উশাহ লোৱাত কষ্ট, পেশীৰ বিষ হৈ থাকে নেকি? ই কি সমস্যাৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…
বহুতে উশাহ-নিশাহৰ সমস্যাত ভোগা দেখা যায়। কেতিয়াবা অলপ কাম কৰিলে মানুহৰ উশাহত কষ্ট হোৱা দেখা যায়। সকলো সময়ত ই সাধাৰণ নহ'ব পাৰে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

প্ৰায়ভাগ মানুহে উশাহ-নিশাহৰ সমস্যাত ভোগা দেখা যায়। কেতিয়াবা অলপ কাম কৰাৰ পাছতে উশাহত কষ্ট হয় আৰু কেতিয়াবা অলপ খোজ কঢ়াৰ পাছতে এনে সমস্যা হয়। সাধাৰণতে ব্যায়াম কৰিলে, দৌৰিলে বা বহুত বেছি খোজ কাঢ়িলে উশাহৰ কষ্ট হয়। কিন্তু আপোনাৰ যদি অলপ খোজ কঢ়াৰ সময়ত, বা সামান্য কাৰণত উশাহৰ কষ্ট হয় তেন্তে ই সাধাৰণ নহ’ব পাৰে।
এলাৰ্জি,ডিঙি ফুলা, টনচিল, হাঁপানী, ব্ৰোংকাইটিছ বা হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ বাবে উশাহৰ সমস্যা হ’ব পাৰে। কিন্তু আপুনি জানেনে, ভিটামিনৰ অভাৱতো মানুহৰ এনে হয়? বিশেষকৈ ভিটামিন ডিৰ অভাৱত এই সমস্যা বেছি হয়।
ভিটামিন ডি
ভিটামিন ডিয়ে আমাৰ হাড় শক্তিশালী কৰাত সহায় কৰে। ইয়াৰোপৰি ই আমাৰ হাওঁফাওঁ সঠিকভাৱে কাম কৰাত সহায় কৰে। যদি শৰীৰত ভিটামিন ডিৰ অভাৱ হয় তেতিয়া হাওঁফাওঁৰ কাম-কাজ দুৰ্বল হৈ পৰে। ইয়াৰ ফলত উশাহ লোৱাত অসুবিধা, সঘনাই হুমুনিয়াহ কাঢ়ি থকা, বুকুখন গধুৰ বা টান হোৱা, ভাগৰ অনুভৱ বা দুৰ্বল অনুভৱ আদি হ’ব পাৰে। যদি দীৰ্ঘসময় এই সমস্যা হৈ থাকে তেন্তে হাঁপানী আৰু ব্ৰংকাইটিছৰ দৰে অৱস্থাৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে।
ভিটামিন ডিৰ অভাৱৰ আন লক্ষণ
- দুৰ্বল মাংসপেশী
- শিশুৰ বিকাশত সমস্যা
- গাঁঠিৰ বিষ
- হাড়ৰ বিষ
- পেশীৰ বিষ
- হাত-ভৰি টিং টিং
- খোজকঢ়াৰ সময়ত সমস্যা
- যদি পূৰ্বতে হাত-ভৰি ভাঙে
- পেশীৰ কঁপনি আদি।
কেনেকৈ পূৰ কৰিব ভিটামিন ডিৰ অভাৱ
- সবাতোকৈ সাধাৰণ হ’ল ৰদ। পুৱাৰ সময় সবাতোকৈ গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। গতিকে আপুনি ১০-১৫ মিনিট ৰদত বহিব পাৰে। এনে কৰিলে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি লাভ কৰে।
- গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰ কৰা সামগ্ৰী।
- কণী
- মাছ
- মাংস
কমলা আদি।
যদি আপুনি এইসমূহ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো সমস্যাৰ পাই থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ। বেছিকৈ ভিটামিন ডিৰ অভাৱ হ’লে চিকিৎসকে ইয়াৰ পৰিপূৰক দিব। চিকিৎসকৰ পৰামৰ্শই আপোনাক সুস্থ কৰাত সহায় কৰিব।
উল্লেখ কৰা প্ৰয়োজন যে, সকলো সময়তে উশাহৰ সমস্যা ভিটামিন ডিৰ অভাৱৰ বাবে নহ’ব পাৰে। কেতিয়াবা ইয়াৰ অন্য কাৰণো থাকিব পাৰে। গতিকে দীৰ্ঘদিন ধৰি যদি এই সমস্যা হৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।
অন্য খবৰ পঢ়কঃ সঘনাই মূৰ ঘূৰাই থাকে নেকি? হ’ব পাৰে এই ৰোগৰ সংকেত, জানক