ওজন হ্ৰাসৰ পৰা ছালৰ উজ্বলতালৈ…পুৱা হালধি পানী খোৱাৰ উপকাৰিতা কি কি জানেনে? জানক বিশেষজ্ঞৰ পৰা…
পুৱা হালধি পানী খোৱা স্বাস্থ্যৰ বাবে অতি উপকাৰী। হালধিত বহু উপকাৰী গুণ আছে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলাৰ লগতে ছালৰ স্বাস্থ্য উন্নত কৰে।

পুৱা খালী পেটত খোৱা খাদ্যই আপোনাৰ স্বাস্থ্য কেনে হ’ব তাক নিৰ্ধাৰণ কৰে। খালী পেটত যদি স্বাস্থ্যকৰ খাদ্য খায় তেন্তে দিনটো সক্ৰিয় অনুভৱ কৰিব, কিন্তু যদি আপুনি দিনটো জাংক ফুড বা অস্বাস্থ্যকৰ বস্তুৰে আৰম্ভ কৰে, তেন্তে স্বাস্থ্যজনিত সমস্যাই দেখা দিয়াৰ সম্ভাৱনা অধিক। গতিকে প্ৰশ্ন হয়,পুৱা কি খোৱা ভাল। গতিকে এই লেখাটোত এনে কিছুমান স্বাস্থ্যসন্মত খাদ্যৰ বিষয়ে উল্লেখ কৰিম যি খালী পেটত সেৱন কৰিলে শৰীৰৰ বাবে অতি উপকাৰী। এই উপকাৰী বস্তুবিধ হালধি ।
ভাৰতীয় পাকঘৰত ব্যৱহৃত সাধাৰণ কিন্তু অতি শক্তিশালী মছলা হালধি । ইয়াত থকা কাৰকুমিনক বৈজ্ঞানিকভাৱে এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী আৰু ইমিউনিটি বুষ্টাৰ বুলি গণ্য কৰা হয়। বিশেষকৈ পুৱা খালী পেটত কুহুমীয়া পানীৰ সৈতে হালধি খালে ইয়াৰ উপকাৰিতা আৰু অধিক বৃদ্ধি পায়। আয়ুৰ্বেদ আৰু বিজ্ঞান দুয়োটাই নিশ্চিত কৰিছে যে হালধিৰ পানী বহু দিশত স্বাস্থ্যৰ বাবে উপকাৰী। এই সন্দৰ্ভত দিল্লী চৰকাৰৰ আয়ুৰ্বেদ বিভাগৰ মুখ্য চিকিৎসা বিষয়া ডাঃ আৰ পি পৰাশৰে ইয়াৰ উপকাৰিতাৰ বিষয়ে জনাইছে।
- শৰীৰ ডিটক্স কৰেঃ কুহুমীয়া পানীত হালধি মিহলাই খালে ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰে। ই যকৃত পৰিষ্কাৰ কৰাত সহায় কৰে আৰু লগতে বিপাকীয় ক্ৰিয়া সক্ৰিয় কৰি ৰাখে।
- পাচনতন্ত্ৰ শক্তিশালীঃ ই পাচন এনজাইম সক্ৰিয় কৰে, যিয়ে খাদ্য সোনকালে আৰু সঠিকভাৱে হজম কৰাত সহায় কৰে। ই গেছ, কোষ্ঠকাঠিন্য, এচিডিটি আদি সমস্যাৰ পৰা উপশম দিয়ে আৰু লগতে অন্ত্ৰ পৰিষ্কাৰ কৰাত সহায় কৰে।
- ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ হালধিত থকা কাৰকুমিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ই বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। দৈনিক হালধি পানী খালে চৰ্দি আৰু কাহৰ দৰে ঋতুভিত্তিক ৰোগৰ পৰা হাত সাৰিব পাৰি।
- ওজন কমঃ ই বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে আৰু চৰ্বি কোষ জমা হোৱাত বাধা দিয়ে। গৰম পানী আৰু নেমুৰ লগত খালে পেটৰ চৰ্বি কমোৱাতো সহায় কৰিব পাৰে।
- ছালখন পৰিষ্কাৰ আৰু উজ্জ্বল কৰি তোলেঃ হালধিত থকা এন্টিঅক্সিডেন্ট গুণে শৰীৰৰ ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে, যিয়ে ছালখনক উজ্জ্বল কৰি ৰাখে। এই দাগ নোহোৱা কৰে।
- ফুলা আৰু গাঁঠিৰ বিষৰ পৰা সকাহঃ ই গাঁঠিৰ প্ৰদাহ, বাতবিষ আৰু পেশীৰ বিষৰ পৰা সকাহ দিয়ে।
- ব্লাড চুগাৰ আৰু কলেষ্টেৰল নিয়ন্ত্ৰঃ কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে হালধি নিয়মীয়াকৈ সেৱন কৰিলে তেজত চুগাৰৰ ভাৰসাম্য ৰক্ষা কৰা হয় আৰু বেয়া কলেষ্টেৰল (LDL) হ্ৰাস কৰাত সহায় কৰে।
বিজ্ঞানে কি কয়
জাৰ্নেল অৱ মেডিচিনেল ফুডৰ মতে, কাৰকুমিনে শৰীৰত প্ৰদাহ সৃষ্টি কৰা এনজাইমবোৰক বাধা দিয়ে। একে সময়তে নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থ (এন আই এইচ)ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে হালধিত এন্টিঅক্সিডেন্ট আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা গুণ আছে যিয়ে কেন্সাৰ আৰু হৃদৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে। ইয়াৰ লগতে আয়ুৰ্বেদিক গৱেষণাই হালধিক “প্ৰাকৃতিক এন্টিবায়টিক” বুলিও গণ্য কৰে যিয়ে শৰীৰক ভিতৰৰ পৰা পৰিষ্কাৰ কৰে।
কেনেকৈ খাব
আধা চামুচ হালধি গুড়ি (জৈৱিক) একাপ কুহুমীয়া পানীত মিহলাই লওক। ইয়াত নেমু ৰস বা জালুকো দিব পাৰে। অলপ সময় গৰম কৰি খাব পাৰে। অৱশ্যে যদি আপোনাৰ কোনো স্বাস্থ্যজনিত সমস্যা আছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।
অন্য খবৰ পঢ়কঃ তেজৰ কৰ্কট ৰোগ হ’লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…