পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
পুৱাৰ শীৰ্ষ খবৰ
- ‘স্পৰ্শকাতৰ’ অঞ্চলৰ খিলঞ্জীয়া লোকসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াকলৈ পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ । শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, খিলঞ্জীয়া লোকসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত বহু চিন্তা-চৰ্চাৰ অন্তত লোৱা হৈছে । কিয়নো তেওঁলোকক নিৰাপত্তা প্ৰদান কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব। সংবিধানে এই লোকসকলকো জীৱনৰ অধিকাৰ প্ৰদান কৰিছে আৰু লগতে কিছুমান নিয়ম-নীতিৰ অধীনত অস্ত্ৰ ৰখাৰ অধিকাৰো দিছে বুলি কয় মুখ্যমন্ত্ৰীয়ে।
- অসমত ক্ষিপ্ৰতাৰে চলিব বিদেশী ধৰা পেলোৱা অভিযান । ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমমন্ত্ৰীয়ে কয় যে,ৰাজ্যত বিদেশী ধৰা পেলোৱাৰ কাম ক্ষিপ্ৰতাৰে কৰা হ’ব আৰু ঘোষিত বিদেশী নাগৰিকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
- বতৰে লৈছে কালৰূপ । প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত আজি কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰা হৈছে । একেদৰে চৰকাৰী কৰ্মচাৰীসকলকো নৈমিত্তিক ছুটী মঞ্জুৰ কৰা হৈছে । এইকথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
- ৰাজ্যসভাৰ নিৰ্বাচনকলৈ শুকুৰবাৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বিজেপি আৰু অগপ । বৈঠকত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ এখনত অগপই আৰু আনখনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ১৯ জুনত অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন ।
- গুৱাহাটী মহানগৰীৰ বোন্দা চপাইদঙত ভয়ংকৰ ভূমিস্খলন হোৱাৰ খবৰ লাভ কৰা গৈছে । প্ৰাথমিত তথ্য অনুসৰি এই ভূমিস্খলনত ৩ জন লোক নিহত হোৱা বুলি খবৰ পোৱা গৈছে । নিহতসকলৰ ভিতৰত আছে এগৰাকী মহিলাৰ লগতে দুটি শিশু ।
- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি লোকসেৱা ভৱনৰ সভাকক্ষৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যৰ মন্ত্রী, সাংসদ, বিধায়ক আৰু জিলা আযুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত জিলা প্রশাসনসমূহে সমাগত বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে গ্রহণ কৰা প্ৰস্তুতিৰ বিভিন্ন দিশ সম্পর্কে মুখ্যমন্ত্রীয়ে বিতংভাৱে পর্যালোচনা কৰে।
- অসমৰ চাহ শিল্পৰ ২০০ বছৰ উদযাপন উপলক্ষে ৰূপায়ণ হ’ব ‘মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত’ নামৰ নতুন আঁচনি । ইতিমধ্যে এই সন্দৰ্ভত মন্ত্রী, সাংসদ, বিধায়ক আৰু জিলা আয়ুক্তসকলৰ লগত বিতংভাবে আলোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।এই আঁচনিৰ অধীনত ৰাজ্যৰ পঞ্জীয়নভুক্ত চাহ বাগিচাসমূহৰ স্থায়ী-অস্থায়ী শ্রমিক আৰু চাহ বাগিচাৰ কৰ্মচাৰীসকলক ৫ হাজাৰ টকাৰ এককালীন সাহায্য প্রদান কৰা হ’ব।
লগতে পঢ়ক : ইতিহাসৰ পাতত লিপিবদ্ধ ৩১ মে’ৰ দিনটোৰ ঘটনা পৰিঘটনা…
লগতে পঢ়ক : আজি শনিবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…