শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাৰে বাৰে প্ৰস্ৰাৱৰ সংক্ৰমণ কিয় হয়? ইয়াৰ প্ৰধান কাৰণ, প্ৰতিকাৰৰ উপায় জানক…

ইউটিআই অৰ্থাৎ প্ৰস্ৰাৱৰ সংক্ৰমণ (মূত্ৰাশয়ৰ নলীত সংক্ৰমণ)ৰ সমস্যা পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰত দেখা যায় যদিও মহিলাসকলে এই সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি। এতিয়াৰ বাবে প্ৰস্ৰাৱৰ সংক্ৰমণ বাৰে বাৰে কিয় হয় আৰু কি কি সাৱধানতা আছে জানো।

বাৰে বাৰে প্ৰস্ৰাৱৰ সংক্ৰমণ কিয় হয়? ইয়াৰ প্ৰধান কাৰণ, প্ৰতিকাৰৰ উপায় জানক…
প্ৰস্ৰাৱৰ সংক্ৰমণৰ কাৰণImage Credit source: freepik
trishna-kalita
Trishna Kalita | Updated On: 28 Aug 2025 08:49 AM

প্ৰস্ৰাৱৰ সংক্ৰমণ অতি সাধাৰণ সমস্যা, কিন্তু ইউটিআই অৰ্থাৎ প্ৰস্ৰাৱৰ সংক্ৰমণৰ সমস্যা পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বেছি, যদিও ইয়াৰ আঁৰৰ স্পষ্ট কাৰণ জনা নাযায়। ইউটিআইৰ সমস্যাত মূত্ৰাশয়ৰ নলীত সংক্ৰমণ বিয়পে। প্ৰস্ৰাৱ নলীত ভাইৰাছ বা কিছুমান ভেঁকুৰৰ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে। যদি ইয়াৰ লক্ষণসমূহ চাই যদি সময়মতে যত্ন লোৱা নহয়, তেন্তে এই সংক্ৰমণে শৰীৰৰ আন আন অংশ যেনে বৃক্ক, জৰায়ু আদিতো প্ৰভাৱিত কৰিব পাৰে আৰু পৰিস্থিতি গুৰুতৰ হ’ব পাৰে।

UTI সংক্ৰমণ যিকোনো বয়সতে হ’ব পাৰে, কিন্তু এই সমস্যা শিশুতকৈ প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত বেছি দেখা যায়। যদিও এই সংক্ৰমণ ৭ৰ পৰা ১৫ দিনত ভাল হয়, কিন্তু যদি সমস্যাটো বাৰে বাৰে হৈ থাকে, তেন্তে ইয়াৰ আঁৰৰ কাৰণটো জানিব লাগিব যাতে আপুনি এই সমস্যাৰ পৰা হাত সাৰিব পাৰে।

প্ৰস্ৰাৱৰ সংক্ৰমণৰ লক্ষণসমূহ কি কি?

মূত্ৰাশয়ৰ নলীত সংক্ৰমণ হ’লে প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা হোৱা, প্ৰস্ৰাৱৰ ৰং ডাৱৰীয়া হোৱা আৰু গোন্ধ ওলোৱা, সঘনাই প্ৰস্ৰাৱ কৰা বা প্ৰস্ৰাৱৰ পৰিমাণ কমি যোৱা, মহিলাৰ শ্ৰোণীত (পেটৰ তলৰ অংশ) বিষ আৰু পুৰুষৰ মলদ্বাৰত বিষ হোৱা আদি লক্ষণ দেখা যায়। আনহাতে যদি সংক্ৰমণ বাঢ়ে, তেন্তে মূত্ৰাশয়ৰ লগতে কঁকালৰ বিষ, জ্বৰ, বমি আদি সমস্যাও হ’বলৈ আৰম্ভ কৰে।

বাৰে বাৰে হোৱা প্ৰস্ৰাৱৰ সংক্ৰমণৰ কাৰণ?

বেছিভাগ মানুহৰে UTI সংক্ৰমণৰ আঁৰৰ কাৰণ হ’ল বেক্টেৰিয়া। য’ত ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সঠিক যত্ন নোলোৱা, দীৰ্ঘদিন প্ৰস্ৰাৱ নকৰা, ঋতুস্ৰাৱৰ সময়ত টেম্পন বা চেনিটেৰী পেড ব্যৱহাৰ কৰাত অসাৱধানতা আদিৰ বাবে প্ৰস্ৰাৱৰ সংক্ৰমণ হ’ব পাৰে।

ইয়াৰ উপৰিও ডায়েবেটিছ ৰোগী, গৰ্ভাৱস্থাত, অত্যধিক এন্টিবায়টিক সেৱন, পাথৰৰ সমস্যা, পানীৰ অভাৱ, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল ইত্যাদিও ইউটিআই হোৱাৰ সম্ভাৱনা বেছি। এই সকলোবোৰ কথাৰ ওপৰত গুৰুত্ব দিব লাগে।

প্ৰতিৰোধৰ উপায় কি?

প্ৰস্ৰাৱৰ সংক্ৰমণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। ঘাম শোষণ কৰিব পৰা  কাপোৰ পিন্ধক। কঁকালৰ তলৰ অংশত বেছি টান কাপোৰ পিন্ধিব নালাগে। বিশেষকৈ মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ইয়াৰ বাহিৰেও যিমান পাৰি পানী খোৱাৰ লগতে প্ৰস্ৰাৱৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি কৰা উচিত নহয়। যদি ইয়াৰ পিছতো লক্ষণ দেখা দিয়ে, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰা পৰীক্ষা কৰাব লাগে।

কি খাব আৰু কি কি বস্তুৰ পৰা আঁতৰি থাকিব?

ইউটিআই সংক্ৰমণৰ ক্ষেত্ৰত বা প্ৰতিৰোধৰ বাবে মছলাযুক্ত, ভজা আৰু এচিড গঠন কৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ উপৰিও চাহ বা কফিৰ দৰে কেফেইনযুক্ত বস্তু সেৱন নকৰাটো ভাল।

UTI সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰ’বায়’টিক খাদ্য অতি উপকাৰী, নিয়মিতভাৱে আপোনাৰ খাদ্যত দৈ অন্তৰ্ভুক্ত কৰক। ইয়াৰ উপৰিও আঁহযুক্ত বস্তু যেনে অ’টছ, বিভিন্ন প্ৰকাৰৰ শস্য, বীজ আদি খাব লাগে।

লগতে পঢ়ক: স্তনৰ আকাৰ দ্ৰুতগতিত বাঢ়িছে নেকি? হ’ব পাৰে এই ৰোগ , লক্ষণ জানক…