শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Valentine’s Week 2025 : ভেলেণ্টাইন সপ্তাহৰ কোনটো দিন কিয়, কেনেদৰে পালন কৰা হয় ? জানক

প্ৰেম, অনুভৱ আৰু আৱেগক প্ৰতিনিধিত্ব কৰা এই বিশেষ সপ্তাহটো উদযাপনৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী। এই সপ্তাহটোক কোন দিনক কেনেদৰে পালন কৰা হয়, এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক ।

Valentine’s Week 2025 : ভেলেণ্টাইন সপ্তাহৰ কোনটো দিন কিয়, কেনেদৰে পালন কৰা হয় ? জানক
ভেলেণ্টাইন সপ্তাহ
manas-borah
Manas Borah | Updated On: 03 Feb 2025 23:28 PM

ইজনে সিজনৰ প্ৰতি থকা আন্তৰিকতা, মৰম-ভালপোৱা উদযাপন কৰিবলৈ ভেলেণ্টাইন সপ্তাহে আমাক সুন্দৰ সুযোগ প্ৰদান কৰে । ফেব্ৰুৱাৰী মাহৰ ৭ তাৰিখৰ পৰা ১৪ তাৰিখলৈকে সমগ্ৰ বিশ্বতে ভেলেণ্টাইন সপ্তাহ পালন কৰা হয় । ৰ’জ ডে’ৰ পৰা আৰম্ভ হোৱা ফেব্ৰুৱাৰী মাহৰ এই বিশেষ সপ্তাহটো ভেলেণ্টাইন ডে’ৰ সৈতে সামৰণি পৰে। ভেলেণ্টাইন সপ্তাহৰ প্ৰতিটো দিনে বিশেষ তাৎপৰ্য্য বহন কৰে । ইয়াৰ লগতে প্ৰত্যেকজন লোককে আৱেগক অনন্য ধৰণে প্ৰকাশ কৰাৰ সুযোগ প্ৰদান কৰে।

এই বিশেষ দিনটোৱে প্ৰেম আৰু আৱেগ দুয়োটাকে প্ৰতিনিধিত্ব কৰি আহিছে । প্ৰেম, অনুভৱ আৰু আৱেগক প্ৰতিনিধিত্ব কৰা এই বিশেষ সপ্তাহটো উদযাপনৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী। এই সপ্তাহটোক কোন দিনক কেনেদৰে পালন কৰা হয়, এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক ।

ৰ’জ ডে’

৭ ফেব্ৰুৱাৰীৰ দিনটোত পালন কৰা হয় ৰ’জ ডে’ । ৰ’জ ডে’ৰ পৰাই ভেলেণ্টাইন সপ্তাহৰ আৰম্ভণি হয় । আপোনজনৰ প্ৰতি থকা মৰম-ভালপোৱা প্ৰদৰ্শন কৰিবলৈ প্ৰত্যেকে এই বিশেষ দিনটোত ফুলৰ থোপা বা গোলাপ ফুল উপহাৰ দিয়ে। আপোনাজনক গোলাপ ফুল দি প্ৰত্যেকে ভালপোৱাখিনি দেখুৱায় । কাৰণ ৰঙা গোলাপে প্ৰেমক প্ৰতিনিধিত্ব কৰে, হালধীয়া গোলাপে বন্ধুত্বক প্ৰতিনিধিত্ব কৰে।

প্ৰপ’জ ডে’

৮ ফেব্ৰুৱাৰীত ৰ’জ ডে’ৰ পিছত প্ৰপ’জ ডে’ পালন কৰা হয় । এই বিশেষ দিনটোত আপোনজনৰ প্ৰতি থকা ভালপোৱা স্বীকাৰ কৰা হয় । এই দিনটোৱে ৰোমান্টিক সম্পৰ্কক আগুৱাই নিয়াৰ সুযোগ প্ৰদান কৰে ।

চকলেট ডে’

চকলেট ডে’ৰ দিনটোত চকলেট উপহাৰ হিচাপে দিয়া হয় আৰু প্ৰেমৰ বিশুদ্ধতাক সন্মান জনোৱা হয়। এই দিনটোত ইজনে সিজনক চকলেট উপহাৰ হিচাপে দিয়ে । ইয়াৰ দ্বাৰা প্ৰত্যেকে সম্পৰ্কৰ ক্ষেত্ৰত ইতিবাচক অনুভৱ কৰে আৰু নেতিবাচক অনুভৱ পাহৰি যায়।

টেডি ডে’

ভেলেণ্টাইন সপ্তাহৰ চতুৰ্থ দিনটো টেডি ডে’ হিচাপে পালন কৰা হয় । এই বিশেষ দিনটোত আপোনজনৰ মনটো ভাল লগাবলৈ টেডি বিয়েৰ উপহাৰ হিচাপে দিয়া হয় । এই দিনটোৱে এজনে সিজনক কিমান ভাল পায় সেয়া প্ৰতিফলিত কৰে ।

প্ৰমিচ ডে’

ভেলেণ্টাইন সপ্তাহৰ পঞ্চম দিনাটো প্ৰমিচ ডে’ হিচাপে পালন কৰা হয়। এই দিনটোত আজীৱন প্ৰেমৰ সম্পৰ্ক বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিয়া হয় । এই দিনটোৰ প্ৰতিশ্ৰুতিয়ে ইজনে সিজনৰ প্ৰতি থকা আন্তৰিকতা, প্ৰেম-ভালপোৱাক অধিক শক্তিশালী কৰে।

হাগ ডে’

ভেলেণ্টাইন সপ্তাহৰ ষষ্ঠ দিনটোক হাগ ডে’ হিচাপে পালন কৰা হয় । ইজনে সিজনৰ প্ৰতি থকা কিছুমান অনুভৱ শব্দৰে বুজাবলৈ অসুবিধা হয় । ভাষাৰে বুজাব নোৱাৰা অনুভৱ আৰু আপোনজনক সান্ত্বনা দিবলৈ ইজনে সিজনক এই দিনটোত আলিংগন কৰা হয় । এই কাৰ্যই মানসিক চাপ হ্ৰাস কৰে আৰু উদ্বেগ আৰু হতাশা আঁতৰ কৰে ।

কিচ ডে’

ভেলেণ্টাইন সপ্তাহৰ সপ্তম দিনটোত কিচ ডে’ পালন কৰা হয়। এই দিনটোত প্ৰেমিক প্ৰেমিকাসকলে কিচ কৰি আনুষ্ঠানিকভাৱে ইজনে সিজনৰ প্ৰতি থকা প্ৰেম-ভালপোৱাৰ কথা ঘোষণা কৰে। এই দিনটোৱে প্ৰেম আৰু প্ৰতিশ্ৰুতিক বুজায়।

ভেলেণ্টাইন ডে’

সপ্তাহৰ শেষৰ দিনটোত সমগ্ৰ বিশ্বতে ভেলেণ্টাইন ডে’ পালন কৰা হয়। ১৪ ফেব্ৰুৱাৰীৰ এই বিশেষ দিনটোত ৰোমাঞ্চ আৰু প্ৰেমৰ প্ৰতীক হিচাপে গোলাপ, চকলেট আৰু অন্যান্য উপহাৰ দিয়া হয় । সকলোৱে প্ৰেমৰ এই বিশেষ দিনটো পালন কৰে । এই উপলক্ষে প্ৰেম-ভালপোৱা আৰু আন্তৰিকাক প্ৰতিনিধিত্ব কৰাকৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় ।