শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ওজন হ্ৰাস কৰিব পৰা নাই নেকি ? এই নিয়ম কেইটাৰ ওপৰত অধিক গুৰুত্ব দিয়ক…

ব্যায়াম আৰু ডায়েটিঙত কিছু নিয়ম অনুসৰণ কৰাটো অতি প্ৰয়োজনীয় । কিছু লোকে সামাজিক মাধ্যমত শ্বেয়াৰ হোৱা ওজন হ্ৰাস কৰা পদ্ধতিৰ ভিডিঅ’ চাই আৰু সেইবোৰ অনুসৰণ কৰে । কিন্তু এইদৰে অনুসৰণ কৰা প্ৰদ্ধতিৰে ওজৰ হ্ৰাস কৰাত বেছি সংখ্যক লোকেই লাভৱান হোৱা দেখা নাযায় ।

ওজন হ্ৰাস কৰিব পৰা নাই নেকি ? এই নিয়ম কেইটাৰ ওপৰত অধিক গুৰুত্ব দিয়ক…
ওজন হ্ৰাসৰ টিপছ
Manas Borah
Manas Borah | Published: 08 Sep 2024 10:05 AM

শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ বহুতে ব্যায়াম আৰু ডায়েটিং কৰে । কিন্তু ইয়াৰ দ্বাৰা বহু লোক লাভৱান হয় যদিও বহু লোকে কিন্তু কোনো ধৰণৰ ফলাফল নাপায় । গতিকে ব্যায়াম আৰু ডায়েটিঙত কিছু নিয়ম অনুসৰণ কৰাটো অতি প্ৰয়োজনীয় । কিছু লোকে সামাজিক মাধ্যমত শ্বেয়াৰ হোৱা ওজন হ্ৰাস কৰা পদ্ধতিৰ ভিডিঅ’ চাই আৰু সেইবোৰ অনুসৰণ কৰে । কিন্তু এইদৰে অনুসৰণ কৰা প্ৰদ্ধতিৰে ওজৰ হ্ৰাস কৰাত বেছি সংখ্যক লোকেই লাভৱান হোৱা দেখা নাযায় ।

আমাৰ বহুতৰে মাজত এটা ভুল ধাৰণা আছে যে, কাৰ্ব ওজন হ্ৰাস কৰা ক্ষেত্ৰত সমস্যা সৃষ্টি কৰে । কিন্তু এটা মনত ৰাখিবলগীয়া কথা হ’ল সকলো কাৰ্ব একে নহয় । ওজন হ্ৰাস কৰিবলৈ জাংক ফুড আৰু ৰিফাইন কাৰ্বৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজন। কিন্তু গোটা শস্য, ফল-মূল আৰু শাক-পাচলিৰ পৰা পোৱা কাৰ্ব খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগিব।

ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত ব্যায়াম আৰু খাদ্যাভ্যাস দুয়োটাই অতি গুৰুত্বপূৰ্ণ । বহু লোকে ওজন হ্ৰাস কৰিবলৈ নিয়মিত ব্যায়াম কৰে কিন্তু খাদ্য়াভ্যাসৰ ওপৰত গুৰুত্ব নিদিয়ে বা নিয়ন্ত্ৰণ নকৰে । ইয়াৰ দ্বাৰা আপুনি কোনো ধৰণৰ সুফল নাপাব । ওজন হ্ৰাস কৰিবলৈ শাৰীৰিক ব্যায়াম কৰাৰ লগতে অতি গুৰুত্ব দিয়ক খাদ্যাভ্যাসত ।

বহু লোকে ওজন হ্ৰাস কৰিবলৈ কম খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলে । কম খাদ্য খোৱাৰ ফলত আপোনাৰ ওজন হ্ৰাস পাব পাৰে, কিন্তু যেতিয়া আকৌ আপুনি স্বাভাৱিক জীৱনশৈলীত ঘূৰি আহিব তেতিয়া ইয়াৰ ফলত আপোনাৰ ওজন অধিক বৃ্দ্ধি পাব পাৰে । গতিকে সদায় মানি চলিব পৰা পৰা খাদ্য বাছি লোৱাটো অতি প্ৰয়োজন । ওজন কমাবলৈ হ’লে সুষম খাদ্য গ্ৰহণ কৰিব লাগিব, নিয়মিতভাৱে ব্যায়াম কৰিব লাগিব ।