঁলোকৰ বাবে এইটো সাধাৰণতে স্বাভাৱিক।

কেতিয়া সাৱধান হ’ব লাগিব?

কমলা ৰঙৰ – যদি স্ৰাৱ কমলা বা অস্বাভাৱিকভাৱে উজ্জ্বল ৰঙৰ হয় আৰু ইয়াৰ দুৰ্গন্ধ থাকে, তেন্তে ই সংক্ৰমণৰ লক্ষণ হ’ব পাৰে।

অতি শেঁতা ৰং – যদি স্ৰাৱ বাৰে বাৰে অস্বাভাৱিকভাৱে পাতল হয়, তেন্তে ই হৰম’নৰ ভাৰসাম্যহীনতাৰ ইংগিত বা তেজত হিম’গ্লবিনৰ অভাৱৰ ইংগিত হ’ব পাৰে।

ধূসৰ ৰং – যদি স্ৰাৱ ধূসৰ হয় তেন্তে সাধাৰণতে বেক্টেৰিয়াজনিত যোনি ৰোগৰ সংক্ৰমণৰ লক্ষণ। যদি ইয়াৰ লগত দুৰ্গন্ধ, জ্বলা-পোৰা বা খজুৱতি হয় তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

অতি গাঢ় বাদামী ৰং – যদিও ঋতুস্ৰাৱৰ শেষৰ ফালে গাঢ় বাদামী ৰঙৰ তেজ স্বাভাৱিক, তথাপিও যদি বাৰে বাৰে গাঢ় বাদামী ৰঙৰ স্ৰাৱ হয় আৰু ইয়াৰ লগে লগে তীব্ৰ বিষ বা অস্বাভাৱিক তেজ জমা হয়। জৰায়ুৰ ভিতৰত তেজ জমা হোৱা বা আন সমস্যাৰ ইংগিত দিব পাৰে।

(বিদ্ৰঃ- যদি বাৰে বাৰে এই সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে আপুনি আৰু পলম কৰিব নালাগে। ইয়াৰ পৰিৱৰ্তে চিকিৎসকৰ পৰামৰ্শ লওক।)