শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Chocolate Day 2025: বিশ্বৰ আটাইতকৈ দামী চকলেটৰ বিষয়ে জানেনে? দাম শুনিলে হতবাক হ’ব আপুনি!

World Most Expensive Chocolates:  বৰ্তমান সময়ত ভাৰতত বহু উৎসৱৰ সময়ত মানুহে ইজনে সিজনক চকলেট উপহাৰ দিবলৈ আৰম্ভ কৰিছে। এতিয়া মিঠাইৰ সলনি মানুহে চকলেট ল’বলৈ বেছি পচন্দ কৰা দেখা গৈছে। কিন্তু আপুনি জানেনে যে এনে কিছুমান চকলেট আছে যিবোৰ দাম বহুত বেছি..

Chocolate Day 2025: বিশ্বৰ আটাইতকৈ দামী চকলেটৰ বিষয়ে জানেনে? দাম শুনিলে হতবাক হ’ব আপুনি!
বিশ্বৰ আটাইতকৈ দামী চকলেট
Trishna Kalita
Trishna Kalita | Published: 09 Feb 2025 15:04 PM

Expensive Chocolates: ভেলেণ্টাইন সপ্তাহৰ তৃতীয় দিনটোত চকলেট ডে’ উদযাপন কৰা হয়। এই দিনটোত প্ৰেমিক-প্ৰমিকাই ইজনে সিজনক চকলেট উপহাৰ দিয়ে। মিঠা বস্তু বুলি ক’লে প্ৰথমতে আহে চকলেটৰ নাম। শিশু হওক বা প্ৰাপ্তবয়স্ক, চকলেটৰ সোৱাদ সকলোৱে ভাল পায়। কেৱল ভেলেণ্টাইন ডে’তে নহয়, বিভিন্ন উদযাপনমূলক অনুষ্ঠানত চকলেট দিয়া হয়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এটা চকলেটৰ দাম কিমান বেছি হ’ব পাৰে? পৃথিৱীত আনে কিছুমান চকলেট আছে যিবোৰৰ দামৰ বাবে শিৰোনামত থাকে। এই প্ৰতিবেদনত বিশ্বৰ আটাইতকৈ দামী চকলেটৰ বিষয়ে ক’ম।

La Madeline au Truffe চকলেট

এই চকলেটৰ নাম আটাইতকৈ দামী তালিকাত অন্তৰ্ভুক্ত। এই চকলেট Knipschildt নামৰ এটা কোম্পানীয়ে প্ৰস্তুত কৰে। অৰ্ডাৰ অনুযায়ীহে এই চকলেট তৈয়াৰ কৰা হয়। ইয়াৰ ডেলিভাৰী ১৪ দিনৰ পিছত হয়। এই চকলেট বিৰল ভেঁকুৰৰ পৰা তৈয়াৰ কৰা হয়, যাৰ দাম ৮০ৰ পৰা ৮৫ হাজাৰ।

DeLafées গোল্ড চকলেট

দামী চকলেটৰ তালিকাত এই চকলেট স্থান তিনি নম্বৰত। উল্লেখ্য যে এই চকলেটৰ লগত এটা ছুইজাৰলেণ্ডৰ সোণৰ মুদ্ৰা থাকে। এটা বাকচত ৮টা চকলেট থাকে। এই চকলেটবোৰৰ লগতে ২৪ কেৰেটৰ সোণৰ মুদ্ৰা এটা দিয়া হয়। ইয়াৰ দাম ৩৩ হাজাৰ টকা।

Debauve & Gallais Le livre চকলেট

বিশ্বৰ আটাইতকৈ দামী চকলেটৰ তালিকাত ইয়াৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। এইটো ফ্ৰেন্স চকলেট আৰু ইয়াক গ’ল্ড প্লেটেড বাকচত পেক কৰা হয়। উল্লেখ্য যে, এই বাকচৰ ভিতৰত ৩৫টা চকলেট থাকে। যিবোৰ হাতেৰে প্ৰস্তুত কৰা হয়। ৩৫টা চকলেট থকা এই বাকচটোৰ দাম ৪৬ হাজাৰ টকা। ইয়াৰ উপৰিও এই চকলেটৰ এটা সৰু বাকচো পোৱা যায়। য’ত থাকে ১২টা চকলেট। ইয়াৰ দাম ২৮ হাজাৰ।

Toak চকলেট

পৃথিৱীৰ দ্বিতীয় দামী চকলেটৰ ভিতৰত এইটো অন্যতম। ইয়াৰ দাম ২০ হাজাৰ টকা। বিশেষ কথাটো হ’ল এই চকলেটটো ৫০ গ্ৰামৰ বাৰত পোৱা। উল্লেখ্য যে, যে ইয়াৰ মাত্ৰ ৫৭৪ টা বাৰহে পৃথিৱীত আছে। ইয়াক কুঁহিয়াৰৰ ৰস আৰু ক’ক’ পাউদাৰেৰে তৈয়াৰ কৰা হয়।