শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হালধিৰ এনে গুণৰ কথা হয়তো নাজানে আপুনি! পুৰুষৰ জীৱনলৈ আনিব পাৰে অনন্য উদ্যম

সুস্বাস্থ্যৰ দিশত আৰু সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত হালধি যথেষ্ট উপকাৰী বিবেচিত হোৱাৰ লগতে পুৰুষ আৰু মহিলাৰ শাৰীৰিক তথা মানসিক সুস্থতাৰ বাবেও হালধি অত্যন্ত এক ফলপ্ৰসূ ঔষধি।

হালধিৰ এনে গুণৰ কথা হয়তো নাজানে আপুনি! পুৰুষৰ জীৱনলৈ আনিব পাৰে অনন্য উদ্যম
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
Monjit Dutta
Monjit Dutta | Updated On: 21 Aug 2025 18:04 PM

আমাৰ সকলোৰে পাকঘৰত উপলব্ধ এক সামগ্ৰী হৈছে হালধি আমি সাধাৰণতে খাদ্যৰ সোৱাদ আৰু ৰং বৃদ্ধিৰ বাবে হালধি ব্যৱহাৰ কৰো। অৱশ্যে হালধিৰ ঔষধি গুণৰ কথাও আমি সকলোৱে কমবেছি পৰিমাণে জানো আয়ুৰ্বেদত হালধিক প্ৰাকৃতিক ঔষধ বুলি কোৱা হয়। সুস্বাস্থ্যৰ দিশত আৰু সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত হালধি যথেষ্ট উপকাৰী বিবেচিত হোৱাৰ লগতে পুৰুষ আৰু মহিলাৰ শাৰীৰিক তথা মানসিক সুস্থতাৰ বাবেও হালধি অত্যন্ত এক ফলপ্ৰসূ ঔষধি।

আয়ুৰ্বেদত বহুলভাৱে ব্যৱহৃত হালধিয়ে পুৰুষৰ শৰীৰ আৰু মনত বিশেষ উপকাৰ প্ৰদান কৰে। জানো আহক এই বিষয়ে

প্ৰষ্টেট কেঞ্চাৰ প্ৰতিৰোধ কৰাত সহায় কৰেঃ অধ্যয়নত দেখা গৈছে যে হালধিত থকা কাৰকুমিনে প্ৰষ্টেট কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।

শক্তি আৰু সহনশীলতা বৃদ্ধি কৰেঃ হালধিয়ে শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে আৰু ক্ৰীড়া বা কঠোৰ পৰিশ্ৰমৰ ক্ষেত্ৰত সহায় কৰিব পৰাকৈ শক্তি তথা সহনশীলতা বৃদ্ধি কৰে।

যৌন স্বাস্থ্যতো সহায়কঃ হালধিয়ে ৰক্ত সঞ্চালন উন্নত কৰে, যাৰ ফলত পুৰুষৰ যৌন স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে।

পেশী আৰু গাঁঠিৰ বিষ কমায়ঃ নিয়মিত হালধি সেৱন কৰিলে শৰীৰৰ প্ৰদাহ আৰু পেশী টানি ধৰা সমস্যা হ্ৰাস পায়।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখেঃ কাৰকুমিনে বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে।

মানসিক চাপ কমায়ঃ হালধিত থকা উপাদানসমূহে হতাশা আৰু মানসিক চাপ কমোৱাত সহায় কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰেঃ হালধিত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যি শৰীৰক ৰোগ প্ৰতিৰোধী কৰি তোলে।

চুলি আৰু ছালৰ যত্নত ফলপ্ৰসূঃ হালধিয়ে তেজ পৰিষ্কাৰ কৰে, যাৰ ফলত ব্ৰণ, খজুৱতি আৰু অন্যান্য ছালৰ সমস্যা হ্ৰাস পায়।

বিশেষ দ্ৰষ্টব্যঃ এই প্ৰতিবেদনত উল্লেখ কৰা তথ্যসমূহ স্বাস্থ্য সংক্ৰান্তীয় উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে এই ক্ষেত্ৰত TV9 Assamএ নিজা কোনো মত বহন কৰা নাই