শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Weight Loss: খাদ্য কমকৈ খোৱাৰ পাছতো হ্ৰাস পোৱা নাই নেকি ওজন? তেন্তে ত্যাগ কৰক এই ৫টা অভ্যাস…

Weight Loss Tips: আজিৰ সময়ত ওজন বৃদ্ধি এক ডাঙৰ সমস্যা। প্ৰায় সকলোৱে ওজন হ্ৰাস কৰিব বিচাৰে কিন্তু তাৰ পাছতো হ্ৰাস নহয়। এই ক্ষেত্ৰত কিছুমান অভ্যাস ত্যাগ কৰা দৰকাৰ। কিয়নো এই অভ্যাসে ওজন বৃদ্ধি কৰে।

Weight Loss: খাদ্য কমকৈ খোৱাৰ পাছতো হ্ৰাস পোৱা নাই নেকি ওজন? তেন্তে ত্যাগ কৰক এই ৫টা অভ্যাস…
ওজন হ্ৰাসImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 01 Jan 2026 12:36 PM

আজিকালি ওজন বৃদ্ধি এক ডাঙৰ সমস্যা। কেতিয়াবা ভাল ডায়েট বা বিভিন্ন পদ্ধতি অৱলম্বন কৰাৰ পাছতো ওজন হ্ৰাস পোৱা দেখা নাযায়। এনে অৱস্থাত কিছুমান অভ্যাস সলনি কৰা দৰকাৰ। মাত্ৰ ৫ টা অভ্যাসে এই ক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰে। গতিকে কি কি অভ্যাসে আপোনাৰ ওজন হ্ৰাস কৰিব পাৰে সেই সন্দৰ্ভত সবিশেষ তলত উল্লেখ কৰা হল।

কি অভ্যাস ত্যাগ কৰিব লাগে?

ভাল টোপনি আৰু কম মানসিক চাপঃ টোপনি ভাল নহ’লে হৰম’নৰ ভাৰসাম্যহীনতা হয়। যাৰ ফলত ওজন কম কৰাত সমস্যা আহিব পৰে। যেতিয়া আমি কম সময় শুৱে তেতিয়া শৰীৰত কাৰ্টিচোল (ষ্ট্ৰেচ হৰমন) ৰ স্তৰ বৃদ্ধি পায়। এই হৰম’নে ভোক বৃদ্ধি কৰাৰ লগতে শৰীৰত চৰ্বি জমা কৰাত সহায় কৰে। গতিকে প্ৰতিদিনে অন্তত ৭-ঘন্টা শুব লাগে।

পানী কম খোৱাঃ বহু মানুহে পানী কম খায়। ইয়াৰ ফলত শৰীৰত বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়। যাৰ ফলত চৰ্বি কম হোৱাৰ প্ৰক্ৰিয়াত বাধা আহি পৰে। হাইড্ৰেট থাকিলে শৰীৰৰ পৰা বেয়া পদাৰ্থ বাহিৰ ওলাই আৰু শক্তি ভাল হয়। যদি পৰ্যাপ্ত পৰিমাণৰ পানী নাখাই তেন্তে ওজন হ্ৰাস কৰাত সমস্যা আহি পৰিব। গতিকে পানী খাব লাগে।

প্ৰ’টিন কমঃ ওজন হ্ৰাস কৰিবলৈ কেলৰি কম কৰাৰ লগতে প্ৰটিনৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব লাগে। প্ৰ’টিনৰ অভাৱ হ’ব দিব নালাগে। প্ৰটিনৰ অভাৱ হ’লে পেশীৰ ক্ষতি হয় আৰু পেট সোনকালে পূৰ নহয়। প্ৰটিনে থাৰ্মিক ইফেক্টৰ সৃষ্টি কৰে যাৰ ফলত অধিক কেলৰি বাৰ্ণ হয়। যদি প্ৰটিনৰ অভাৱ হয় তেতিয়া ওজন হ্ৰাসত সমস্যা আহে।

নিশা দেৰিলৈ সাৰ পোৱাঃ নিশা বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়। গতিকে নিশা খাদ্য গ্ৰহণ কৰাৰ পাছত শৰীৰে কেলৰিক ফেট হিচাপে ষ্টোৰ কৰে। গতিকে নিশা বেছি দেৰিলৈ থাকিব নালাগে। শুৱাৰ ৩ ঘন্টা পূৰ্বে খাদ্য খাব লাগে।

শাৰীৰিক কাৰ্যকলাপঃ ওজন হ্ৰাসৰ বাবে শাৰীৰিক কাৰ্যকলাপ প্ৰয়োজনীয়। প্ৰতিদিনে খোজ কাঢ়িব লাগে। ইয়াৰোপৰি ব্যায়াম, ঘৰৰ কাম কৰা প্ৰয়োজনীয়। এনে কৰিলে ওজন হ্ৰাস পাব।

 

(স্পষ্টীকৰণঃ ওপৰোক্ত লেখাটোত কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। যদি আপোনাৰ কোনো শাৰীৰিক সমস্যা আছে তেন্তে যিকোনো ব্যৱস্থা আগতে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।)

 

অন্য খবৰ পঢ়কঃ হৈ পৰিব ধুনীয়া স্বাস্থ্যবান, নতুন বছৰত খাবলৈ আৰম্ভ কৰক এই ৫ বিধ পানীয়…