শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Durga Puja 2025: দুৰ্গা পূজাৰ দিনকেইটাত কি ৰঙৰ বিচনা চাদৰ পাৰিব? বাস্তু শাস্ত্ৰই দিয়ে এনে উপদেশ

বাস্তু শাস্ত্ৰ মতে বিচনা চাদৰৰ সঠিক ৰঙে ঘৰখনলৈ শান্তি, সমৃদ্ধি আৰু ইতিবাচক শক্তি কঢ়িয়াই আনে। আনহাতে পূজাৰ সময়ত কিছু ৰং পৰিহাৰ কৰা ভাল। গতিকে এই সময়ত বিচনাখনত কি ৰঙৰ বিচনা চাদৰ ব্যৱহাৰ কৰিব, চাওক।

Durga Puja 2025: দুৰ্গা পূজাৰ দিনকেইটাত কি ৰঙৰ বিচনা চাদৰ পাৰিব? বাস্তু শাস্ত্ৰই দিয়ে এনে উপদেশ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 28 Sep 2025 18:08 PM

আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ। দেৱী দুৰ্গাৰ আগমনৰ এই সময়ত বহু লোকে নিজৰ ঘৰখন হয়তো মনৰ পছন্দ অনুসাৰে সজাইছে। ঘৰখনৰ চাৰিকোণ চাফ-চিকুণ কৰাৰ সমান্তৰালকৈ নিজৰ কোঠাটিক হয়তো কিছু নতুন ৰূপ দিয়াৰ কথা ভাবিছে। কোঠাৰ নতুনত্বৰ লগত খাপ খুৱাকৈ এনে সময়ত ক্ৰয় কৰিব পাৰে এখন বিচনা চাদৰ। পিছে পছন্দৰ ৰঙৰ বিচনা চাদৰখন ক্ৰয় কৰিলেই নহ’ব, এই সময়ত বিচনাত ব্যৱহাৰ কৰা চাদৰখনৰ ৰঙৰো বিশেষ তাৎপৰ্য আছে।

বাস্তু শাস্ত্ৰ মতে বিচনা চাদৰৰ সঠিক ৰঙে ঘৰখনলৈ শান্তি, সমৃদ্ধি আৰু ইতিবাচক শক্তি কঢ়িয়াই আনে। আনহাতে পূজাৰ সময়ত কিছু ৰং পৰিহাৰ কৰা ভাল। গতিকে এই সময়ত বিচনাখনত কি ৰঙৰ বিচনা চাদৰ ব্যৱহাৰ কৰিব, চাওক-

বগা চাদৰঃ বগা ৰং বিশুদ্ধতাৰ প্ৰতীক। দেৱীক আমন্ত্ৰণ কৰোঁতে বগা চাদৰ অতি শুভ বুলি গণ্য কৰা হয়। ই পবিত্ৰতা, শান্তি আৰু সততাৰ প্ৰতীক। বগা চাদৰে ঘৰত দেৱীৰ কৃপা বজাই ৰাখে আৰু পৰিৱেশলৈ শান্তি আনে।

ৰঙা চাদৰঃ ৰঙা ৰং শক্তি আৰু উজ্জ্বলতাৰ প্ৰতীক। দুৰ্গা শক্তিৰ দেৱী, আৰু ৰঙা দেৱীৰ মূল প্ৰতীক। গতিকে ৰঙা চাদৰ বিচনাত পৰিলে দেৱীৰ আশীৰ্বাদ পোৱা যায়। উদ্যম, সাহস আৰু আনন্দৰ পৰিবেশৰ সৃষ্টি হয়।

হালধীয়া বা গেৰুৱা চাদৰঃ এনে ৰং আধ্যাত্মিকতা আৰু সমৃদ্ধিৰ প্ৰতীক। হালধীয়া ৰং জ্ঞান, সমৃদ্ধি আৰু ধনাত্মক শক্তিৰ প্ৰতীক। এই ৰং দেৱী সৰস্বতী আৰু লক্ষ্মীৰ আশীৰ্বাদ লাভৰ বাবে শুভ বুলি গণ্য কৰা হয়।

সেউজীয়া চাদৰঃ এই ৰং নতুন আৰম্ভণিৰ প্ৰতীক। সেউজীয়া ৰং প্ৰকৃতি আৰু প্ৰগতিৰ প্ৰতীক। পূজাৰ সময়ত সেউজীয়া ৰঙৰ বিচনা চাদৰ ব্যৱহাৰ কৰিলে ঘৰলৈ নতুন জীৱন, স্বাস্থ্য আৰু শান্তি কঢ়িয়াই আনে।

গোলপীয়া বা কমলা ৰঙৰ চাদৰঃ প্ৰেম আৰু আনন্দৰ প্ৰতীক। গোলাপী বা কমলা ৰং ইতিবাচক আৱেগ, সুখ আৰু উষ্ণতাৰ প্ৰতীক। পূজাৰ সময়ত এই ৰঙৰ চাদৰে পৰিয়ালত সম্প্ৰীতি, মৰম আৰু আনন্দ বজাই ৰাখে।

আনহাতে এই সময়ছোৱাত কিছুমান ৰঙৰ বিচনা চাদৰ ব্যৱহাৰ কৰা ঠিক নহয়। এইসমূহ হৈছে-

ক’লা ৰংঃ বাস্তু শাস্ত্ৰ মতে ক’লা ৰঙে ঋণাত্মক শক্তিক আকৰ্ষণ কৰে। পূজাৰ শুভ দিনত ক’লা চাদৰ পাৰি দিয়াটো অশুভ বুলি গণ্য কৰা হয়। মানসিক চাপ, বিভ্ৰান্তি আৰু অশান্তি কঢ়িয়াই আনে।

ধূসৰ বা গাঢ় বাদামী ৰংঃ এই ৰংবোৰক নিৰ্জীৱ আৰু অশুভ বুলি গণ্য কৰা হয়, ইতিবাচক পৰিৱেশ বিনষ্ট কৰি পৰিয়ালৰ সুখ দূৰ কৰে। গতিকে দুৰ্গা পূজাৰ সময়ত এই ৰং ব্যৱহাৰ নকৰাই ভাল।

অত্যধিক গাঢ় ৰংঃ বিচনা চাদৰৰ এই ৰঙে কোঠাৰ পৰিৱেশ গধুৰ আৰু ম্লান কৰি তোলে। তেনে অৱস্থাত মানসিক স্বাস্থ্যতো প্ৰভাৱ পৰে।