শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰস্ৰাৱৰ ৰং সলনি, পেটৰ বিষ! হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। যেতিয়া শৰীৰত সমস্যা হয় তেতিয়া ইয়াৰ লক্ষণ দেখা দিয়ে। বহু ক্ষেত্ৰত প্ৰস্ৰাৱত ইয়াৰ লক্ষণ দেখা যায়। প্ৰস্ৰাৱৰ ৰং সলনি, প্ৰস্ৰাৱত দুৰ্গন্ধ আদিৰ বিভিন্ন কাৰণ থাকিব পাৰে।

প্ৰস্ৰাৱৰ ৰং সলনি, পেটৰ বিষ! হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…
প্ৰস্ৰাৱৰ ৰং সলনিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 21 Aug 2025 15:54 PM

আমাৰ শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগৰে নিজা নিজা কাম থাকে। আজিকালি বিভিন্নজনৰ পাথৰ হোৱা দেখা যায়। ইয়াৰ ভিতৰত পিত্তৰ পাথৰ অন্যতম। পিত্তথলীত কণা গঠিত হোৱাৰ ফলত এই পাথৰ হয়। পিত্তথলীৰ কাম হ’ল চৰ্বি হজম কৰিবলৈ তৈয়াৰ কৰা পিত্তৰ ৰস জমা কৰা। শৰীৰত যেতিয়া কলেষ্টেৰলৰ মাত্ৰা বেছি হয়,পিত্ত ৰসৰ ভাৰাসাম্য নোহোৱা হয় বা পিত্তাশয় সম্পূৰ্ণ ৰূপে খালী নহয় তেতিয়া পাথৰ গঠন হয়। এই সমস্যা পুৰুষৰ তুলনাত মহিলাৰ অধিক হয়। বিশষকৈ গৰ্ভৱতী মহিলা বা ৪০ ৰ উৰ্ধৰসকলৰ এই সমস্যা হয়।

খাদ্যভাস, মেদবহুলতা, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, পৰিয়ালৰ ইতিহা আদিৰ ফলত এই পাথৰৰ সমস্যা হ’ব পাৰে। প্ৰাৰম্ভিক পৰ্যায়ত ইয়াৰ কোনো লক্ষণ দেখা নাযায় যদিও লাহে লাহে লক্ষণ দেখা যায়। সময়ৰ লগে লগে বিষ বৃদ্ধি হয়।

লক্ষণ

পিত্তৰ পাথৰ হ’লে শৰীৰত বিভিন্ন সমস্যা হব পাৰে। কিছুমান লক্ষণ যেনে-

  • পেটৰ ওপৰৰ সোঁ অংশত তীব্ৰ বিষ। কেতিয়াবা এই  বিষ কান্ধলৈ বিয়পি পৰে।
  • সঘনাই বমি, বা বমি বমি ভাব।
  • বদহজম।
  • গধুৰতা অনুভৱ।
  • পাথৰটোৱে পিত্তনলী বন্ধ কৰি দিলে পিত্তৰ সোঁত বন্ধ হৈ যায়, যাৰ ফলত জণ্ডিচ হয়
  • জণ্ডিচৰ ফলত চকু হালধীয়া হয়।
  • জ্বৰ হব পাৰে।

ইয়াৰোপৰি দীৰ্ঘদিন চিকিৎসা নকৰাৰ ফলত পিত্তথলীৰ প্ৰদাহ, সংক্ৰমণ বা ফাটিব পাৰে। ই বিপদজনক হ’ব পাৰে।

প্ৰস্ৰাৱৰ ৰং সলনি

আৰ এম এল হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ সুভাষ গিৰিয়ে কয় যে,পিত্তৰ পাথৰ হ’লে প্ৰস্ৰাৱৰ ৰং সলনি হ’ব পাৰে। পাথৰে পিত্তনলী বন্ধ কৰি দিয়ে, যাৰ ফলত বিলিৰুবিন বাহিৰ হ’ব নোৱাৰে। বিলিৰুবিন হৈছে হালধীয়া ৰঙৰ ৰং, যিটো পুৰণি আৰ বি চি ভাঙি গ’লে গঠন হয়।

তেনে স্থলত তেজত ইয়াৰ পৰিমাণ বাঢ়িবলৈ আৰম্ভ কৰে আৰু প্ৰস্ৰাৱলৈ গৈ পায়। যাৰ ফলত প্ৰস্ৰাৱৰ ৰং হালধীয়া বা বাদামী হ’ব পাৰে। ই জণ্ডিচৰো লক্ষণ হ’ব পাৰে। ইয়াৰ লগতে ৰোগীয়ে প্ৰস্ৰাৱত জলা পোৰা, দুৰ্গন্ধ আদি অনুভৱ কৰিব পাৰে।

ইয়াৰোপৰি চকু আৰু ছাল হালধীয়া হোৱা, বমি, পেট ফুলা আৰু ভোক কমি যোৱা আদি লক্ষণ দেখা দিব পাৰে। যেতিয়া পাথৰটো ডাঙৰ হৈ যায় তেতিয়া প্ৰস্ৰাৱৰ ৰং আৰু অধিক গাঢ় হৈ যায়। ই গুৰুতৰ হ’ব পাৰে। গতিকে এনে ক্ষেত্ৰত লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।

প্ৰতিকাৰৰ উপায়

  • সুষম খাদ্য গ্ৰহণ কৰক।
  • ব্যায়াম কৰক।
  • ওজন নিয়ন্ত্ৰণত ৰাখক।
  • পানী খাব।
  • ভোকত নাথাকিব।
  • মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰিব।

 

 

অন্য খবৰ পঢ়কঃ Watery Eyes Problem: চকুৰ পৰা বাৰে বাৰে পানী ওলাই থাকে নেকি? ই কি ৰোগৰ কাৰণ, জানক…