শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Vishwakarma Puja 2025 Wishes: এইদৰে সকলোকে দিয়ক ‘বিশ্ব খনিকৰ’ বিশ্বকৰ্মা পূজাৰ শুভকামনা…

Vishwakarma Puja wishes in Assamese: এইবাৰ ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা জয়ন্তী উদযাপন কৰা হৈছে। এই বিশেষ দিনটোত আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকক এই সুন্দৰ বাৰ্তাৰ জৰিয়তে শুভেচ্ছা জনাব পাৰে।

Vishwakarma Puja 2025 Wishes: এইদৰে সকলোকে দিয়ক ‘বিশ্ব খনিকৰ’ বিশ্বকৰ্মা পূজাৰ শুভকামনা…
বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা
trishna-kalita
Trishna Kalita | Updated On: 16 Sep 2025 19:10 PM

ভগৱান বিশ্বকৰ্মাক ‘বিশ্ব খনিকৰ’ বুলি কোৱা হয়। বেদ-পুৰাণত তেওঁক দেৱতাৰ অভিযন্তা বুলি কোৱা হৈছে। কোৱা হয় যে আজিলৈকে বিখ্যাত হৈ থকা ভব্য প্ৰাসাদ, ঐশ্বৰিক নগৰ আৰু দেৱতাৰ আচৰিত অট্টালিকা, এই সকলোবোৰ বিশ্বকৰ্মাৰ কল্পনা আৰু কাৰুকাৰ্যৰ ফল। ভগৱান বিশ্বকৰ্মাক কেৱল দেৱতাৰ স্থপতি নহয়, জগতৰ সৃষ্টিকৰ্তা বুলিও কোৱা হয়। তেওঁৰ কাৰুকাৰ্যৰ বাবে স্বৰ্গ, লংকা, দ্বাৰকা আদি চহৰ আজিও অমৰ নিদৰ্শন হৈয়ে আছে।

পৃথিৱীত যান্ত্ৰিক অংশ আৰু অন্যান্য নিৰ্মাণ সকলোবোৰ ভগৱান বিশ্বকৰ্মাই সৃষ্টি আৰু উৎপত্তি কৰিছে বুলি বিশ্বাস আছে। সৃষ্টিকৰ্তা হোৱাৰ বাবে তেওঁক ব্ৰহ্মৰ ৰূপ বা অৱতাৰ বুলি গণ্য কৰা হয়। বিশ্বকৰ্মাৰ বিষয়ে কোৱা হয় যে এজন মহান ঋষি হোৱাৰ লগতে তেওঁ এজন মহান শিপিনী আৰু ব্ৰহ্ম জ্ঞানীও আছিল। ইয়াৰ বাবেই তেওঁ ভাগৱদ পদবীও লাভ কৰিছিল।

এইবাৰ ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা জয়ন্তী উদযাপন কৰা হৈছে। এই বিশেষ দিনটোত আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকক এই সুন্দৰ বাৰ্তাৰ জৰিয়তে শুভেচ্ছা জনাব পাৰে।

  1. বিশ্বকৰ্মাই আপোনাৰ সকলো দুখ দূৰ কৰক, ঈশ্বৰ ধ্যান কৰি সিদ্ধি লাভ কৰক। মনৰ পৰা সন্দেহ আঁতৰাই পেলাওক। অপৰিসীম শক্তি লাভ কৰক। বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা!
  2.  দ্বাৰকা, সুদৰ্শন চক্ৰ, মহাদেৱৰ ত্ৰিশূল, স্বৰ্গৰ সৃষ্টিকৰ্তা বিশ্বকৰ্মাই আপোনাৰ সমগ্ৰ পৰিয়ালটো সুন্দৰ কৰি তোলক! বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা।
  3.  বিশ্বকৰ্মাৰ আশীৰ্বাদত আপোনাৰ সকলো সমস্যা দূৰ হওক। বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা!
  4. পৃথিৱীৰ প্ৰথম অভিযন্তা,  বিশ্ব খনিকৰৰ আশীৰ্বাদে আপোনাৰ জীৱনটো সুন্দৰ কৰি তোলক। বিশ্বকৰ্মা জয়ন্তীৰ শুভেচ্ছা থাকিল!
  5. যিয়েই বিশ্বকৰ্মাৰ নাম লয়, তেওঁ নিশ্চয়কৈ ফল পায়। আপোনালোকলৈ বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা…
  6. বিশ্বকৰ্মা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। অতুলনীয় উজ্জ্বলতা, তেওঁ জগতৰ দাতা, বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিল।
  7. ভগৱান বিশ্বকৰ্মাই আপোনাক জ্ঞান দিয়ক, সকলোৰে হৃদয় শিখাৰে জ্বলি উঠক। বিশ্বকৰ্মা জয়ন্তীৰ শুভেচ্ছা থাকিল!
  8. বিশ্বকৰ্মা সদায় আমাৰ হৃদয়ত বাস কৰে। বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা!
  9. বিশ্বকৰ্মাৰ আশীৰ্বাদত জীৱনৰ পৰা সকলো দুখ নোহোৱা হওক, বিশ্বকৰ্মা জয়ন্তীৰ শুভেচ্ছা থাকিল!
  10. কৰ্মত বিশ্বাসীসকলৰ লগত বিশ্বকৰ্মা সদায় থাকে! বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ।
  11. ভগৱান বিশ্বকৰ্মাই আপোনাক আশীৰ্বাদ কৰক, আপোনাৰ ঘৰ সুখ আৰু আনন্দৰে ভৰি পৰক, বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিল!

লগতে পঢ়ক: ১০০ বছৰৰ পিছত বিশ্বকৰ্মা পূজাত বিৰল সংযোগ! এইদৰে পূজা কৰিলে পাব শুভ ফল…