শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সহজ উপায়েৰে হ্ৰাস কৰিব পাৰিব ওজনঃ এই প্ৰক্ৰিয়াসমূহে দিব সুফল…

ওজন হ্ৰাসৰ বাবে সাধাৰণতে বহু পন্থাৰ সহায় লোৱা হয়। এইক্ষেত্ৰত ৱৰ্ক আউটৰ লগতে সঠিক ডায়েট অন্যতম। পিছে কিছুমান সহজ অভ্যাস গঢ়ি তুলিলেই বৰ্ধিত ওজন হ্ৰাস কৰিব পাৰি। নিয়মিতভাৱে এই অভ্যাসসমূহ অনুসৰণ কৰিলে আপুনি লাভ কৰিব পাৰে সুফল। চাওঁ আহক এই বিষয়ে।

সহজ উপায়েৰে হ্ৰাস কৰিব পাৰিব ওজনঃ এই প্ৰক্ৰিয়াসমূহে দিব সুফল…
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 09 Aug 2024 00:48 AM

অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে সাম্প্ৰতিক সময়ত অধিকাংশ লোকে ওজন বৃদ্ধিৰ সমস্যাত ভূগিছে। এফালে শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ আৰু আনফালে অস্বাস্থ্যকৰ খাদ্যৰ বাবেই বহু লোকৰ মাজত মেদবহুলতাৰ সমস্যা অতি সাধাৰণ হৈ পৰিছে। এনে পৰিস্থিতিত ওজন হ্ৰাসৰ বাবে বহু পন্থাৰ সহায় লয়। এইক্ষেত্ৰত ৱৰ্ক আউটৰ লগতে সঠিক ডায়েট অন্যতম। পিছে কিছুমান সহজ অভ্যাস গঢ়ি তুলিলেই বৰ্ধিত ওজন হ্ৰাস কৰিব পাৰি। নিয়মিতভাৱে এই অভ্যাসসমূহ অনুসৰণ কৰিলে আপুনি লাভ কৰিব পাৰে সুফল। চাওঁ আহক এই বিষয়ে-

 

খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক

জিমলৈ নোযোৱাকৈ ওজন কমাবলৈ আটাইতকৈ ভাল উপায় হ’ল খোজ কঢ়া। দৈনিক মৰ্নিং ৱাকৰ অভ্যাসে আপোনাক দিব যথেষ্ট সুফল। যদি পুৱা সময় নাপায়, তেন্তে নিশা আহাৰ গ্ৰহণৰ পিছত ১৫ৰ পৰা ২০ মিনিট লাহে লাহে খোজ কাঢ়িব লাগে।

ঘৰৰ খাদ্য খাব লাগে

সম্প্ৰতি বহু লোকে বাহিৰৰ জাংক ফুডৰ প্ৰতি মোহ প্ৰকাশ কৰে। কিন্তু এনে খাদ্য স্বাস্থ্যৰ বাবে উপযোগী নহয়। পৰাপক্ষত সেয়ে ঘৰতে ৰন্ধা স্বাস্থ্যকৰ খাদ্য খাব লাগে। ওজন কমাবলৈ ফাইবাৰ আৰু প্ৰটিনযুক্ত খাদ্য বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। ফাইবাৰযুক্ত খাদ্যদ্ৰৱ্যই অধিক সময় ধৰি পেট ভৰাই ৰাখে আৰু ইয়াৰ দ্বাৰা অতিমাত্ৰা খোৱাৰ অভ্যাস নিয়ন্ত্ৰণ কৰিব পাৰি।

পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে

শৰীৰক জলসিঞ্চিত কৰি ৰাখিবলৈ দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। ইয়াৰ লগতে ডিটক্স পানীয়ও প্ৰস্তুত কৰি খাব পাৰে। এই ডিটক্স পানীয় আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱা আৰু পেট পৰিষ্কাৰ কৰাত সহায়ক হ’ব।

নিশা সোনকালে খাব লাগে

ওজন হ্ৰাসৰ ক্ষেত্ৰত নিশা সোনকালে খাদ্য গ্ৰহণো এক ফলপ্ৰসূ উপায়। সম্ভৱ হ’লে সন্ধিয়া ৭ বজাৰ পূৰ্বে নিশাৰ আহাৰ খালে আপুনি লাভ কৰিব উপকাৰ। ইয়াৰ দ্বাৰা খাদ্য হজম কৰিবলৈ উপযুক্ত সময় পোৱা যায়। খাদ্য খোৱাৰ পিছত শুই থকাৰ বাবে এচিড ৰিফ্লাক্স আৰু এছপছৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। গতিকে নিশা সোনকালে আহাৰ খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী হিচাপে বিবেচনা কৰা হয়।

ব্যায়াম

ওজন কমোৱাৰ ক্ষেত্ৰত ব্যায়াম অত্যন্ত প্ৰয়োজনীয়। ব্যায়ামে আমাৰ বিপাকীয় ক্ৰিয়া বজাই ৰখাত আৰু অতিৰিক্ত কেলৰি কমোৱাত সহায় কৰে। ঘৰতে বিভিন্ন ধৰণৰ ব্যায়ামৰ লগতে চাইকেল চলোৱা, সাঁতোৰ আদিও এইক্ষেত্ৰত আপোনাৰ সহায়ক হ’ব।